বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো পুৰণি।

False Political

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি ৰাতিপুৱাই এজন যুবকে চৰিয়ালে মূখ্যমন্ত্রী নীতিশ কুমাৰক, ৱাকফ সংশোধনী বিল অনুমোদনৰ পৰিপ্ৰেক্ষিতত এই কাৰ্য্য”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এন ডি টিভিৰ অফিচিয়েল ইউটিউবত ২০২২ চনৰ ২৭ মাৰ্চত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। ভিডিঅ’টোত উল্লেখ কৰা হৈছিল যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক নিজ গৃহ চহৰ বাখতিয়াৰপুৰত ২০২২ চনৰ ২৭ মাৰ্চত এজন লোকে আক্ৰমণ কৰে। চিচিটিভি কেমেৰাত ধৰা পৰা লোকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছিল।

হিন্দুস্তান টাইমছৰ অফিচিয়েল ইউটিউবতো এই ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২২ চনৰ ২৮ মাৰ্চত। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ কৰা ব্যক্তিজনৰ নাম শংকৰ কুমাৰ বৰ্মা আৰু প্ৰাথমিক তদন্তত প্ৰকাশ যে তেওঁ এজন “মানসিক ভাৰসাম্যহীন” ব্যক্তি। ব্যক্তিজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ নীতিশ কুমাৰে বিষয়াসকলক নিৰ্দেশ দিছিল।

এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো ২০২২ চনৰ। এই ঘটনাৰ ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো পুৰণি।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *