এমাজনৰ অৰণ্যৰ ভিতৰত হাউলাৰ বান্দৰে যন্ত্ৰৰ ওপৰত উঠি চিঞৰা ভিডিঅ’কে অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটা বান্দৰে এখন এক্সকেভেটৰৰ ওপৰত উঠি চিঞৰি আছে। বিভিন্ন ফেচবুক পোষ্টত হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইদৰে বান্দৰটোৱে প্ৰতিবাদ কৰা অথবা দুখত চিঞৰি উঠা বুলি বুজাই সেই ভিডিঅ’টো শ্বেয়াৰ কৰি থকা আমাৰ নজৰত পৰিছে। তেনেকুৱা এটা পোষ্টত লিখা হৈছে- ইচ ৰাম । ইয়াতকৈ দুখ কি থাকিব পাৰে আৰু ? ইমানৰ পিছতো নুবুজিলে গাধ নুবুলি কি বুলিম ??? গিবন অসমৰ সম্পদ । #গিবন_বচাওক

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdZTkPYRm8tlQ8GlCEHFqwMMTNIHmGw0d_qkhppumxhScIFEKacxAU_bflgal3ltuvSYdcowYUrpYHr1fTdPJy13C1yk1cl5yzOcThVfR0VZ5m_7frfwzn-3S7pMFAitneFCWUAmQ?key=Hsicf8P9C9WFYaY_ZSHPSO-p

Facebook LinkArchived Link

আন এটা পোষ্টত একেটা ভিডিঅ’কে গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি লিখিছে- মহা সংকটত গিবন অভয়াৰণ্য

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd-AGYDYJigbjv2j-zjU8Hoh5Yxge1M7C4dOhTWXxlsYzK3aSxS-zyUr2-Fb0iijmTEHoE6bSf7aut21L7gKZ2QvdaBfaaczHIAMUlL0F-rAnpy2IqW4FWQpCqYB-F_ZnmrAE04mg?key=Hsicf8P9C9WFYaY_ZSHPSO-p

Facebook LinkArchived Link

আন এটা পোষ্টত লিখা হৈছে- এইয়া গিবন অভয়াৰণ্যৰ দৃশ্য। আৰু আগবাঢ়ি নাহিব বুলি হুংকাৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeRtk6ke4zGRfYhxC79KWzY0ibBLZui4mDLkTT3rLIli5QPCU2snpwN8VNB5e9yiAa6KTsQSquE5v9nkWBu93GG_76kovrJSfzuC3Qqs5lgX3nX_tuWqXw-R8_o0OuQ_tVL1fHdzA?key=Hsicf8P9C9WFYaY_ZSHPSO-p

Facebook LinkArchived Link

এই ভিডিঅ’টো হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি বিভিন্ন ফেচবুক পোষ্ট আপোনালোকে ইয়াত, ইয়াত, ইয়াত, ইয়াত চাব পাৰিব।

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই বিশেষ ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পাছত আমি কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন লিংক লাভ কৰিলোঁ। সামাজিক মাধ্যমত ভিডিঅ’টো আপলোড কৰা একাধিক লিংকত সেই ভিডিঅ’টো আমি পালোঁ। Por el Planeta নামৰ এটা প্ৰকৃতিপ্ৰেমী ফেচবুক পেজত আমি যোৱা ৯ ডিচেম্বৰত এই ভিডিঅ’টো আপলোড কৰা ৰূপত পালোঁ। পেজটোৱে স্পেনিছ ভাষাত নিজৰ পৰিচয় এইদৰে দিছে- Esta página es desde el 2013 un punto de encuentro para todos quienes compartimos el amor por la Madre Tierra y queremos protegerla.( ২০১৩ চনৰ পৰা এই পেজটো পৃথিৱী মাতৃৰ প্ৰতি থকা প্ৰেমৰ অংশীদাৰ আৰু ৰক্ষা কৰিব বিচৰা আমাৰ সকলোৰে এক মিলন বিন্দু হৈ আহিছে।) স্পেনিছ ভাষাত ভিডিঅ’টোৰ কেপছন লিখা হৈছে- Que de la vuelta al Mundo(এয়া সমগ্ৰ বিশ্বতে ঘটিছে)

 

ইয়াৰ পাছত আমি  Misty Family Vlogs নামৰ ইউটিউৱ চেনেলটোত এটা ভিডিঅ’ পালোঁ, যিটো ভিডিঅ’ত ভাইৰেল হোৱা এই দৃশ্যাংশ আমি দেখিবলৈ পালোঁ। Big papa defending home!! #wow #brave #oldest #howler #monkey #fighting #human #destroying #jungle নামৰ ভিডিঅ’টোৰ ওপৰত ইংৰাজীত লিখা কথাখিনিৰ পৰা আমি জানিব পাৰিলোঁ যে নিজৰ বসতিভূমি ধ্বংস কৰা দেখি এটা কলম্বিয়ান ৰেড হউলাৰ বান্দৰে নিজৰ পৰিয়ালৰটোক সুৰক্ষা দিবলৈ নিমিষতে গছৰ পৰা নামি আহি এক্সেভেটৰখনৰ ওপৰত উঠি চিঞৰিবলৈ ধৰে। তাকে দেখি চালকজন থমকি ৰ’বলৈ বাধ্য হয়। 

 

আমি একেটা ভিডিঅ’ ইনষ্টাগ্ৰামতো পালোঁ । ভিডিঅ’টোৰ ওপৰত পৰ্টুগীজ ভাষাত লিখা হৈছে- o grito du guariba ecola pela amazonia: contra as machuinas, pela vida, pela floresta (হাউলাৰ বান্দৰটোৰ চিঞৰটো আমাজনৰ মাজেৰে প্ৰতিধ্বনিত হৈছে: যন্ত্ৰৰ বিৰুদ্ধে, আজীৱন, অৰণ্যৰ বাবে)

আমাৰ সন্ধান আগুৱাই নি আমি যোৱা ২৯ নৱেম্বৰত GO GREEN নামৰ এটা এক্স হেণ্ডেলে ৰিটুইট কৰা ২৭ নৱেম্বৰৰ টুইট এটা পালোঁ। তাত আমি এই ভিডিঅ’ লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcDcceaOqTShvwYeFLU0nGL4K_gfzuIdFQrGddEOp7HGQJzUC2at9Lq1uT9pYwhJte8gXbPl2ChWIowu_undMvFPjh9ezOdFR6KII_I52l7UzmTrEJ40AtlCxNi9vU1OX3TF43hMA?key=Hsicf8P9C9WFYaY_ZSHPSO-p

পৰ্টুগীজ ভাষাত দিয়া মূল টুইটটো তলত চাব পাৰিব। টুইটটোত লিখা কথাখিনিৰ অসমীয়া ভাবানুবাদ হৈছে- হাউলাৰ বান্দৰৰ চিঞৰ: আমাজনৰ সিপাৰে সহায়ৰ বাবে চিঞৰ । আমাজনৰ আঘাতপ্ৰাপ্ত হৃদয়ত এই শব্দই পূৰ্বপুৰুষৰ শক্তিৰে অৰণ্যৰ নিস্তব্ধতাক কাটি প্ৰতিধ্বনিত কৰিছে। ই হ’ল হাউলাৰ বান্দৰ, ঘন অৰণ্যৰ হাউলাৰ বান্দৰ, আমাজনৰ ধ্বংসৰ প্ৰতীক মেচিনৰ ওপৰত উঠি মাত মাতিছে।

 এই সমষ্ট তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে ভিডিঅ’টো এমাজনৰ অৰণ্যৰ ভিতৰৰ। অৰণ্যখনৰ গছ কাটি থকা এক যন্ত্ৰৰ ওপৰত উঠি এটা হাউলাৰ বান্দৰে এইদৰে চিঞৰিছিল। এই ভিডিঅ’টোৰ অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সৈতে কোনো সম্পৰ্ক নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’টো এমাজনৰ অৰণ্যৰ ভিতৰৰ। অৰণ্যখনৰ গছ কাটি থকা এক যন্ত্ৰৰ ওপৰত উঠি এটা হাউলাৰ বান্দৰে এইদৰে চিঞৰিছিল। এই ভিডিঅ’টোৰ অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সৈতে কোনো সম্পৰ্ক নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এমাজনৰ অৰণ্যৰ ভিতৰত হাউলাৰ বান্দৰে যন্ত্ৰৰ ওপৰত উঠি চিঞৰা ভিডিঅ’কে অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *