উত্তৰাখণ্ডৰ ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত চলোৱা অভিযানৰ দৃশ্য উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল।

Communal False

ৱাকফ সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতে উত্তৰ প্ৰদেশত অবৈধ আৰু নথি-পত্ৰবিহীন ৱাকফ সম্পত্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে এদল আৰক্ষী বিষয়াববীয়াই এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ চৌহদত প্ৰৱেশ কৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তিজনে “office” (কাৰ্যালয়) বুলি লিখা থকা এটি কোঠাৰপৰা কিছু কাগজ-পত্ৰ লৈ ওলাই আহিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “উত্তৰ প্ৰদেশত #অবৈধ আৰু নথি-পত্ৰবিহীন #ৱাকফৰ_সম্পত্তিৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ হৈছে…”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২২ মাৰ্চত এটা ফেচবুক পেজত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত অভিযান চলায় যোৱা ২২ মাৰ্চত।

Archived Link

উল্লেখযোগ্য যে ভগৱানপুৰ তেহছিল উত্তৰাখণ্ডৰ অন্তৰ্গত। তদুপৰি ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছিল যোৱা ৪ এপ্ৰিলত। গতিকে এই ভিডিঅ’টো ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া একেটা ভিডিঅ’ আন এটা ফেচবুকত পেজত পালোঁ। তাতো ভিডিঅ’টো উত্তৰাখণ্ডৰ বুলি উল্লেখ কৰা হৈছিল।

DD News Uttarakhand ইউটিউব চেনেলত যোৱা ২৬ মাৰ্চত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন অনুসৰি উত্তৰাখণ্ডৰ হৰিদ্বাৰত অবৈধ মাদ্ৰাছাসমূহৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাইছিল। ভিডিঅ’টোৰ দৃশ্যাংশত আমি ভাইৰেল ভিডিঅ’টোৰ বিষয়ববীয়াসকলক দেখিবলৈ পালোঁ।

তদুপৰি ভিডিঅ’টোত থকা আৰক্ষী বিষয়াসকলৰ পোছাকত উত্তৰাখণ্ড পুলিচ বুলি লিখা থকা আমাৰ দৃষ্টিগোচৰ হ’ল।

এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো উত্তৰ প্ৰদেশৰ নহয় বৰং উত্তৰাখণ্ডৰহে আৰু ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ আগৰেই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টো উত্তৰ প্ৰদেশৰ নহয় বৰং উত্তৰাখণ্ডৰহে। উত্তৰাখণ্ডৰ ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত যোৱা মাৰ্চ মাহত অভিযান চলোৱা দৃশ্যহে দেখা গৈছে ভিডিঅ’টোত। ভিডিঅ’টো ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ আগৰেই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:উত্তৰাখণ্ডৰ ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত চলোৱা অভিযানৰ দৃশ্য উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল।

Written By: Debanjana Baishya  

Result: False