
শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো বিয়পি পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱে বিভিন্ন ব্যৱহাৰকাৰীলৈ সেই ফটোখন প্ৰেৰণ কৰি দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৩৫গৰাকী অবিবাহিতা যুৱতী একেলগেই গৰ্ভৱতী হৈছে আৰু তাকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই একেখন ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰিছি লিখিছিল যে উত্তৰ প্ৰদেশৰ বাৰানসীত এইদৰে এখন গাঁৱৰ ৩৫জনী অবিবাহিতা ছোৱালী গৰ্ভৱতী হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি মন কৰিলোঁ যে ফটোখন প্ৰতীকাত্মক বুলি লিখি তাৰ তলত Source: ABP LIVE AI বুলি লিখা আছে। তাৰে আঁত ধৰি প্ৰাংসগিক শব্দৰে কী-ৱৰ্ড ছাৰ্চ কৰোতে আমি ABP Newsৰ ৱেবছাইটত यूपी के इस गांव में 35 से ज्यादा कुंवारी लड़कियां हो गईं प्रेग्नेंट! परिजनों के उड़े होश শীৰ্ষক বাতৰিটো পালোঁ। সেই বাতৰিটো অনুসৰি বাৰনসীৰ ৰামনা নামৰ গাঁওখনত চৰকাৰী এক আঁচনিৰ অধিনত ঘৰে ঘৰে গৈ আধাৰ কাৰ্ড আৰু প্ৰপত্ৰ সংগ্ৰহ কৰা হৈছিল। সেই কাৰ্যতেই ভুলবসতঃ আধাৰ কাৰ্ড আৰু প্ৰ-পত্ৰৰ খেলিমেলিৰ কাৰণে প্ৰায় ৩৫গৰাকী অবিবাহিতা যুৱতীৰ মোবাইললৈ তেওঁলোক গৰ্ভৱতী বুলি এটা মেছেজ গুছি গৈছিল। সেইবাবেই এই পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই কাণ্ডৰ এক তদন্ত ঘোষণা কৰা হয়।
আমাৰ অনুসন্ধান আগুৱাই নিওতে আমি India Todayৰ ৱেবছাইটতো একেই বাতৰি লাভ কৰিলোঁ। 40 unmarried girls in Varanasi registered as ‘pregnant’ in government records শীৰ্ষক বাতৰিটোত অনুৰূপ তথ্য প্ৰকাশ কৰা হৈছে।
তথ্য অন্তৰ্ভুক্তিৰ দায়িত্বত থকা বিএলও তথা অংগনবাড়ী কৰ্মীৰ ভুলৰ বাবে এইদৰে অবিবাহিতা ছোৱালীবোৰলৈ গৰ্ভৱতী মহিলা বুলি মেছেজ গৈছিল বুলি উল্লেখ কৰি বাতৰি প্ৰকাশ কৰা আন এক বাতৰি আমি লাভ কৰিলোঁ । জনসত্তা নামৰ হিন্দী সংবাদ প্ৰতিস্থানটোৰ সেই বাতৰিতো একেখিনি তথ্য লিখা হৈছে।
তদুপৰি NEWS24ৰ বাতৰিটো উল্লেখ কৰা হৈছে যে বিভাগীয় গাফিলতিৰ বাবে এই কাণ্ড সংঘটিত হৈছিল।
আনহাতে দৈনিক ভাস্কৰৰ বাতৰিত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী সময়ত সেই সকলো ভুল তথ্য নিৰ্দিষ্ট স্থানৰ পৰা মছি দিয়া হৈছে।
এই সমষ্ট তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ হোৱাটছএপত বিয়পি পৰা বাৰ্তাটো সত্য নহয়। উত্তৰ প্ৰদেশৰ বাৰানসীৰ এখন গাঁৱত চৰকাৰী আঁচনিৰ বাবে আধাৰ কাৰ্ড আৰু প্ৰ-পত্ৰ সংগ্ৰহ কৰা বিএলও তথা অংগনবাড়ী কৰ্মীৰ ভুলৰ বাবে এইদৰে অবিবাহিতা যুৱতীসকললৈ গৰ্ভৱতী হোৱা বুলি মেছেজ গৈছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। উত্তৰ প্ৰদেশৰ বাৰানসীৰ এখন গাঁৱত চৰকাৰী আঁচনিৰ বাবে আধাৰ কাৰ্ড আৰু প্ৰ-পত্ৰ সংগ্ৰহ কৰা বিএলও তথা অংগনবাড়ী কৰ্মীৰ ভুলৰ বাবে এইদৰে অবিবাহিতা যুৱতীসকললৈ গৰ্ভৱতী হোৱা বুলি মেছেজ গৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।
Fact Check By: Pranjal SharmaResult: False
