
এদল লোকে হাতে হাতে লাঠী লৈ ইজনে আনজনক প্ৰহাৰ কৰা এক দৃশ্য শেহতীয়াকৈ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো বাংলাদেশৰ বুলি দাবী কৰা হৈছে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বাংলাদেশৰ হিন্দুসকলক এনেদৰে অত্যাচাৰ কৰা হৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “লাইভ বাংলাদেশ ফাইল.. 😭😭😭
পেলেষ্টাইন’ৰ যিকোনো কথাটেই মুখৰ হোৱা ইক’ছিষ্টেম , ছেকুলাৰ গেং, তথাকঠিত বুদ্ধিজীবী, মানৱাধিকাৰ সংগঠন বোৰ কত লুকাই আছে….??? 😡😡😡
যেতিয়া “বাংলাদেশ”ত হিন্দুৰ সৈতে এনে ৰক্তাক্ত খেল খেলা হয়।
সকলোৰে মুখত দৈ জমা হৈ পৰে নেকি…???
#SaveBangladeshiHindus
#savebangladeshihindustemple
#HinduCommunity
#mahanbhagwat
#IndreshKumar
#DhirendraKrishnaJiMaharaj
@highlight
#follower
#humanrights
#UnitedNations”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভিডিঅ’টোত দেখা বিল্ডিঙটোত “DR MAHBUBUR RAHAMAN MOLLAH COLLEGE” বুলি স্পষ্টভাৱে লিখা আছিল।
ইয়াকে সমল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি bdnews24 ইউটিউব চেনেলত এই ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ ২০২৪ চনৰ ২৫ নৱেম্বৰত আপলোড হোৱা দেখিলোঁ।
ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে, “ঢাকার মাহবুবুর রহমান মোল্লা কলেজের শিক্ষার্থীদের সঙ্গে সরকারি শহীদ সোহরাওয়ার্দী কলেজ ও কবি নজরুল সরকারি কলেজের শিক্ষার্থীদের সংঘর্ষের পর লুটপাট চলে মোল্লা কলেজে।” অৰ্থাৎ ঢাকাৰ মাহবুবুৰ ৰহমান মোল্লা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে চৰকাৰী শ্বহীদ চোহৰাৱাৰ্ডী মহাবিদ্যালয় আৰু কবি নজৰুল চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ পিছত মোল্লা মহাবিদ্যালয়ত লুণ্ঠন সংঘটিত হয়।
এইবাৰ আমি বাংলাদেশৰ বহুল প্ৰচলিত দৈনিক কাকত “প্ৰথম আলো”ত ২০২৪ চনৰ ২৫ নৱেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত লিখা আছিল, “…দেওবাৰে ডাঃ মাহবুবৰ ৰহমান মোল্লা কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ঢাকা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু শ্বহীদ চোহৰাৱাৰ্ডী কলেজ চৌহদত ব্যাপক ধ্বংসলীলা চলায়। ডাঃ মাহবুবুৰ ৰহমান মোল্লা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰিছে যে ইয়াৰ পূৰ্বে ঢাকা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ত ভুল চিকিৎসাৰ বাবে অবিজিত হাৱালডাৰ নামৰ এজন ছাত্ৰৰ মৃত্যু হৈছিল।
প্ৰত্যক্ষদৰ্শীয়ে কয় যে কালিৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে ডাঃ মাহবুবৰ ৰহমান মোল্লা কলেজ আক্ৰমণৰ বলি হৈছিল…”
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
ডেইলী ছানত প্ৰকাশিত এক প্ৰতিবেদনত লিখা আছিল, “দুখন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে “মেগা মণ্ডে” বুলি অভিহিত কৰা পৰিকল্পিত প্ৰতিশোধৰ ফলত সোমবাৰে ৰাজধানীৰ ডেমৰা আৰু জাত্ৰাবাৰী অঞ্চল যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়, যাৰ ফলত ১০০ৰো অধিক লোক আহত হয়।
ডেমৰাৰ ডাঃ মাহবুবুৰ ৰহমান মোল্লা কলেজৰদ্বাৰা দেওবাৰে সংঘটিত আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ চৰকাৰী কবি নজৰুল কলেজ আৰু চৰকাৰী শ্বহীদ চোহৰাৱাৰ্ডী কলেজৰ ছাত্ৰ-ছাত্ৰীসকল সংঘৰ্ষত লিপ্ত হয়।
এই অৰাজকতাৰ ফলত ডাঃ মাহবুবুৰ ৰহমান মোল্লা কলেজত ব্যাপক ধ্বংসলীলা হয় আৰু ঘাইপথত যাতায়ত বন্ধ হোৱাত চহৰবাসীৰ মাজত আতংক বিয়পি পৰে।
আহতসকলক বিভিন্ন চিকিৎসালয় আৰু ক্লিনিকত ভৰ্তি কৰোৱা হৈছে।
ইয়াৰ মাজতে চৰকাৰী মহাবিদ্যালয় দুখন বন্ধ কৰাৰ কথা ঘোষণা কৰে কৰ্তৃপক্ষই।
যদিও পূৰ্বে ছ’চিয়েল মিডিয়াত মোল্লা কলেজত আক্ৰমণ সংঘটিত হ’ব বুলি ঘোষণা কৰা হৈছিল, তথাপিও নিৰাপত্তা বাহিনীয়ে ইয়াক প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকৰ আন্তৰিকতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।
পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ছটা দল অঞ্চলটোত মোতায়েন কৰি আইন প্ৰয়োগকাৰীসকলক আৰু অধিক অশুভ কাণ্ড ৰোধ কৰাত আৰু আইন-শৃংখলা বজাই ৰখাত সহায় কৰে।
ঢাকা মহানগৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে তেওঁলোকে আক্ৰমণকাৰীৰ ওপৰত অতিৰিক্ত সেনা প্ৰয়োগ কৰা নাছিল যাতে এই কাণ্ডই বেলেগ দিশ ল’ব নোৱাৰে…”
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
চি এন এন বাংলা টিভিৰ এক ভিডিঅ’ প্ৰতিবেদন তলত চাব পাৰিব।
একেধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত বাংলাদেশৰ হিন্দুৰ ওপৰত কৰা অত্যাচাৰ দেখুওৱা হোৱা নাই। তিনিখন ভিন ভিন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ দৃশ্যহে দেখা গৈছে এই ভিডিঅ’টোত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: Misleading
