ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছত আছাদুদ্দিন ওৱেইছিয়ে কান্দিছিল নেকি?

False Political

যোৱা ৪ এপ্ৰিলত ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা হোৱা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে চকু মোহাৰি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হোৱাৰ পাছতে ওৱেইছিয়ে এইদৰে কান্দিছিল।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুকত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৪ চনৰ ৭ আগষ্টত। 

Facebook Link | Archived Link 

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ শেহতীয়াকৈ সংসদত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ সৈতে কোনো সম্পৰ্ক নাই।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Sansad TV ইউটিউব চেনেলত ২০২৪ চনৰ ৭ আগষ্টত আপলোড হোৱা এটা ভিডিঅ’ দেখিলোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ। এই ভিডিঅ’টোৰ ৪:৩২ টাইষ্টৈম্পৰপৰা ভাইৰেল ভিডিঅ’টো আমি দেখিবলৈ পালোঁ। আছাদুদ্দিন ওৱেইছিয়ে ভিডিঅ’টোত চকু মোহাৰি থকা দেখা গৈছে কিন্তু তেওঁ কন্দা নাছিল। এই ভিডিঅ’টোত সাংসদ ৰাজেশ ৰঞ্জন ওৰফে পাপ্পু যাদৱে ভাষণ দি থকা আমি দেখিবলৈ পালোঁ।

ভাইৰেল ভিডিঅ’ আৰু মূল ভিডিঅ’টোৰ মাজত তুলনা তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। আছাদুদ্দিন ওৱেইছিয়ে চকু মোহাৰি থকা ভিডিঅ’টো পুৰণি আৰু সংসদত শেহতীয়াকৈ ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছত আছাদুদ্দিন ওৱেইছিয়ে কান্দিছিল নেকি? ?

Fact Check By:  Debanjana Baishya  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *