ইউনাইটেড কিংডমৰ ৰয়েল এয়াৰ ফৰ্চৰ ভিডিঅ’ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ দৃশ্য বুলি ভাইৰেল।

False Social

ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ অংশ হিচাপে যোৱা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত এয়াৰ শ্ব’ অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে য’ত দাবী কৰা হৈছে যে সেয়া গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

ভাইৰেল ভিডিঅ’টোৰ শেষৰফালে আমি বিমানকেইখন সাগৰৰ নিচিনা বিশাল জলাশয়ৰ ওপৰত উৰি থকা লক্ষ্য কৰিলোঁ। 

তদুপৰি ভাৰতীয় বায়ু সেনাৰ বিমানে এয়াৰ শ্ব’ৰ সময়ত সাধাৰণতে ভাৰতীয় পতাকাৰ ৰং তিনিটা (গেৰুৱা, বগা আৰু সেউজীয়া) ধোঁৱাত ব্যৱহাৰ কৰা হয়। কিন্তু ভাইৰেল ভিডিঅ’টোৰ দেখা ৰঙসমূহ আছিল – নীলা, ৰঙা আৰু বগা।

সেয়েহে আমাৰ এই ভিডিঅ’টো ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ নহ’ব পাৰে বুলি সন্দেহ হ’ল।

গতিকে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Reddit ৱেবছাইটত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা কিছুমান ফটো ২০২৫ চনৰ ১১ অক্টোবৰত আপলোড কৰা দেখিলোঁ। বিৱৰণ অনুসৰি সেয়া মাল্টা ইণ্টাৰনেশ্যনেল এয়াৰ শ্ব’ত “ৰেড এৰোজ” (Red Arrows)ৰ প্ৰদৰ্শনৰ দৃশ্য।

উল্লেখযোগ্য যে “ৰেড এৰোজ” হৈছে ইউনাইটেড কিংডমৰ বায়ুসেনা “ৰয়েল এয়াৰ ফৰ্চ (RAF)”ৰ অফিচিয়েল এৰোবেটিক প্ৰদৰ্শন দল।

আমি পুনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত এটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ। এই ভিডিঅ’টো ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই। 

কেপশ্বন অনুসৰি, ভিডিঅ’টো ২০২৫ চনৰ মাল্টা ইণ্টাৰনেশ্যনেল এয়াৰ শ্ব’ৰ।

গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ অনুষ্ঠিত হৈছিল যোৱা ৯ নৱেম্বৰত। গতিকে ভাইৰেল ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।

একেধৰণৰ আন ভিডিঅ’ (বেলেগ দিশৰপৰা ৰেকৰ্ড কৰা) ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

যোৱা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ লাইভ-ষ্ট্ৰীম হোৱা ভিডিঅ’টো তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ভাৰতীয় বায়ু সেনাৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। দাবী কৰা ধৰণে এই ভিডিঅ’টো গুৱাহাটীৰ লাচিত ঘাটত শেহতীয়াকৈ অনুষ্ঠিত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ নহয়। এই ভিডিঅ’টো পুৰণি আৰু ইউনাইটেড কিংডমৰ ৰয়েল এয়াৰ ফৰ্চৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইউনাইটেড কিংডমৰ ৰয়েল এয়াৰ ফৰ্চৰ ভিডিঅ’ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *