শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা দাবীটো অসত্য। ফটোখন প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো।  

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ এখন ফটো আপলোড কৰা হৈছে। ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত তোলা ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে ফটোখন শেহতীয়া আৰু শ্বেইখ হাছিনাই এইদৰে ভাৰতৰ ৰাজধানী দিল্লীত খাদ্য প্ৰস্তুত কৰি আছে। লিখা হৈছে- দিল্লীত সুস্বাদু ব্যঞ্জন বনাই থকা অৱস্থাত।বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXczg31ks6tCDLUfKe9zAbjRSxJfERpKu-YuaXdfLRbHKL5u7Btvk9dETllCKsVFFdKwgnccOgWksm9XcnpaGQZ1d1WfA8vmwS12WaqdAB3ccIt_PVbTTSZBpGiAjarvP0A2ORnp4UdW1eXZjYKt1d7wO7fR?key=8Y2HEmZNub-Xl1BKKO3HwQ

Facebook Link Archived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি সেই ফটোখন ব্যৱহাৰ কৰা ফেচবুক পোষ্ট আৰু ইউটিউৱ ভিডিঅ’ৰ লগতে ফটোখন ব্যৱহাৰ কৰি লিখা বহুতো বাতৰিৰ লিংকো লাভ কৰিলোঁ। Fan’s of Sheikh Hasina নামৰ ফেচবুক পেজটোৰ পৰা ২০২২ চনৰ ১০ নৱেম্বৰ তাৰিখে এটা ফেচবুক পোষ্ট কৰা হৈছিল। তাত এই ফটোখন আপলোড কৰি লিখা হৈছিল-পরিবারের জন্য নিজ হাতে রান্না করছেন। অৰ্থাত পৰিয়ালৰ বাবে নিজ হাতে ৰান্ধিছে তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfcV3icjJdl8egCDVdAmQz9M8-BwbWx9QkwGb6Vkksb3gxUF29HDmMSm2LHUwcoVRbKqXQv2EDlZQLARualuTkOyu7-oL53m4YZp5NpCyFcFSdD1WSynTczt9iufQ-5_HVDF1pFYkNYwiVRSahVxJSDVSIo?key=8Y2HEmZNub-Xl1BKKO3HwQ

ইট্টেফাক নামৰ সংবাদ প্ৰতিস্থানটোৱে ২০২২ চনৰ ৪ অক্টোবৰ তাৰিখে শ্বেইখ হাছিনাই তেওঁৰ নাতিনীৰ বাবে খাদ্য প্ৰস্তুত কৰা সন্দৰ্ভত লিখা এটা বাতৰিটো ফাইল ফটো হিচাপে সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcJbg7Ooz9kWpDdN8i4S8lKa9RBGqcvxWgp0UydwKLBajwbfaogvg2iv6zdbq5z5ei9NRlaK0Rn0a12lqN5efz9yQrTcl5NC-WAYPQ01i2uGKYzuLpTA7jPUT6gIWH1TWIMg7idOuFsQscpPNsqqARHbK4?key=8Y2HEmZNub-Xl1BKKO3HwQ

তদুপৰি ঢাকা ট্ৰিবিউনৰ ২০২২ চনৰ ৪ অক্টোবৰত প্ৰকাশিত PM Hasina: At my son’s house, I have my own kitchen শীৰ্ষক বাতৰি এটাতো সেই একেখন ফটোকে ব্যৱহাৰ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf8RU7RiQCJFpZwSBKo8XHbuvNF4w3G1J2Xyfp6PNNVJU85vygGqCymMX-LTaqwFJd3Ur_nQbWPSNOi0cmF68RRSqSWVYm1ezTpXgIFnJU-FpY42oz0mN1X_wu5Zedw3CTVh15lTU6MbJM_lEIkyBNc4amz?key=8Y2HEmZNub-Xl1BKKO3HwQ

আনফালে প্ৰায় ৭ বছৰ পূৰ্বে ২০১৭ চনৰ ১৮ জুলাইত Innovation Hub BD নামৰ ইউটিউৱ চেনেলটোত প্রধানমন্ত্রী শেখ হাসিনা ঘুমান কখন দেখুন কিভাবে কাটে ওনার প্রতিদিনের জীবন শীৰ্ষক ভিডিঅ’ এটাত শ্বেইখ হাছিনাৰ দৈনন্দিন জীৱন সম্পৰ্কত প্ৰস্তুত কৰা এক ভিডিঅ’ত ১ মিনিট ১৪ চেকেণ্ডত সেই ফটোখন ব্যৱহাৰ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcLvrVecI4lBgD67PzK9L3XOAwFLMaj31qkcBw7bfPkDWtu2Rb9MjZyceov8TvQygl_-q56n9lNcb6ivi_AqIFAeasF0oQkz6oC7xKlW6P-BCWXKf4oe7fCbIe2GLjLWa3vNvm-k3qKC8dhceAmtwUqCk4?key=8Y2HEmZNub-Xl1BKKO3HwQ

এইদৰেই অনুসন্ধান কৰি আমি আগুৱাই গৈ এই ফটোখন ব্যৱহাৰ কৰি লিখা সবাটোকৈ পুৰণি একাধিক বাতৰি লাভ কৰিলোঁ। তাৰে ভিতৰত ঢাকা ত্ৰিবিউনে ২০১৩ চনৰ ২৭ জুলাইত প্ৰকাশ কৰা FB post shows PM Sheikh Hasina cooking শীৰ্ষক বাতৰি এটা পালোঁ । 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdPLc9MhZXGm2WXEFKYHWUrSvBDW7XW_JqtljMlJf2UMBZWXPGOjVVrRLOpFVkB9__FdigW3mrl1E73GXpWdAz68l653d4HbaSwIHiJkiWr0a_jCF7Mfg3mTfbaLV1bssVrplYql-7V2k2u8tPazCZ2ENcC?key=8Y2HEmZNub-Xl1BKKO3HwQ

বাংলাদেশৰ পৰা প্ৰকাশিত মতিকণ্ঠত ২০১৩ চনৰ ২৭ জুলাইত প্রধানমন্ত্রীর পোলাও নিয়ে দেশে বিদেশে তোলপাড় শীৰ্ষক প্ৰতিবেদনত সেই ফটোখন প্ৰকাশ হৈছিল। ইণ্টাৰনেটত সেই ফটোখন ব্যৱহাৰ কৰা সেই প্ৰতিবেদনেই আটাইতকৈ পুৰণি উৎস হিচাপে আমি নিশ্চিত হৈছোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeXgx7XIweZbVG7TsA4dVREHIG6cFmcFOReQlrgCH5gC_TKdd8FP5CeMZucKxGBPC7OwfI508IU0rPTSm1Id_WE_tmrppuC2BQ-wNekkOlknIR0rgZw8A8yRVCe3k3zyx8TzLSQzDXw0m3iRLXXBT7u1-Y?key=8Y2HEmZNub-Xl1BKKO3HwQ

এই সম্পৰ্কে দ্য ইণ্ডিয়ান এক্সপ্ৰেছেও ২০১৩চনৰ ২৭ জুলাইত প্ৰতিবেদন প্ৰকাশ কৰিছিল। বাংলাদেশৰ তদনীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই নিজ পুত্ৰৰ জন্মদিন উপলক্ষে নিজেই পোলাও মাংস প্ৰস্তুত কৰা কাৰ্যৰ সৈতে সেই ফটোখন প্ৰথমে ৰাজহুৱা হৈছিল। 

এই সমস্ত তথ্যৰ পৰা এই কথায়ে প্ৰমাণ হৈছে যে শেহতীয়াকৈ অসমৰ ফেচবুক পেজটোৱে শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা বুলি যিটো দাবী কৰি সেই ফটোখন ব্যৱহাৰ কৰিছে, সেই দাবী অসত্য। কাৰণ ফটোখন আজিৰ পৰা প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো।    

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা দাবীটো অসত্য। কাৰণ ফটোখন আজিৰ পৰা প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা দাবীটো অসত্য। ফটোখন প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *