
শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন বিশেষ ফটো আপলোড কৰি কেপছনত লিখা হৈছে বাৰ্মিজ ফিল্ড ৰঙিয়া বুলি। ফটোখন ভগবানৰ এটি বিগ্ৰহৰ। ফটোখনৰ ওপৰত প্ৰশ্নবোধকভাৱে লিখা হৈছে বুদ্ধৰ মুৰ্তি হয়নে? বুলি। অৰ্থাত সেই ফটোখন অসমৰ কামৰূপ জিলাৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত উদ্ধাৰ হোৱা বা বাৰ্মিজ ফিল্ডত থকা বুদ্ধদেৱৰ মুৰ্তি বুলি দাবী কৰা হৈছে।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া প্ৰথমে আমি MAA Mundeshwari DHAM,BHABUA,kaimur – BIHAR নামৰ একাউণ্টটোৰ এটা ফেচবুক পোষ্ট পালোঁ। ২০১৭ চনৰ ২৪ চেপ্তেম্বৰত সেই পোষ্টটোত সেই ফটোখন আপলোড কৰা হৈছিল।
এই সূত্ৰ ধৰি আমি আমাৰ সন্ধান আগুৱাই নিওতে একাধিক এক্স পোষ্ট পালোঁ য’ত সেই ফটোখন আপলোড কৰি সেয়া বিহাৰৰ মা মুন্দেশ্বৰী মন্দিৰৰ ফটো বুলি লিখা হৈছে। তেনেকুৱা এটা টুইটত আন দুখনমান ফটোৰে সৈতে সেই ফটোখনো আপলোড কৰা হৈছে।
আন এটা টুইটেৰে এগৰাকী ব্যৱহাৰকাৰীয়ে অন্য এটা টুইটক প্ৰত্যুত্তৰ দি সেয়া বিহাৰৰ মুন্দেশ্বৰী মন্দিৰৰ ফটো বুলি উল্লেখ কৰিছে।
শেষত আমি বিহাৰ চৰকাৰৰ অফিচিয়েল ৱেবছাইটত পৰ্যটন শাখাৰ পৰ্যটনস্থলী শিতানত মা মুন্দেশ্বৰী মন্দিৰৰ সবিশেষ তথ্য লাভ কৰিলোঁ।
সেই শিতানৰ ফটো গেলাৰীত আমি চৰ্চিত এই ফটোখনত থকা বিগ্ৰহটোৰ অন্য এটা দিশৰ পৰা লাভ কৰা ফটো এখন দেখা পালোঁ।
এই তথ্যসমুহে নিশ্চিত কৰিলে যে অসমৰ ফেচবুক পেজটোৰ পোষ্টটোৱে কৰা দাবীটো সত্য নহয়। সেই ফটোখন ৰঙিয়াৰ বাৰ্মিজ ফিল্ডৰ কোনো মন্দিৰৰ বিগ্ৰহৰ ফটো অথবা বুদ্ধদেৱৰ ফটো নহয়। সেয়া হৈছে বিহাৰস্থিত মা মুন্দেশ্বৰী মন্দিৰত থকা এক বিগ্ৰহৰ ফটোহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ফটোখন ৰঙিয়াৰ বাৰ্মিজ ফিল্ডৰ কোনো মন্দিৰৰ বিগ্ৰহৰ ফটো অথবা বুদ্ধদেৱৰ ফটো নহয়। সেয়া হৈছে বিহাৰস্থিত মা মুন্দেশ্বৰী মন্দিৰত থকা এক বিগ্ৰহৰ ফটোহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বিহাৰৰ মা মুন্দেশ্বৰী মন্দিৰৰ বিগ্ৰহৰ ফটো অসমৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডৰ কোনো ভগবানৰ বিগ্ৰহৰ ফটো বুলি দাবী কৰি প্ৰচাৰ।
Written By: Pranjal SharmaResult: False
