
যোৱা ১২ জুনত আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। এই পৰিপ্ৰেক্ষিতত শাৰী শাৰীকৈ থোৱা বহু কফিনৰ ভিডিঅ’ আহমেদাবাদৰ দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Instagram Link | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৯ মে’ত এই ভিডিঅ’টো এটা ইনষ্টাগ্ৰাম হেণ্ডলত আপলোড হোৱা দেখিলোঁ। পোষ্টটোত এই ভিডিঅ’টো পাকিস্তানৰ বুলি উল্লেখ কৰা হৈছিল।
গতিকে এই ভিডিঅ’টো আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।
একেটা ভিডিঅ’ আমি আন এটা ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ৯ মে’ত আপলোড হোৱা দেখিলোঁ। কিন্তু ভিডিঅ’টোৰ সময় আৰু স্থান সম্পৰ্কে পোষ্টটোত উল্লেখ কৰা হোৱা নাছিল।
যদিও আমি এই ভিডিঅ’টোৰ স্থান আৰু সময় সম্পৰ্কে সঠিক তথ্য নাপালোঁ, তথাপি ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এই ভিডিঅ’টোত দেখুওৱা কফিনসমূহ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাত নিহতসকলৰ নহয়। ভিডিঅ’টো পুৰণি আৰু অতি কমেও যোৱা ৯ মে’ৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই কফিনসমূহ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাত নিহতসকলৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Written By: Debanjana BaishyaResult: False
