পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

International Missing Context

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাটাও দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য।

Facebook Link | Archived Link

কিন্তু এই দৃশ্যসমূহ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

প্ৰথম দৃশ্যাংশ

প্ৰথম দৃশ্যাংশত এখন জাহাজ পানীৰ বিশাল ঢৌৱে ওলোটাই দিয়া দেখা গৈছে। ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীত চিবিএছ অষ্টিন(CBS Austin)ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল দৃশ্যাংশ সংলগ্ন কৰা হৈছিল। প্ৰতিবেদনত লিখা আছিল, “অৰেগনত আমেৰিকাৰ ক’ষ্ট গাৰ্ডে এজন লোকক উলটি যোৱা নাওৰ পৰা উদ্ধাৰ কৰিবলগীয়া হৈছিল — তেওঁলোকে পাছত গম পালে যে নাওখন চুৰি হৈছে!

ক’ষ্ট গাৰ্ডে তেওঁক উদ্ধাৰ কৰিবলৈ এয়াৰ ক্ৰু প্ৰেৰণ কৰে। নাওখনৰ দাঁতিত মানুহজন থিয় হৈ থকাৰ সময়তে নাওখন উলটি যায়।

স্থানীয় চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হয় যদিও তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পাছতহে কৰ্তৃপক্ষই গম পায় যে তেওঁৰ বিৰুদ্ধে নাওখন চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

সেই সময়তে তেওঁলোকে মানুহজনক বিচাৰি উলিয়াবলৈ জনসাধাৰণৰ পৰা সহায় বিচাৰিছিল।

পিছত তেওঁক ৱাৰ্মিং চেণ্টাৰত গ্ৰেপ্তাৰ কৰা হয়।”

একেধৰণৰ আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

গতিকে এই দৃশ্যাংশ পুৰণি আৰু ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে অসম্পৰ্কিত বুলি আমি নিশ্চিত হ’লোঁ।

দ্বিতীয় দৃশ্যাংশ

দ্বিতীয় দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি দৈনিক ভাস্কৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ২৮ মাৰ্চত হোৱা ভূমিকম্পৰ সময়ত থাইলেণ্ডৰ স্কাইৱাকত আবদ্ধ হৈ থকা লোকসকল ভিডিঅ’টোত দেখা গৈছে।

একেধৰণৰ আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

গতিকে এই ভিডিঅ’টো ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।

তৃতীয় দৃশ্যাংশ

তৃতীয় দৃশ্যাংশত ভূমিকম্পৰ সময়ত এখন ৰেল কঁপি থকা দেখা গৈছে। ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ২০২৫ চনৰ ২৯ মাৰ্চত এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টোৰ সৈতে একেই এটা ভিডিঅ’ পাইছিলোঁ। পোষ্টটোৰ কেপশ্বন অনুসৰি ভিডিঅ’টোত ২০২৫ চনৰ ২৮ মাৰ্চত হোৱা ভূমিকম্পৰ সময়ত বেংককৰ ছাবৱে মেট্ৰ’ ষ্টেছন দেখা গৈছে।

একেটা ভিডিঅ’ আমি আন এটা ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ২৮ মাৰ্চত আপলোড হোৱা দেখিলোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে এই ভিডিঅ’টো পুৰণি আৰু ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়।

চতুৰ্থ আৰু ষষ্ঠ দৃশ্যাংশ

চতুৰ্থ আৰু ষষ্ঠ দৃশ্যাংশত দেখা গৈছে যে বিশাল ঢৌৱে ঘৰবোৰত খুন্দা মাৰিছে। দুয়োটা দৃশ্যাংশ একে। ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ২০২১ চনৰ ৩ ফেব্ৰুৱাৰীত এটা ইউটিউব চেনেলত আপলোড কৰা এই দৃশ্যসমূহৰ দীঘলীয়া সংস্কৰণটো পালোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “02-02-2021 Scituate, MA – Drone shots of massive waves crash into homes, flooded and damaged homes”

গতিকে এই দৃশ্যসমূহ পুৰণি আৰু ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।

পঞ্চম দৃশ্যাংশ

পঞ্চম দৃশ্যাংশত ভূমিকম্পৰ সময়ত এখন গাড়ী আৰু অন্যান্য অট্টালিকা কঁপি থকা দেখা গৈছে। ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি ২০২৪ চনৰ ৮ আগষ্টত ডেইলীম’চনত প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো আছিল। প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো জাপানৰ কিউছুৰ, য’ত ২০২৪ চনৰ আগষ্ট মাহত ৭.১ প্ৰাৱল্যৰ ভূমিকম্প হৈছিল।

আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

সপ্তম দৃশ্যাংশ

ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ২০২৪ চনৰ ১৮ জানুৱাৰীত এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। পোষ্টটোৰ কেপশ্বন অনুসৰি ভিডিঅ’টো জাপানৰ।

একেধৰণৰ আন এটা ভিডিঅ’ আমি ২০২৪ চনৰ ১৪ জানুৱাৰীত এক্সত আপলোড হোৱা দেখিলোঁ।

গতিকে এই ভিডিঅ’টো ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।

অষ্টম দৃশ্যাংশ

অষ্টম ক্লিপটোৰ ৰিভাৰ্চ ইমেজ ছাৰ্চে আমাক এটা ইউটিউব চেনেললৈ লৈ গ’লোঁ য’ত ২০১৭ চনৰ ২১ ছেপ্টেম্বৰত ভিডিঅ’টো আপলোড কৰা হৈছিল।কেপচন অনুসৰি ভিডিঅ’টো মেক্সিকোৰ ভূমিকম্পৰ।

একেটা ভিডিঅ’ আমি আন এটা ইউটিউব চেনেলত ২০১৭ চনৰ ২০ ছেপ্টেম্বৰত আপলোড হোৱা দেখিলোঁ।

যদিও আমি এই ঘটনাৰ সঠিক সময় আৰু স্থান সম্পৰ্কে জানিব পৰা নাই, ভিডিঅ’টো ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।

নৱম দৃশ্যাংশ

নৱম দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এই দৃশ্যাংশ এটা ৱেবছাইটত ২০২৫ চনৰ ২১ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।

যদিও আমি এই ঘটনাৰ সঠিক সময় আৰু স্থান সম্পৰ্কে জানিব পৰা নাই, ভিডিঅ’টো ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।

দশম দৃশ্যাংশ

দশম দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৫ চনৰ ১১ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।

ইনষ্টাগ্ৰাম হেণ্ডেলটোত এনে একাধিক ভিডিঅ’ আছে। ব্যৱহাৰকাৰীৰ নামটোৰ পৰা অনুমান কৰিব পাৰি যে এই হেণ্ডলটোত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বিষয়বস্তু পোষ্ট কৰা হয়।

যিহেতু এই ভিডিঅ’টো ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ আগৰেপৰাই ইন্টাৰনেটত উপলব্ধ, ইয়াৰ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই বুলি আমি নিশ্চিত হ’লোঁ।

একাদশ দৃশ্যাংশ

একাদশ দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি ২০২৪ চনৰ ২ জানুৱাৰীত প্ৰকাশিত প্ৰতিবেদন পোৱা গ’ল যাৰ মতে ভিডিঅ’টোত ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পটো দেখা গৈছে।

আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

দ্বাদশ দৃশ্যাংশ

দ্বাদশ দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ২০২৪ চনৰ ২ জানুৱাৰীত ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে এই ভিডিঅ’টো ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পৰ।

ত্ৰয়োদশ দৃশ্যাংশ

ত্ৰয়োদশ দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া ২০২৪ চনৰ ১ জানুৱাৰীত জাপানত হোৱা ভূমিকম্পৰ দৃশ্য।

চতুৰ্দশ দৃশ্যাংশ

চতুৰ্দশ দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ভিডিঅ’টো ২০২৪ চনৰ ২ জানুৱাৰীত এটা ইনষ্টাগ্ৰাম হেণ্ডলত আপলোড হোৱা দেখিলোঁ।

গতিকে এই ভিডিঅ’টো ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।

পঞ্চদশ দৃশ্যাংশ

পঞ্চদশ দৃশ্যাংশৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ সময়ৰ দৃশ্য, য’ত এটি চিকিৎসকৰ দলে অস্ত্ৰোপচাৰৰ সময়ত এগৰাকী ৰোগীক ভূমিকম্পৰ পৰা ৰক্ষণাবেক্ষণ দিছিল।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। শেষৰটো দৃশ্যাংশৰ বাহিৰে ভিডিঅ’ৰ আন দৃশ্যাংশসমূহ পুৰণি আৰু ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে অসম্পৰ্কিত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team  

Result: Missing Context