
শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে?
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ পৰা কিছুমান ফ্ৰেম উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ‘নিউ পাৰ্চী অফিচিয়েল’ নামৰ ইউটিউব চেনেল এটাত ভাইৰেল ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ পালোঁ। ইয়াত ভিডিঅ’টো ২০২৫ চনৰ ১০ মাৰ্চত আপলোড কৰা হৈছিল। স্থানটো ইণ্ডোনেছিয়াৰ হিবিস্ক ফেণ্টাচি পুনছাক বুলি নিশ্চিত কৰা হৈছে, কেপচনত হেচটেগটো দিয়া হৈছে।
তাৰ পাছত আমি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ পালোঁ, য’ত ভাইৰেল ভিডিঅ’টোৰ অংশ দেখুওৱা হৈছিল। কেপচনত লিখা আছিল “পুনছাক অঞ্চলৰ হিবিস্ক ফেণ্টাচি পৰ্যটন স্থান ভাঙি পেলোৱা হৈছে”। (ইণ্ডোনেছিয়ানৰ পৰা কৰা অনুবাদ)
সন্ধানৰ সময়ত আমি চিএনএনৰ ইণ্ডোনেছিয়ান নিউজ ৱেবছাইটত ভাইৰেল দাবীৰ সৈতে জড়িত এটা প্ৰতিবেদন পালোঁ। এই প্ৰতিবেদন ২০২৫ চনৰ ১১ মাৰ্চত প্ৰকাশ পাইছিল। ইণ্ডোনেছিয়ান ভাষাত প্ৰকাশিত এই বাতৰিটোত কোৱা হৈছে যে, ইষ্ট জাভাৰ গৱৰ্ণৰ দেডি মুলিয়াডিয়ে ইণ্ডোনেছিয়াৰ বিনোদন উদ্যান হিবিস্ক ফেণ্টাচি পুনছাকক ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল।
ইণ্ডোনেছিয়ান ভাষাত প্ৰকাশিত আন এটা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ভাইৰেল ভিডিঅ’টো ইণ্ডোনেছিয়াৰ বিনোদন পাৰ্ক হিবিস্ক ফেণ্টাচি পুনছাকৰ।
ইয়াৰ উপৰিও Liputan6ৰ এক প্ৰতিবেদন অনুসৰি সেই পৰ্যটনস্থলীটো চিলিউং নদীৰ ওপৰৰ অংশৰ এক সংৰক্ষিত অঞ্চলত অৱস্থিত। ইয়াত প্ৰাকৃতিক দুৰ্যোগ,বিশেষকৈ বানপানীৰ সম্ভাৱনা সদায় থাকে। এই উদ্বেগৰ লগতে নিয়ম উলংঘাৰ বাবে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। গৱৰ্ণৰ দেডি মুলিয়াডিৰ উদ্ধৃতিৰে প্রতিবেদনত এই কথা প্রকাশ কৰা হৈছে যে কেৱল নিৰাপত্তা আৰু পৰিৱেশ সুৰক্ষাৰ বাবেসেই পদক্ষেপ লোৱা হৈছে ৷
ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশৰ গৱৰ্ণৰ দেডি মুলিয়াডিৰ নিৰ্দেশত ২০২৫ চনৰ ৬ মাৰ্চত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সেই পাৰ্কখন ভাঙি পেলোৱাৰ বুলি Beritanesia.id য়ে বাতৰি প্ৰকাশ কৰিছে।
Hibisc Fantasy Puncak ৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত ২০২৫ চনৰ ২৩ জানুৱাৰীত এটা ভিডিঅ’ পোষ্ট কৰা হৈছিল, য’ত ভাইৰেল ক্লিপটোত দেখা পোৱা একেটা সেউজীয়া অট্টালিকা দেখুওৱা হৈছে।
অৱশেষত আমাৰ তৰফৰ পৰা এই বিষয়ত উত্তৰাখণ্ডত কৰ্মৰত সাংবাদিক গৌৰৱ বাসুদেৱৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে “ভাইৰেল ভিডিঅ’টো উত্তৰাখণ্ডৰ নহয়। নতুবা শেহতীয়াকৈ এনে কোনো ঘটনা পোহৰলৈও অহা নাই।
ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে উত্তৰাখণ্ডৰ নামত ভুৱা দাবীৰ সৈতে সেই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো ইণ্ডোনেছিয়াৰ হিবিস্ক ফেণ্টাচি পুনছাকৰহে। উত্তৰাখণ্ডৰ মছজিদ ভঙা ভিডিঅ’ নহয় সেইটো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
