পুৰণি আৰু সম্পৰ্কহীন ফটোৰ ক’লাজেৰে দাবী কৰা হৈছে যে সেয়া লেবাননত সংঘটিত হোৱা চোলাৰ পেনেল বিষ্ফোৰণৰ দৃশ্য।

False Social

শেহতীয়াভাবে দুখন ফটোৰৈ সৈতে এখন ক’লাজ অসমত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া লেবাননৰ দৃশ্য় আৰু লেবাননত তেনেকৈ চোলাৰ পেনেলত বিষ্ফোৰণ ঘটি একোটা ঘৰ জ্বলি গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ক’লাজখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeSfB-6ZJ0lzAojeB59jkKeAZk5VrKRq48GnLHVbDOI6DvmSBtrOA3lMFAeyJnpyNuXyrXtpvDOAr7cdqduKWRlzQ4o6K5HjJRyJiP0ClmOfrC1X0FX46_5Hj5ABZr_grqo6y-EzH-8qP_UxPO4e3eH3G-J?key=KbJtAbsTULCq3OPHdq8XPA

Archived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আৰম্ভনীতে আমি দেখিলোঁ যে আমালৈ প্ৰৰণ কৰা ফটোখন দুখন ফটোৰ এক ক’লাজ। ফটোখনৰ বাওঁফালে দেখা গৈছে জ্বলি থকা এখন চোলাৰ পেনেল আৰু সোঁফালৰ আছে জ্বলি থকা এটা ঘৰ। আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ বাওঁফালে থকা ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি, অৰ্থাৎ জ্বলি থকা চোলাৰ পেনেলবোৰৰ। ফলত আমি লিংকডইনৰ এটা পোষ্ট পালোঁ, য’ত শিৰোনাম আছিল, “ফটোভল্টিক পাৱাৰ ষ্টেচনত জুই কেনেকৈ নুমুৱাব পাৰি?”। ২০২২ চনৰ ২২ জুলাইত প্ৰকাশিত লেখাটোত লেখকে সেই ফটোখন ব্যৱহাৰ কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfX7uamf4uNIqqN30xxmSDedAIv2OIZLC_DIENZK-6QpphvxuKj_Z-osqZlztch6e7IUFhcHA7MGhD08C6kXkqSDN9mJbNtyTXhrP8pzeg0_d4l4qTmpw-pRqr3LQbvEVAfu_3vY384SITb7jAMzLVxT_U?key=KbJtAbsTULCq3OPHdq8XPA

সেই লেখাটো আপোনালোকে ইয়াত পঢিব পাৰিব। 

Archived Link 

ইয়াৰ উপৰিও আমি ২০১৯ চনৰ ১২ ফেব্ৰুৱাৰীত প্ৰকাশিত এটা ব্লগ পোষ্টত জ্বলি থকা চোলাৰ পেনেলৰ ফটোখন পাইছিলোঁ।লেখকে সেই লেখাটোত ফটোখন এক ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰিছিল যদিও তাত স্থানৰ কথা উল্লেখ কৰা হোৱা নাছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcuYUJLtect2i4P3a4I1G2mvXY645uf7LNYZLcnlW9Fp5n2tKVd5liFTOlam98VsuknZ0RKRWXQS8pXsJhSjo6saJG7y01LkaOuoSYulexEdaBq65_kge15xukkA7Q745O_muKhzVKcS4GptAzWXQz43y3u?key=KbJtAbsTULCq3OPHdq8XPA
https://lh7-rt.googleusercontent.com/docsz/AD_4nXe3R9h11iFitAQ1CUCfy2pcHPi7SIWlrGf8KETyzwQ5DZro9QBhleIzIK2-sPF53YHchzTzeASJEhs-eQ5d24pZK8mBbZbsJV3t0mqZTsDGZF_Wd6AfXTHO9CtGmfHq9uuibj3BczFS-L5rzxlN6Ow6ZhbT?key=KbJtAbsTULCq3OPHdq8XPA

Archived Link

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে চোলাৰ পেনেল জ্বলি যোৱা ফটোখন লেবাননত শেহতীয়াকৈ সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে জড়িত নহয়। ইয়াৰ পাছত আমি সোঁফালে থকা ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২০ চনৰ ৭ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ফটোখনৰ সম্পূৰ্ণ সংস্কৰণ সংলগ্ন কৰি থোৱা ৰূপত লাভ কৰিলোঁ। ফটোখনৰ কেপচনত লিখা আছে, “ৱেষ্টশ্ব’ৰ এষ্টেটছৰ এটা ঘৰ ৬ নৱেম্বৰ দেওবাৰে গভীৰ নিশা সংঘটিত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ধ্বংস হয়। ( ফটো-আৰডিচিঅ’)”।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXckDFeprVosvunb4F8SgKCLY4QgnfT2hUn1pIzAkrRKzjCxLmMLrEg3FG3Sl2FZwAxylLEAi7yxRAMViCxRqJDzNz1PPO03_QRz7t4tgkOH9uQ-CQ5QigjQZf_l7L6Vnc5ieJ8Xy2gHdf1HgkyANNlv8go?key=KbJtAbsTULCq3OPHdq8XPA

সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়ক।

Archived Link

প্ৰকাশিত প্ৰতিবেদন অনুসৰি সেই ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। ব্ৰিটিছ কলম্বিয়াৰ অকানাগানত সংঘটিত হৈছিল সেই ঘটনা। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে দাবীটো মিছা। ভাইৰেল ক’লাজত থকা ছবিবোৰ পুৰণি আৰু লেবাননত শেহতীয়াকৈ সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ক’লাজত থকা ফটোবোৰ পুৰণি আৰু লেবাননত শেহতীয়াকৈ সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে কোনো সম্পৰ্ক নাই। বাওঁফালৰ ফটোখন ২০১৯ চনৰ পৰাই ইণ্টাৰনেটত আছে আৰু সোঁফালে থকা ফটোখনত ২০২০ চনত ব্ৰিটিছ কলম্বিয়াৰ অকানাগানৰ ৱেষ্ট চাইডত এটা ঘৰত জুই লগা দেখা গৈছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি আৰু সম্পৰ্কহীন ফটোৰ ক’লাজেৰে দাবী কৰা হৈছে যে সেয়া লেবাননত সংঘটিত হোৱা চোলাৰ পেনেল বিষ্ফোৰণৰ দৃশ্য।

Fact Check By:  Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *