৭৬ বছৰীয়া বৃদ্ধই ১২ বছৰীয়া নাবালিকাক বিয়া পতা ভিডিঅ’টো বাস্তৱ নহয়, চিত্ৰনাট্যযুক্ত অৰ্থাৎ স্ক্ৰিপ্টেড। 

False Social

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী বৃদ্ধ ব্যক্তিৰ সৈতে এগৰাকী নাবালিকাৰ বিবাহৰ বিষয়ে কোৱা হৈছে। ভিডিঅ’টো মৰ্মে তেওঁলোক ইছলামধৰ্মী লোক বুলি জানিব পৰা যায়। দাবী কৰা হৈছে যে এগৰাকী ৭৬বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া নাবালিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ। তাৰে এটা পোষ্টত লিখা হৈছে- ৭৬ বছৰীয়া বৃদ্ধই বিয়া পাতিলে নিজৰ নাতিনীৰ বয়সৰ ১২ বছৰীয়া নাবালিকা।এনেকুৱা বিয়া আপুনি গ্ৰহণযোগ্য বুলি ভাৱেনে ? 

আন এটা পোষ্টত লিখিছে- ৭৬ বছৰীয়া বৃদ্ধই বিয়া পাতিলে ১২ বছৰীয়া নাবালিকা

https://lh7-rt.googleusercontent.com/docsz/AD_4nXckw9RPFdiifg5pPdMkkFhObiWcFVXiuS9A2fLO9Wo4nA0baQ_gKjcKMlZBKjSjN5MbhEOtH4v5el4wHdzoV6_NTm9D0fJomXJSMpMTA5IAIL2D9VYF50lSAIECqzRqAWKlvpAhHA?key=_khKpOkSUkrtYlPgCA4bwnt7

Facebook LinkArchived Link

Facebook LinkArchived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ বিষয়ে জানিবলৈ ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি ‘এম বি টিভি’(MB TV) নামৰ এটা ইউটিউব চেনেলত ভাইৰেল হোৱা ভিডিঅ’টো পালোঁ। ইয়াত ভিডিঅ’টো দুমাহ আগতে আপলোড কৰা হৈছিল।

অনুসন্ধানত আমি চেনেলটোৰ about ছেকচনত পালোঁ যে এইটো এটা মনোৰঞ্জনধৰ্মী চেনেল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfPeDLkI2-LgYvn07foo3tZMn-ctFqlbA4rqkp0OebQvAIp0PBsJ764V_TE9w21fHsNmfWWCHFsKKAsIkVSFI33Z7D-tFhmCqnTNzIBlYjVSZRdvDODtL4kq4MBgmySCG44Mx6loQ?key=_khKpOkSUkrtYlPgCA4bwnt7

ভাইৰেল ভিডিঅ’টোৰ দৰেই আন কিছুমান ভিডিঅ’ও এই চেনেলটোত উপলব্ধ হৈ আছে। তাৰে কিছুমান ইয়াত চাব পাৰিব। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা লোকসকল অন্যান্য ভিডিঅ’তো আছে। অৰ্থাৎ এই ভিডিঅ’টো বাস্তৱ নহয়, চিত্ৰনাট্যযুক্ত অৰ্থাৎ স্ক্ৰিপ্টেডহে।

ইয়াৰ উপৰিও আমি ‘এম বি টিভি’ত আপলোড কৰা আন এখন চুটি ছবিত ভাইৰেল ভিডিঅ’টোত দেখা ছোৱালীজনীক দেখিবলৈ পালোঁ।

আমি ভিডিঅ’টোত দেখা ছোৱালীজনীৰ ফটো আৰু এম বি টিভিত আপলোড কৰা অন্যান্য ভিডিঅ’বোৰ বিশ্লেষণ কৰিলোঁ। য’ত স্পষ্টকৈ দেখা যায় যে ছোৱালীজনীক আন ভিডিঅ’ত আন লোকৰ সৈতে অন্য ভূমিকাত দেখা গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXclHIk3SdsWB0eHqm3K01re8aNu2pljoNt-EH8sr0XOfLfcPQWyzEvZgGLg-n6yLdNEt57u-Q-LPdaoCPfuUT05vsr_JiSBRey7tYkZ9tYruDSHHAGMbGGV-8Fr2IOzyyhrwapY2g?key=_khKpOkSUkrtYlPgCA4bwnt7

ইয়াৰ পৰৱৰ্তী সময়ত আমি ‘Mkd Cd TV’ নামৰ আন এটা ইউটিউব চেনেলতো ভাইৰেল ভিডিঅ’টোত দেখা দম্পতীৰ এটা ভিডিঅ’টো পালোঁ। তাৰ পৰা এইটো স্পষ্ট হৈ পৰে যে তাত দেখুওৱা অভিনেত্ৰীগৰাকীয়ে এই চেনেলৰ আন কিছুমান ভিডিঅ’তো অভিনয় কৰিছে। তলৰ ভিডিঅ’টো চাওক।

এইসমুহ প্ৰমাণৰ পৰা এই সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে এজন বৃদ্ধই নাবালিকাক বিয়া কৰোৱা বুলি দাবী কৰা ভাইৰেল ভিডিঅ’টো চিত্ৰনাট্যযুক্তহে, বাস্তৱৰ সৈতে সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল হোৱা ভিডিঅ’টো বাস্তৱ নহয়। ই চিত্ৰনাট্যযুক্ত এক মনোৰঞ্জনমূলক ভিডিঅ’হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:৭৬ বছৰীয়া বৃদ্ধই ১২ বছৰীয়া নাবালিকাক বিয়া পতা ভিডিঅ’টো বাস্তৱ নহয়, চিত্ৰনাট্যযুক্ত অৰ্থাৎ স্ক্ৰিপ্টেড।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *