
২০২৫ চনৰ অক্টোবৰৰ শেষৰ ফালে বংগৰ দক্ষিণ-পূব উপসাগৰৰ ওপৰত ‘মন্থা’ ঘূৰ্ণীবতাহ আৰম্ভ হৈছিল। ই নিম্ন চাপ (low pressure system) হিচাপে আৰম্ভ হৈছিল যদিও উষ্ণ সাগৰৰ উষ্ণতা আৰু অনুকূল বতাহৰ আৰ্হিৰ বাবে ই দ্ৰুতগতিত শক্তি লাভ কৰিছিল। তীব্ৰতৰ হোৱাৰ লগে লগে আইএমডিয়ে পূৰ্বাভাস দিছিল যে ‘মন্থা’ এটা ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহাত পৰিণত হ’ব, যিটো ২৮ অক্টোবৰৰ আশে-পাশে অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ ফালে আগবাঢ়িব। বতৰ বিজ্ঞানীসকলে প্ৰচণ্ড বৰষুণ, প্ৰচণ্ড বতাহ, উপকূলীয় বানপানী, আৰু ৰুক্ষ সাগৰৰ পৰিস্থিতিৰ সতৰ্কবাণী দিছিল, নিম্ন অঞ্চলৰ লোকসকলক সজাগ হৈ থাকিবলৈ আৰু চৰকাৰী আপডেট অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল। “মন্থা” নামাকৰণ কৰিছে থাইলেণ্ডে। এই পৰিপ্ৰেক্ষিতত সাগৰৰ মাজত বিশাল গহ্বৰ সৃষ্টিৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কেইদিনমানৰ আগতে হৈ যোৱা সাগৰীয় “মন্থা” ঘূৰ্ণীবতাহ । মন্থা নামটো দিছিল থাইলেণ্ডে আৰু ইয়াৰ অৰ্থ হ’ল “ধুনীয়া ফুল এপাহ” ।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৫ চনৰ ২ আগষ্টত একেধৰণৰ ভিডিঅ’ এটা আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ উৎস সম্পৰ্কে যদিও কোনো তথ্য ইনষ্টাগ্ৰাম পোষ্টটোত উল্লেখ কৰা হোৱা নাছিল, আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো “মন্থা ঘূৰ্ণীবতাহ”ৰ নহয়। কিয়নো “মন্থা ঘূৰ্ণীবতাহ” আৰম্ভ হৈছিল অক্টোবৰ মাহৰ শেষৰ ফালে।
একেধৰণৰ ভিডিঅ’ আমি এটা ফেচবুক প্ৰফাইলত আপলোড হোৱা দেখিলোঁ ২০২৫ চনৰ ১৭ জুলাইত।

একেধৰণৰ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব যিবোৰ আপলোড কৰা হৈছিল “মন্থা ঘূৰ্ণীবতাহ” সৃষ্টি হোৱাৰ অন্ততঃ দুই- তিনিমাহ আগেয়েই।
এই পোষ্টসমূহৰ কমেণ্ট অংশত কোনো কোনো ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰিছিল। আমি এ আই ডিটেকচন টুল ব্যৱহাৰ কৰাত, তাৰ ফলাফলত দেখুৱালে যে এই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হোৱাৰ সম্ভাৱনা অধিক।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো “মন্থা ঘূৰ্ণীবতাহ” সৃষ্টিৰ বহু আগৰেপৰাই ইন্টাৰনেটত উপলব্ধ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো “মন্থা ঘূৰ্ণীবতাহ”ৰ নহয়। “মন্থা ঘূৰ্ণীবতাহ” সৃষ্টিৰ বহু আগৰেপৰাই ভিডিঅ’টো ইন্টাৰনেটত উপলব্ধ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
 
					  Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “মন্থা ঘূৰ্ণীবতাহ”ৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False



 
	 
						 
						