
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কোনো এক সাঙীত নৌসেনা বাহিনীৰ পোছাক পৰিধান কৰা লোক কিছুমান কাৰোবাক সাগৰৰ পৰা পাৰলৈ লৈ আহি আছে। দাবী কৰা হৈছে যে সেয়া ছিংগাপুৰৰ সাগৰত দুৰ্ঘটনাত পতিত হোৱা জুবিন গাৰ্গক সাগৰৰ পৰা পাৰলৈ লৈ অহাৰ দৃশ্য।
Facebook Link | Instagram Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৫ চনৰ ২ আগষ্টত আপলোড হোৱা দেখিলোঁ।

কেপশ্বন অনুসৰি ভিডিঅ’টোত যোৱা ১ আগষ্টত ৰিবেইৰাৰ প্ৰাইয়া দা পেনহাত নৌসেনাৰ জাহাজত উঠি “বনফিমৰ জয়ন্তী”ৰ অংশ হিচাপে অৱতৰণ কৰে “লৰ্ড অৱ বনফিম”ৰ মূৰ্তি।
একেটা ভিডিঅ’ আমি এটা ফেচবুক পেজত পালোঁ যিটো আপলোড কৰা হৈছিল ২০২৫ চনৰ ২ আগষ্টত।

ভিডিঅ’টোৰ কেপশ্বন অনুসৰি সেয়া “লৰ্ড অৱ বনফিম”ৰ মূৰ্তি সাগৰৰ পৰা পাৰলৈ লৈ অহাৰ দৃশ্য।
এই উৎসৱ সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
উল্লেখযোগ্য যে লৰ্ড অৱ বনফিম (Senhor do Bonfim) হৈছে যীচু খ্ৰীষ্টৰ উপাধি আৰু ব্ৰাজিলৰ বাহিয়াৰ ছালভাডৰৰ চাৰ্চ অৱ আৱাৰ লৰ্ড অৱ বনফিমত (Church of Our Lord Of Bonfim) ৰখা এটা অলৌকিক মূৰ্তি। “লৰ্ড অৱ দ্য গুড এণ্ড”ৰ (Lord Of The Good End) প্ৰতি পৰ্তুগীজসকলৰ ভক্তিৰ ফলত উৎপত্তি হৈছিল এই উপাসনা পদ্ধতিৰ। এই গোটটো ১৮ শতিকাত ব্ৰাজিলত প্ৰতিষ্ঠা কৰা হৈছিল, যেতিয়া জাহাজ ধ্বংসৰ পাছতো ৰক্ষা পোৱা এজন ব্যক্তিয়ে তেওঁৰ উদ্ধাৰৰ কাৰণ এই মূৰ্তিটো বুলি কৈছিল। এই মূৰ্তিটো দেখিবলৈ ক্ৰুচবিদ্ধ যীশু খ্ৰীষ্টৰ মৃত্যুৰ মুহূৰ্তৰ নিচিনা আৰু সাগৰত এই মূৰ্তিটোৱে সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত ছিংগাপুৰৰ সাগৰত দুৰ্ঘটনাত পতিত জুবিন গাৰ্গক সাগৰৰ পাৰলৈ লৈ অহাৰ দৃশ্য দেখা যোৱা নাই। এই ভিডিঅ’টো পুৰণি আৰু ইয়াত ব্ৰাজিলৰ ছালভাডৰৰ এক ধৰ্মীয় উৎসৱৰ দৃশ্যহে দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জুবিন গাৰ্গক ছিংগাপুৰৰ সাগৰৰপৰা পাৰলৈ লৈ অহাৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False
