ৰাম মন্দিৰত ঢোলবাদনৰ এই ভিডিঅ’টোৰ শিৱাজী জয়ন্তীৰ সৈতে কোনো সম্পৰ্ক নাই।

Misleading Social

শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰত ঢোলবাদনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে সেয়া শিৱাজী জয়ন্তী উপলক্ষে যোৱা ১৯ জানুৱাৰীত ৰাম মন্দিৰত আয়োজন কৰা অনুষ্ঠানৰ দৃশ্য। 

ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা এই শিৱৰ গৰ্জন শুনি, বাবৰৰ ল’ৰা-ছোৱালীবোৰে আকৌ কান্দিব……

#জয়_ভৱানী_জয়_শিৱাজী 🙏🚩🚩

#ChhatrapatiShivajiMaharajJayanti

#highlightseveryone

#followforfollowback

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত ২০২৪ চনৰ ২৫ জানুৱাৰীত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।

YouTube Link

ভিডিঅ’টোৰ কেপশ্বন অনুসৰি পুণেৰ “ইন্দ্ৰ জিমি”য়ে ৰাম মন্দিৰত এই অনুষ্ঠান পৰিবেশন কৰিছিল।

সংবাদ প্ৰতিষ্ঠান এ এন আইৰ ইউটিউবত চেনেলতো একেধৰণৰ ভিডিঅ’ আপলোড কৰা হৈছিল য’ত ভাইৰেল দৃশ্যাংশ‌ও আমি দেখিবলৈ পালোঁ। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে,”Artists from Pune reached Ayodhya on January 25 and performed Dhol Tasha at Ayodhya Ram Temple. Devotees from across India are flocking to Ayodhya to offer prayers to Ram Lalla after Pran Pratishtha ceremony (২৫ জানুৱাৰীত পুনেৰ শিল্পীসকলে অযোধ্যাত উপস্থিত হৈ অযোধ্যা ৰাম মন্দিৰত ঢোল তাছা পৰিবেশন কৰে। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ অন্তত ৰাম লাল্লাৰ প্ৰাৰ্থনা কৰিবলৈ সমগ্ৰ ভাৰতৰ পৰা ভক্তসকলে ভিৰ কৰিছে অযোধ্যালৈ।)

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো যোৱা বছৰৰ ২৫ জানুৱাৰীৰ। ছত্ৰপতি শিৱাজী জয়ন্তীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত ২০২৪ চনৰ ২৫ জানুৱাৰীত পুণেৰ শিল্পীসকলে ৰাম জনমভূমিত ঢোলবাদন কৰা দেখা গৈছে। এই ভিডিঅ’টোৰ এই বছৰৰ ছত্ৰপতি শিৱাজী জয়ন্তীৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাম মন্দিৰত ঢোলবাদনৰ এই ভিডিঅ’টোৰ শিৱাজী জয়ন্তীৰ সৈতে কোনো সম্পৰ্ক নাই।

Fact Check By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *