
শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো পাকিস্তানৰ ভিডিঅ’। ব্যৱহাৰকাৰীজনে কৈছে যে পাকিস্তানৰ সিন্ধু নদীৰ পানী শুকাই যোৱাৰ কাৰণে ভিডিঅ’টোত দেখা বৃহদাকাৰ ঘৰিয়ালটো উদ্ধাৰ কৰা হৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন ট্ৰাকৰ ওপৰত এটা প্ৰকাণ্ড ঘৰিয়াল বান্ধি থোৱা আছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো একাধিক সামাজিক মাধ্যমত আপলোড হৈ থকা দেখিলোঁ। ইনষ্টাগ্ৰামত chrisandjasmin নামৰ হেণ্ডেলটোত সেই ভিডিঅ’টো পালোঁ।

আমি সেই ইনষ্টাগ্ৰাম হেণ্ডেলটো পৰীক্ষা কৰি দেখিলোঁ যে সেইটো কৃত্ৰিম বুদ্ধিমত্তাৰে আমোদজনক ভিডিঅ’ সৃ্ষ্টি কৰা এক দম্পতীৰ হেণ্ডেল। ক্ৰিছ আৰু জেছমিন নামৰ এক দম্পতীয়ে সেই ভিডিঅ’সমুহ সৃষ্টি কৰা বুলি জানিব পাৰিলোঁ। হেণ্ডেলটোত আমি লাভ কৰা লিংকত তেওঁলোকৰ ফেচবুক পেজ, থ্ৰেড হেণ্ডেল আৰু ৱেবছাইটটোৰ সন্ধান লাভ কৰিলোঁ।

আমি ‘ক্ৰিছ এণ্ড জেছমিন’ৰ থ্ৰেড হেণ্ডেলটোতো সেই ভিডিঅ’টো লাভ কৰিলোঁ।

এইবাৰ আমি তেওঁলোকৰ ফেচবুক পেজটো পৰীক্ষা কৰিলোঁ। তাত তেওঁলোকে সবিস্তাৰে উল্লেখ কৰিছে যে তেওঁলোক AI Creator অৰ্থাত তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন ফটো ভিডিঅ’ সৃষ্টি কৰে। তাত আমি তেওঁলোকৰ ই-মেইল আইডিটোও লাভ কৰিলোঁ।

সেই পেজটোত আমি তেওঁলোকে সৃষ্টি কৰা অনেক ভিডিঅ’ চাবলৈ পালোঁ। তাৰ মাজতে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোও আছিল।

এইবাৰ আমি তেওঁলোকৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাতো আমি জানিব পাৰিলোঁ যে তেওঁলোকে নিজৰ শোৱনিকোঠাৰ পৰাই এইদৰে তেওঁলোকৰ সৃষ্টিশীৰ যাত্ৰা আৰম্ভ কৰি আজি এটা পৰ্যায় লাভ কৰিলে।

তেওঁলোকৰ ৱেবছাইটত আমি জানিব পাৰিলোঁ যে তেওঁলোকৰ এই সৃষ্টিশীল যাত্ৰা সন্দৰ্ভত এক সাক্ষাৎকাৰ এনবিচি নিউজত চাব পৰা যাব।

আমি সেই মৰ্মে তেওঁলোকৰ সেই সাক্ষাৎকাৰটো চালোঁ। তেতিয়া তাৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে মানুহক সুখ দিয়াৰ বাবে আৰু এক প্ৰশান্তি প্ৰদান কৰাৰ বাবে এইদৰে বিভিন্ন আমোদজনক এআই ভিডিঅ’ প্ৰস্তুত কৰে আৰু সেইবোৰ ভাইৰেল হৈ পৰে। তেওঁলোকৰ মতে এয়া হানিকৰাক নহয়। কাৰোবাৰ জীৱনত তেওঁলোকৰ সৃষ্টিয়ে ক্ষণিকৰ সুখ বা প্ৰশান্তি প্ৰদান কৰিলে তেওঁলোক আনন্দিত হয়।

ইয়াৰ পাছত আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ যতন কৰিলোঁ। শেহত তেওঁলোকৰ ই-মেইলত যোগাযোগ কৰাত আমাৰ জিজ্ঞাসাৰ উত্তৰত তেওঁলোকে একেখিনি কথাকে আমাক জনায়। তেওঁলোকে চ্ছাটজিপিটিকে(ChatGPT) ধৰি অন্য এআই টুল ব্যৱহাৰ কৰি তেওঁলোকে সেই ভিডিঅ’সমূহ প্ৰস্তুত কৰে। তদুপৰি আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো তেওঁলোকে বহু পূৰ্বেই প্ৰস্তুত কৰিছিল। বৰ্তমান তেওঁলোকে তাতকৈয়ো উন্নত ভিডিঅ’ আৰু ফটো প্ৰস্তুত কৰি আছে।
ইয়াৰ পৰাই নিশ্চিত হয় যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীজনে যিটো ভিডিঅ’টো পাকিস্তানৰ সিন্ধু নদী শুকাই যোৱাৰ ফলত উদ্ধাৰ হোৱা ঘৰিয়ালৰ বুলি দাবী কৰিছে, সেইটো আচলতে ক্ৰিছ আৰু জেছমিন নামৰ এক AI Creator দম্পতীয়ে সৃষ্টি কৰা এটা ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’টো পাকিস্তানৰ সিন্ধু নদী শুকাই যোৱাৰ ফলত উদ্ধাৰ হোৱা ঘৰিয়ালৰ বুলি দাবী কৰিছে, সেইটো আচলতে ক্ৰিছ আৰু জেছমিন নামৰ এক AI Creator দম্পতীয়ে সৃষ্টি কৰা এটা ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:AI Generated ভিডিঅ’ৰে পাকিস্তানৰ সিন্দু নদীত বৃহদাকাৰ ঘৰিয়াল উদ্ধাৰ বুলি দাবী ।
Fact Check By: Pranjal SharmaResult: False


