
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য বিহাৰৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন হাস্পতালৰ বিচনাত এটি সদ্যোজাত কণমানি কন্যা। কন্যাজনীৰ চুলিকেইডাল অস্বাভাৱিকভাৱে দীঘল। ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে বিহাৰত এইদৰে ৫ফুট দীঘল চুলিৰে সৈতে এজনী কণমানি কন্যাৰ জন্ম হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি কিছুমান বিসংগতি ধৰা পেলালোঁ। আমি মন কৰিলোঁ যে ভিডিঅ’টোত দেখা কন্যাগৰাকীৰ চুলিকেইডাল সাধাৰণ স্বাভাৱিক চুলিতকৈ পৃথক। তদুপৰি, তাত দেখা মহিলাগৰাকীৰ মুখাৱয়বো সাধাৰণ নাৰীৰ দৰে নহয়। লগতে ব্যৱহাৰ হৈ থকা চেলাইনটো, কাষত থকা ফুলকেইপাহ আৰু কাপোৰখনো অস্বাভাৱিক।

প্ৰাথমিকভাৱে এই ভিডিঅ’টো এআই জেনেৰেটেড বা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি সন্দেহ হ’ল। ইতিপূৰ্বেও আমি এইধৰণ ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছোঁ।
আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই একেটা ভিডিঅ’ অন্য একাধিক সামাজিক মাধ্যমত আপলোড হোৱা দেখিলোঁ। তাত আমি এটা ৱ্টাৰমাৰ্ক দেখিলোঁ। লিখা আছিল ZOHYRCHERIF বুলি।

সেই ৱাটাৰমাৰ্কৰ পম খেদি আমি অনুসন্ধান আগুৱাই নিয়াত নিৰ্দিষ্ট সেই ইনষ্টাগ্ৰাম হেণ্ডেলটো পালোঁ আৰু তাতেই আমি এই ভিডিঅ’টো আপলোড হৈ থকা দেখা পালোঁ। সেই ভিডিঅ’টোৰ উপৰিও অন্য ধৰণৰ অস্বাভাৱিক কিছুমান ভিডিঅ’ও আমি সেই হেণ্ডেলটোত দেখিলোঁ। উদাহৰণ স্বৰূপে দুটাকৈ একেধৰণৰ মুৰ থকা কইনা, দুটাকৈ একেধৰণৰ মুৰ থকা যুৱক, কঁপালত চকু থকা কণমানি শিশু, দাড়ি গজা বয়সস্থ মহিলা ইত্যাদি

সেই ইনষ্টাগ্ৰাম হেণ্ডেলটোত আমি ব্যৱহাৰকাৰীগৰাকীৰ নাম Rachid EL Maslouhi Cherif বুলি লিখা দেখিলোঁ।

সেই নামটোৰে সন্ধান আগবঢ়াই নিওতে আমি ব্যক্তিগৰাকীৰ ফেচবুক একাউণ্টটো লাভ কৰিলোঁ। আমি দেখিলোঁ যে ZOHYRCHERIF নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত থকা এই অস্বাভিৱক ভিডিঅ’বোৰৰ আৰৱী ভাষাৰ বৰ্ণনা দি থকা ব্যক্তগৰাকীয়েই সেইগৰাকী ব্যক্তি।

তেওঁৰ ফেচবুক একাউণ্টটোতেই আমি তেওঁৰ Rachid Cherif নামৰ ফেচবুক পেজটো সংযোগ হৈ থকা দেখিলোঁ। তেওঁ নিজকে কমেডিয়ান বুলি পৰিচয় দিয়াৰ লগতে বায়’ত আৰৱী ভাষাত লিখা আছিল এইদৰে- صفحة ترفيهية كوميدية। ইয়াৰ অসমীয়া অৰ্থ হৈছে- এটা কমেডী মনোৰঞ্জনৰ পেজ।

ফেচবুক পেজটোতেই আমি সত্যতা নিৰূপণ কৰি থকা এই ভিডিঅ’টো পালোঁ। লগতে তেওঁৰ ZOHYRCHERIF নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত থকা আন আন ভিডিঅ’বোৰো ইয়াত আমি দেখা পালোঁ।

এইখিনিতেই আমি নিশ্চিত হওঁ যে এই ভিডিঅ’টো কোনোপধ্যেই বিহাৰৰ হ’ব নোৱাৰে। কাৰণ যি দুটা সামাজিক মাধ্যমত এই ভিডিঅ’টো লাভ কৰিলোঁ, সেই দুটাৰ ব্যৱহাৰকাৰীগৰাকী বিহাৰৰ তো নহয়েই, ভাৰতীয়য়ে নহয়। আমি তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ। যিহেতু তেওঁ পোষ্টসমূহৰ কেপছন আদি আৰৱী ভাষাতেই দিছিল তথা তেওঁৰ বৰ্ণনাসমূহো আৰৱীতেই আছিল আমি অনুবাদ টুলৰ সহায় লৈ আৰৱী ভাষাতেই তেওঁলৈ মেছেজ কৰি সেই ভিডিঅ’ আৰু তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ। মেছেজৰ উত্তৰত তেওঁ আমাক জানিবলৈ দিয়ে যে তেওঁ মৰক্কোৰ এগৰাকী ডি়জি়টেল ক্ৰিয়েটৰ তথা কমেডীয়ান। তেওঁ হাস্যৰস সৃষ্টিৰ বাবে এইধৰণৰ এআই(AI) ভিডিঅ’সমূহ সৃষ্টি কৰে আৰু আপলোড কৰে।
ইয়াৰ লগে লগেই আমি এই সিদ্ধান্তত উপনীত হওঁ যে যিটো ভিডিঅ’ বিহাৰত ৫ফুট দীঘল চুলিৰে এটি কণমানি কন্যাশিশুৰ জন্ম হোৱা বুলি দাবী কৰি আপলোড কৰা হৈছে, সেইটো আচলতে মৰক্কোৰ এগৰাকী কমেডিয়ানে এআই(AI)ৰ জৰিয়তে সৃষ্টি কৰা ভিডিঅ’।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ বিহাৰত ৫ফুট দীঘল চুলিৰে এটি কণমানি কন্যাশিশুৰ জন্ম হোৱা বুলি দাবী কৰি আপলোড কৰা হৈছে, সেইটো আচলতে মৰক্কোৰ এগৰাকী কমেডিয়ানে এআই(AI)ৰ জৰিয়তে সৃষ্টি কৰা ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:AI Generated ভিডিঅ’ৰে বিহাৰত ৫ফুট দীঘল চুলিৰে সৈতে কন্যাশিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


