পশ্চিমবঙ্গৰ ভিডিঅ’ বাংলাদেশৰ বুলি সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

Communal False

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কিছুসংখ্যক লোকে  মা কালীৰ এক প্ৰতিমাৰ  ক্ষতিসাধন কৰি আছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মা কালিৰ প্ৰতিমা”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি ভাইৰেল ভিডিঅ’টো সম্পৰ্কে তথ্য বিচাৰিলোঁ। তেতিয়া আমি এটা ফেচবুক পোষ্ট পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ভাইৰেল ভিডিঅ’টো পশ্চিমবংগৰ পূব বৰ্ধমানৰ চুলতানপুৰ অঞ্চলৰ, য’ত ১২ বছৰৰ পাছত কালী মাতাৰ বিসৰ্জন হৈছিল। ফেচবুক পোষ্ট অনুসৰি এই অনুষ্ঠান চুলতানপুৰ কিৰণময়ী পুথিভঁৰাল আৰু চুলতানপুৰ গাওঁবাসীয়ে যৌথভাৱে কৰিছিল।

Archived Link 

এই তথ্যক সমল হিচাপে লৈ আমি পুনৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ২১ অক্টোবৰত দৈনিক ষ্টেট্ছমেনত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি বৰ্ধমানৰ খণ্ডঘোষ ব্লকৰ চুলতানপুৰত দীপাৱলীৰ সময়ত ১২ বছৰৰ মূৰত এই কালী মূৰ্তি বিসৰ্জনৰ যো-জা চলিছিল। এই গাঁওখনত ৬০০ বছৰৰ পূৰ্বে এই অনন্য পূজা আৰম্ভ হৈছিল। বাৰ বছৰত এবাৰএই মূৰ্তি নিৰ্মাণ কৰা হয় আৰু প্ৰতি বাৰ বছৰত এই মূৰ্তি বিসৰ্জন দিয়া হয়। মূৰ্তিটোৰ উচ্চতা ১২ ফুট। গতিকে ইমান বিশাল মূৰ্তি পুখুৰীলৈ নিব নোৱাৰি। সেয়ে প্ৰচলিত নিয়ম অনুসৰি মূৰ্তিটো টুকুৰা-টুকুৰ কৰি বিসৰ্জন দিয়া হয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

ভাইৰেল ভিডিঅ’টো আৰু ফেচবুকত উপলব্ধ চুলতানপুৰৰ মা কালী মূৰ্তি বিসৰ্জনৰ ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা তলত চাব পাৰিব।

আমি এইবাৰ খণ্ডঘোষ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে আমাক জনায় যে ভিডিঅ’টো পশ্চিম বংগৰ চুলতানপুৰৰ আৰু ইয়াৰ কোনো সাম্প্ৰদায়িক দিশ নাই। এই গাঁৱত বহু বছৰ ধৰি এই পৰম্পৰা চলি আহিছে, য’ত প্ৰতি বাৰ বছৰৰ মূৰত এই কালী মন্দিৰৰ কালী মূৰ্তিটো বিসৰ্জন দিয়া হয়। দীপাৱলীৰ পূজা শেষ হোৱাৰ পাছত মন্দিৰৰ পণ্ডিতসকলে কালি মাতাৰ মূৰ্তিৰ এটা অংশ ভাঙি ওচৰৰ পুখুৰীটোত বিসৰ্জন দিয়ে, তাৰ পাছত মূৰ্তিটোৰ ভঙা অংশবোৰ দিনটো পুখুৰীত বিসৰ্জন দিয়া হয়। এই সমগ্ৰ বিষয়টোৰ লগত সাম্প্ৰদায়িকতা আৰু হিংসাৰ কোনো সম্পৰ্ক নাই।

আমি পশ্চিম বংগৰ চুলতানপুৰৰ কালী মন্দিৰটো জিঅ’লকেট কৰিলোঁ। অনুগ্ৰহ কৰি তলত চাওঁক।

ইয়াৰ পাছত আমাৰ ফেক্ট ক্ৰেছেণ্ড টীমে বাংলাদেশৰ প্ৰেছ সচিব ছফিকুল ইছলামৰ সৈতে যোগাযোগ কৰাত তেওঁ আমাক জনায় যে ভিডিঅ’টো বাংলাদেশৰ নহয়। বাংলাদেশত শেহতীয়াকৈ এনে কোনো ঘটনা সংঘটিত হোৱা নাই।

গতিকে আমি নিশ্চিত হ’লোঁ নে ভাইৰেল ভিডিঅ’টো বাংলাদেশৰ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টো বাংলাদেশৰ নহয় বৰং পশ্চিমবংগৰ চুলতানপুৰৰ য’ত ১২ বছৰৰ মূৰত প্ৰচলিত নিয়ম অনুসৰি কালী মূৰ্তি বিসৰ্জন দিয়া হৈছিল। এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পশ্চিমবঙ্গৰ ভিডিঅ’ বাংলাদেশৰ বুলি সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

Written By: Debanjana Baishya  

Result: False