
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে কোনো এক শিবিৰত কেইগৰাকীমান মহিলাক শিকলিৰে বান্ধি থোৱা হৈছে আৰু সৈন্যবাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰিছে। ভিডিঅ’টোত মহিলা আৰু পুৰুষ সৈন্যক দেখা গৈছে। দাবী কৰা হৈছে যে আইচিচ (ISIS)ৰ শিবিৰত এইদৰে ৩৮ গৰাকী ছোৱালীক যৌনদাসী হিচাপে বন্দী কৰি ৰখা হৈছিল আৰু আমেৰিকাৰ সৈন্যবাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আমেৰিকাৰ সৈন্যবাহিনীয়ে ISISৰ শিবিৰত আক্ৰমণ কৰি তেওঁলোকৰ তম্বুৰ পৰা ৩৮ গৰাকী ১৫ বছৰৰ পৰা ২৩/২৪ বছৰীয়া যৌনদাসী হিচাপে ৰখা ছোৱালী উদ্ধাৰ কৰে।
কিছুমান লোকে কেৰালা ষ্ট’ৰী’ত অবিশ্বাস কৰিছিল। মিছা বুলি ফটা ঢোল বজাইছিল।
তেওঁলোকৰ বাবে, এই ভিডিঅ’ টো ।
চাওক কেনেকৈ হাত ভৰিত শিকলি লগাই বান্ধি ৰখা হৈছিল যাতে সিহঁতে পলাই আহিব নোৱাৰে তাৰ বাবে সকলো ব্যৱস্থা কৰি ৰাখিছিল।
আৰু সিহঁতে সন্ত্ৰাসী কু কৰ্মৰ জড়িয়তে জন্নতত ৭২ হুৰৰ আশাত জেহাদ কৰে ।”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২২ চনৰ ছেপ্টেম্বৰ মাহত এ এন এফ নিউজ নামৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ দৰেই দৃশ্যাংশ আছিল। প্ৰতিবেদনত কোৱা হৈছিল যে ৱাইপিজেয়ে (YPJ) এটা ভিডিঅ’ আপলোড কৰিছিল য’ত আল-হল(Al-hol) শিবিৰৰ এটা তম্বুৰ ভিতৰত শিকলিৰে বান্ধি ৰখা চাৰিগৰাকী মহিলাক উদ্ধাৰ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে আৰম্ভ কৰা “মানৱীয় নিৰাপত্তা অভিযান”(Humanitarian Security Operation)ৰ এয়া দ্বিতীয় পৰ্যায়। ইয়াৰ দায়িত্বত আছিল ছিৰিয়ান ডেম’ক্ৰেটিক ফৰ্চৰ (Syrian Democratic Forces)(এছডিএফ) ইউনিটৰ লগতে আছাইছ কমাণ্ড (Asayish Command) আৰু ৱাইপিজি (YPG)।
এইবাৰ আমি SDF Press নামৰ এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টো পালোঁ, যিটো ২০২২ চনৰ ৬ ছেপ্টেম্বৰত আপলোড কৰা হৈছিল।ইউটিউব চেনেলৰ ভিডিঅ’ত দেখা ৰঙা ল’গ’টো ভাইৰেল ভিডিঅ’টোতো দেখা গৈছে। ভিডিঅ’টোৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “আল-হল শিবিৰত বন্দী হৈ থকা চাৰিগৰাকী মহিলাক মুক্ত কৰাৰ ৱাইপিজে ভিডিঅ’”।
ৱাই পি জে (YPJ) কি?
‘কুৰ্দিছ প্ৰজেক্ট’ত প্ৰকাশিত তথ্য অনুসৰি, ৱাইপিজে কুৰ্দিস্তানৰ মহিলা সুৰক্ষাৰ এটা ইউনিট। আইছিছৰ পৰা তুৰস্ক-চিৰিয়া সীমান্তৰ কোবানীক পুনৰ নিয়ন্ত্ৰণ কৰাৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কুৰ্দিস্তান অঞ্চলৰ সশস্ত্ৰ বাহিনীৰ মহিলা ব্ৰিগেডে।
আল-হল হৈছে উত্তৰ ছিৰিয়াৰ এটা শৰণাৰ্থী শিবিৰ। ১৯৯১ চনত স্থাপন কৰা এই শিবিৰটো ২০০৩ চনত ইৰাকৰ আক্ৰমণৰ পিছত ইৰাক-ছিৰিয়া সীমান্তত পুনৰ মুকলি কৰা হয়। এই শিবিৰটো মূলতঃ আমেৰিকাৰ সমৰ্থিত ছিৰিয়ান ডেম’ক্ৰেটিক বাহিনী (এছডিএফ)ৰ নিয়ন্ত্ৰণত আছে। শিবিৰত থকা লোকসকলৰ অধিকাংশই মহিলা আৰু শিশু।
পুনৰ অনুসন্ধান কৰি আমি YPJৰ এক্স হেণ্ডলত ২০২২ চনৰ ৫ ছেপ্টেম্বৰত কৰা এটা টুইট পালোঁ য’ত উদ্ধাৰ অভিযানৰ এক সৰু দৃশ্য আপলোড কৰা হৈছিল।
টুইটটোত উল্লেখ কৰা হৈছিল যে উদ্ধাৰ হোৱা মহিলাসকল কুৰ্দি ধৰ্মীয় সংখ্যালঘু ইয়াজিদী সম্প্ৰদায়ৰ আছিল, যিসকলক মূলতঃ উত্তৰ ইৰাক, দক্ষিণ-পূব তুৰস্ক, উত্তৰ ছিৰিয়া, ককেছাছ অঞ্চল আৰু ইৰাণৰ কিছু অংশত পোৱা যায়। তেওঁলোক শ্বেংগল চহৰৰ পৰা আহিছিল, আৰু কম বয়সতে অপহৰণ হৈছিল। উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক মানসিক সহায়ৰ ব্যৱস্থা কৰা হয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ভাইৰেল ভিডিঅ’টোত ইয়াজিদী সম্প্ৰদায়ৰ মহিলাক আইছিছ শিবিৰৰ পৰা ছিৰিয়ান ডেম’ক্ৰেটিক ফৰ্চৰ মহিলা সুৰক্ষা ইউনিটে (YPJ) উদ্ধাৰ কৰা দেখা গৈছে। সেয়া আমেৰিকাৰ সৈন্যবাহিনী নহয়। তদুপৰি ভিডিঅ’টো পুৰণি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আইছিছৰ শিবিৰৰ পৰা ছিৰিয়াৰ ৱাইপিজেয়ে কৰা উদ্ধাৰ অভিযান আমেৰিকাৰ সৈন্যবাহিনীৰ অভিযান বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Partly False
