
যোৱা ২০ ফেব্ৰুৱাৰীত ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই তৰোৱাল চালনা প্ৰদৰ্শন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নাৰী শক্তিৰ এক নিদৰ্শন ❤️🙏 দিল্লীৰ বিজেপিৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী মাননীয়া ৰেখা গুপ্তা ডাঙৰীয়ানীৰ এক অনন্য ৰূপ”
একেধৰণৰ পোষ্ট আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ভাইৰেল ভিডিঅ’টোৰ মূল ভিডিঅ’টো অভিনেত্ৰী পায়ল য়াধৱৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন লিখা হৈছিল মাৰাঠী ভাষাত। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি পায়ল য়াধৱে ছত্ৰপতি শিৱাজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছিল এই ভিডিঅ’টোৰ জৰিয়তে।
আমি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ৱেবছাইটো পালোঁ য’ত স্পষ্টভাৱে বুজিব পাৰি যে ভাইৰেল ভিডিঅ’টোৰ মহিলাগৰাকী ৰেখা গুপ্তা নহয়।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ফটোৰ সৈতে ভাইৰেল ভিডিঅ’টোৰ মহিলাগৰাকীৰ মাজত তুলনা তলত চাব পাৰিব।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ শপত গ্ৰহণ অনুষ্ঠান তলত চাব পাৰিব।
উল্লেখযোগ্য যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী, পায়ল য়াধৱ, এগৰাকী মাৰাঠী অভিনেত্ৰী আৰু তেওঁ গোল মাল (Goal Maal), মন্বত মাৰডাৰচ্ (Manvat Murders), পৰিছ (Parees) আদি ছবিৰ বাবে জনাজাত।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত তৰোৱাল-চালনা প্ৰদৰ্শন কৰা মহিলাগৰাকী হ’ল এগৰাকী অভিনেত্ৰী, পায়ল য়াধৱ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত তৰোৱাল-চালনা প্ৰদৰ্শন কৰা মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়, বৰং তেওঁ অভিনেত্ৰী পায়ল য়াধৱ, যিয়ে ভিডিঅ’টোৰ জৰিয়তে ছত্ৰপতি শিৱাজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভিডিঅ’টোত তৰোৱাল-চালনা প্ৰদৰ্শন কৰা মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।
Fact Check By: Debanjana BaishyaResult: False
