
শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে শেহতীয়াকৈ সম্পন্ন হৈ যোৱা প্ৰয়াগৰাজৰ মহাকুম্ভত এক দম্পতীয়ে স্নানৰ সময়তেই চুম্বনত লিপ্ত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে পানীৰ মাজত সেই দম্পতীয়ে আলিংগনাবদ্ধ হৈ আছিল আৰু অন্য লোকে তেওঁলোকক পানীৰ মাজৰ পৰা টানি লৈ আহিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পৰা কিছুমান কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত ভাইৰেল ভিডিঅ’টোৰ খবৰটো আমি দৈনিক জাগৰণৰ ৱেবছাইটত পালোঁ। এই খবৰটো যোৱা ২৩ জুন ২০২২ তাৰিখে প্ৰকাশ কৰা হৈছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয়। প্ৰকাশিত বাতৰি অনুসৰি এই ভিডিঅ’টো অযোধ্যাৰ সৰযুৰ পাৰত সংঘটিত হোৱা ঘটনাৰ। সেই দম্পতীয়ে তালৈ গা ধুবলৈ আহিছিল আৰু সকলোৰে সন্মুখত ইজনে সিজনক চুমা খাবলৈ ধৰিছিল। এই ঘটনাৰ পীছতে উপস্থিত ৰাইজে খং কৰি দম্পতীটোক মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল।
লাভ কৰা তথ্য আৰু অধিক অনুসন্ধানৰ সহায়ত আমি নিউজটকৰ ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ খবৰ পালোঁ। ২০২২ চনৰ ২৩ জুনত প্ৰকাশিত সেই বাতৰিটোত দিয়া তথ্য অনুসৰি, “অযোধ্যাৰ ৰাম কি পেইৰীত স্বামীয়ে গা ধুবলৈ গৈ পত্নীক চুমা খাইছিল। স্বামী-স্ত্ৰীৰ মাজৰ চুমাটো মানুহে ভাল নাপালে। ইয়াৰ পাছত মানুহে অশ্লীলতাৰ অভিযোগ উত্থাপন কৰি স্বামীক মাৰপিট কৰে। সম্পূৰ্ণ খবৰ তলত চাওক।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। দম্পতীয়ে চুমা খোৱাৰ ভাইৰেল ভিডিঅ’টোৰ মহা কুম্ভৰ লগত কোনো সম্পৰ্ক নাই। এই ভিডিঅ’টো ২০২২ চনৰ অযোধ্যাৰ ৰাম কি পেইৰীৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:স্নানৰত অৱস্থাত চুম্বনৰত দম্পতীৰ ভিডিঅ’টো মহাকুম্ভ মেলাৰ সময়ৰ নহয়। সেইটো অযোধ্যাৰ এটা পুৰণি ভিডিঅ’হে।
Fact Check By: Pranjal SharmaResult: False
