২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো শ্বেয়াৰ কৰি কেপছনত এটা বাতৰি লিখা হৈছে। লিখিছে-ইজৰাইলৰ স্থানীয় নিউজ চেনেল, চেনেল ১২ৰ খবৰ…সেনা ছাউনীত যোৱা ৰাতি হোৱা আক্ৰমণত নিহত হৈছে ১৫ জন ইজৰাইলী সৈনিক আৰু আহত হৈছে ১০০ৰো অধিক। ইজৰাইলৰ ছয়খন চিকিৎসালয়ত আহত সেনাক ভৰ্ত্তি। হাইফাৰ জনতাক তেজ দান কৰিবলৈ আহ্বান চৰকাৰৰ। সেনা ছাউনীত ইয়াৰ পূৰ্বে হিজবুল্লাহে কৰা নাছিল বৃহৎ আক্ৰমণ। কেইবাটাও ড্ৰুনৰে কৰিছিল এই আক্ৰমন। এই বাতৰিৰ সৈতে সেয়া ইজৰাইলী সেনা ছাউনীত ইজৰাইলৰ সেনাই মুৰ তল কৰি মজিয়াত বহি থকা বুলি দাবীৰে সেই ফটোখন ব্যৱহাৰ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeZ6ZDxZBS9kHgGnSV2KP0swXxwpz2HwcCMNC_u-FPfdWeMEAb0-fQ0lSQbkbM5aT27cWZSAAav0BaYBkfghwmWfpodNuCRGPprthvLUPxUcxLjVrSdZtS1X7vaOEDLEye-RT4bvHC6CilHuTI0RbPmAH4?key=WEFpXrqH8ijBavSMsSE2UA

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ষ্টক ইমেজ ৱেবছাইট Alamyত সেই ফটোখন দেখা পালোঁ।ফটোখনৰ বৰ্ণনাত লিখা আছিল, “দক্ষিণ গাজা ষ্ট্ৰিপত ইজিপ্তৰ সীমান্তৰ কাষতে থকা পেলেষ্টাইনৰ ৰাফাহ চহৰৰ কাষতে থকা ৰাফাহ শৰণাৰ্থী শিবিৰত সেনাৰ অভিযানৰ সময়ত সেনাবাহিনীৰ বিশেষজ্ঞসকলে এটা ঘৰত পোৱা সুৰংগ পৰিদৰ্শন কৰাৰ সময়ত ইজৰাইলৰ সেনা জোৱানসকলে অপেক্ষা কৰি আছে।” ইজৰাইলৰ সেনাই সময়ে সময়ে পেলেষ্টাইনী উগ্ৰপন্থীয়ে ইজিপ্তৰ পৰা গাজা ষ্ট্ৰিপলৈ অস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা সুৰংগ বিচাৰি উলিয়াই ধ্বংস কৰে”।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeQ_nG-eEcGPZkyTd529UA4me763IHXotgEFXQuG_klNbIDfA8EDhI7sAKYhdVAZugmsQhsm6dCUhIVSQA3EtyCsikqjJXsqmZY_srWpCCUnquqhVKmQBgKuEAGBUEILR7NbTZNaFnGkIGj1jIHcSzmDCo3?key=WEFpXrqH8ijBavSMsSE2UA

বিৱৰণ অনুসৰি এই ফটোখন ২০০৪ চনৰ ৩ এপ্ৰিলত এছ’চিয়েটেড প্ৰেছৰ বাবে অ’ডেড বেলিল্টিয়ে তুলিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdFT77RNSak-h3U2VCezIoBlzDsWAeyD37IGJLoR4-X1ibZTGdcwPTjU47KLSuwcCA3fKOvRZBpYfiiPLhHDkpULfa1tAdTUzOUSWwMHcmkBI1L0EnFZv2FRR0ZXh5keuRnxa1kvw-24M50AO2wEFaYL07H?key=WEFpXrqH8ijBavSMsSE2UA

ইয়াৰ পাছত আমি এছ’চিয়েটেড প্ৰেছৰ ৱেবছাইটত ফটোখন সন্ধান কৰি লাভ কৰিলোঁ। বৰ্ণনা অনুসৰি, “শনিবাৰে পুৱা দক্ষিণ গাজা ষ্ট্ৰিপত ইজিপ্তৰ সীমান্তৰ কাষতে থকা পেলেষ্টাইনৰ ৰাফা চহৰৰ কাষতে থকা ৰাফাহ শৰণাৰ্থী শিবিৰত সেনাৰ অভিযানৰ সময়ত এটা ঘৰত পোৱা সুৰংগটো সেনা বিশেষজ্ঞসকলে পৰিদৰ্শন কৰাৰ সময়ত ইজৰাইলৰ সেনা জোৱানসকলে অপেক্ষা কৰি আছে।” তাৰিখ উল্লেখ আছিল ৩ এপ্ৰিল, ২০০৪ বুলি। ইজৰাইলৰ সেনাই সময়ে সময়ে পেলেষ্টাইনী উগ্ৰপন্থীয়ে ইজিপ্তৰ পৰা গাজা ষ্ট্ৰিপলৈ অস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা সুৰংগ বিচাৰি উলিয়াই ধ্বংস কৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdINGkiHzSYl11eSm4s59ixrvLyzyyR2shiKgiLdMjxOWFBDFsCEKcI1mjikn3_u6l0fATfEYTM8aphIpP7_1tOWy-diaQkvSr-bEihI0e_cRkpODhYIXkP1dSMZHtIMeRW1_d_7_HcSsrlwsPVwFC1BouG?key=WEFpXrqH8ijBavSMsSE2UA

ইয়াৰ উপৰিও আমি বিবিচিৰ এখন তথ্যচিত্ৰ পালোঁ, যাৰ শিৰোনাম আছিল, “আৰ্কাইভ: ইজৰাইলী সৈন্যই গাজাত সুৰংগ বিচাৰিছে (২০০৪)”।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeUtPz8t3lFnwsu2XKd-T7xOElu1gn4pe6SeCnyNZlg7K74DpCWRM7eAoFZZZn8twSCqBwek0OBYS1jnpdIthz8SXE9-ySQob_JBPW0cgZPK7O_IDwL5FQf2wbVhc6GaMZnsJocd5Dltc2-euEyRja6OflU?key=WEFpXrqH8ijBavSMsSE2UA

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এনবিচি নিউজ আৰু আল জাজিৰাত প্ৰকাশিত বাতৰি ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

Archived Link 1. Archived Link 2.

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে সেই ফটোখন পুৰণি আৰু শেহতীয়াকৈ ইজৰাইলৰ সৈনিকৰ ওপৰত চলা সংঘটিত হোৱা আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো প্ৰসংগ সংগতিহীন। ইজৰাইলৰ সৈন্যই মূৰ তললৈ নমাই মজিয়াত বহি থকা ফটোখন পুৰণি আৰু ইয়াৰ সৈতে শেহতীয়াকৈ হোৱা আক্ৰমণৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

Written By: Pranjal Sharma  

Result: False