প্ৰয়াগৰাজৰ কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰা লোকক আৰক্ষীয়ে এইদৰে পিটিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Social

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা সম্পৰ্কে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে আৰক্ষীৰ লোকে কোনো এক অঞ্চলত এজন লোকক খেদি খেদি মৰিয়াইছে আৰু দুগৰাকীমান মহিলা লোকজনক বচাবলৈ আগবাঢ়ি আহিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত অভিযুক্তক আৰক্ষীয়ে এইদৰে পিটিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “পবিত্ৰ #মহাকুম্ভ মেলালৈ #তীৰ্থযাত্ৰী সকলে যোৱা #ৰেলত শিল দলিওৱা #শান্তিদূতক এইদৰে শুশ্রূষা কৰা হৈছে …! 🔥❤”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Suri News নামৰ এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ এক বৰ্ধিত সংস্কৰণ পালোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি অভিযুক্ত যুৱকে আৰক্ষীৰ কলাৰত ধৰাৰ পাছত যুৱকজনক আৰক্ষীয়ে মাৰপিট কৰে। 

Archived Link

কিন্তু ভিডিঅ’টোত ঘটনাৰ সবিশেষ উল্লেখ কৰা হোৱা নাছিল। তথাপি ইউটিউব চেনেলটোৰ নাম আৰু ভিডিঅ’ৰ কেপশ্বনৰ আঁত ধৰি আমি বাংলা ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া TV9 Bangla ইউটিউব চেনেলত ২০২৫ চনৰ ২৮ জানুৱাৰীত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন আমি পালোঁ। প্ৰতিবেদনত আন দৃশ্যাংশৰ উপৰিও ভাইৰেল দৃশ্যাংশ‌ও আমি দেখিবলৈ পালোঁ। প্ৰতিবেদন অনুসৰি পশ্চিমবংগৰ বীৰভূমৰ চিউৰিত পূৰণি ভূমি বিবাদক কেন্দ্ৰ কৰি কিছু সংখ্যক ব্যক্তিয়ে মাৰণাস্ত্ৰ লৈ গাঁৱত প্ৰৱেশ কৰে আৰু গাঁওবাসীক ভীতিগ্ৰস্ত কৰে। আৰক্ষী বাহিনীয়ে ঘটনাৰ খবৰ পাই গাঁৱত উপস্থিত হয় আৰু আমীৰ আনছাৰি নামৰ লোক এজনে আৰক্ষী বিষয়াৰ কলাৰত ধৰি তৰ্কত লিপ্ত হয়। পাছত পুৰুষ-মহিলাকে ধৰি প্ৰায় ২০ জনক আৰক্ষীয়ে আটক কৰে। 

একেধৰণৰ প্ৰতিবেদন আমি Zee 24 Ghanta ফেচবুক পেজ‌তো পালোঁ।

টাইমছ অৱ ইণ্ডিয়াত ২০২৫ চনৰ ২৮ জানুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি বীৰভূম আৰক্ষীয়ে ২৮ জানুৱাৰীত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ১৩ গৰাকী মহিলা আৰু সাতজন পুৰুষক গ্ৰেপ্তাৰ কৰে। এক পুৰণি ভূমি বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ পাছত এই ঘটনা সংঘটিত হয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পশ্চিমবঙ্গৰহে আৰু প্ৰয়াগৰাজৰ কুম্ভমেলাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো পশ্চিমবঙ্গৰ বীৰভূম জিলাৰ চিউৰিৰ এক ভূমি বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ। এই ঘটনাৰ প্ৰয়াগৰাজৰ কুম্ভমেলাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰয়াগৰাজৰ কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰা লোকক আৰক্ষীয়ে এইদৰে পিটিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *