
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে নেপালত এগৰাকী নেপালী ছোৱালীক ধৰ্ষণ কৰা তিনিজন লোকক ফাঁচী দিয়া হৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীৰ এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত আপলোড কৰা ভিডিঅ’ৰ দৃশ্যাংশৰ ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশৰ সৈতে মিল আছিল।


ভিডিঅ’টোত দেখা গৈছে হাৰিয়ানৱী গায়ক মানকৃত আউলাখক।
ইয়াকে সমল হিচাপে লৈ লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ইউটিউবত ২০২৪ চনৰ ৫ এপ্ৰিলত আপলোড হোৱা মানকৃত আউলাখৰ “ডিফেণ্ডাৰ” শীৰ্ষক গীতটোৰ ভিডিঅ’ পালোঁ।
এই ভিডিঅ’টোত আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা কিছু দৃশ্যাংশ পালোঁ। ভাইৰেল ভিডিঅ’টোৰ আৰু “ডিফেণ্ডাৰ” গীতটোৰ ভিডিঅ’ৰ স্ক্ৰীনশ্বটৰ মাজত তুলনা তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো এটা গানৰ ভিডিঅ’ৰহে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত নেপালৰ ছোৱালীক ধৰ্ষণ কৰা তিনিজন লোকক নেপালত ফাঁচী দিয়াৰ দৃশ্য দেখুওৱা হোৱা নাই। এই ভিডিঅ’টো হাৰিয়ানৱী গায়ক মানকৃত আউলাখৰ “ডিফেণ্ডাৰ” শীৰ্ষক গীতটোৰহে অংশ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


