জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

False International

২০২৫ চনৰ ৭ জানুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৯:০৫ বজাত তিব্বতৰ এক দুৰ্গম অঞ্চলত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ কৰা হৈছে ৪০০ৰো অধিক লোকক। এই পটভূমিত নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ৱেবছাইটত এই ভিডিঅ’টো ২০২৪ চনৰ ৪ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি জাপানত যোৱা বছৰ জানুৱাৰী মাহত হোৱা ভূমিকম্পৰ দৃশ্য দেখা গৈছে ভিডিঅ’টোত।

Archived Link

ইয়াকে সমল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ ৪৩:০০ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ দেখা গৈছে। ভিডিঅ’টোৰ বিৱৰণত লিখা আছে, “১ জানুৱাৰীত ৭.৬ ৰ তীব্ৰ ভূমিকম্পই ইছিকাৱা প্ৰিফেকচাৰত আঘাত হানে। নতুন ডেচকেম ভিডিঅ’ত প্ৰভাৱৰ মুহূৰ্তৰ লগতে তাৰ ফলত হোৱা চুনামীও দেখুওৱা হৈছে।”

আমি পুনৰ ছাৰ্চ কৰি আন এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ।  ভিডিঅ’ৰ বিৱৰণত লিখা আছিল, “গাড়ীৰ ডেচকেমে মধ্য জাপানৰ ইছিকাৱা প্ৰিফেকচাৰৰ নোটো উপদ্বীপত হোৱা এক শক্তিশালী ভূমিকম্পৰ মুহূৰ্ত আৰু তাৰ পাছত ছুনামীয়ে বাহনখনক উটুৱাই নিয়াৰ দৃশ্য বন্দী কৰে।” ভিডিঅ’টোৰ ৪০:০০ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ দেখা গৈছে।

একেটা ভিডিঅ’ আমি TBS NEWS DIG Powered by JNN ইউটিউব চেনেলতো পালোঁ। ভিডিঅ’টো ২০২৪ চনৰ ৩ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ ০:২৬ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ দেখা গৈছে।

ভিডিঅ’টোৰ কেপশ্বন অনুসৰি এই দৃশ্য জাপানৰ নোটোত ২০২৪ চনৰ জানুৱাৰী মাহত হোৱা ভূমিকম্পৰ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু জাপানৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ নহয় বৰং ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *