
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত পুলিচে কুৰ্তা-পায়জামা আৰু মুছলমান টুপী পৰিহিত এদল লোকৰ ওপৰত লাঠীচালনা কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম নৱমীৰ সমদলৰ সময়ত এইসকল লোকে শিলগুটি নিক্ষেপ কৰিছিল আৰু সেয়েহে পুলিচে এইদৰে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টো সম্পূৰ্ণকৈ চাই দেখিলোঁ যে তাত দুজনমান লোকে হিন্দী ভাষাত কৈছে যে তেওঁলোকে মাদ্ৰাছাৰ বেতনৰ দাবী কৰিছিল।তেওঁলোকৰ দাবী মানি লোৱা হোৱা নাই কাৰণে তেওঁলোকে বিৰোধিতা কৰিছিল আৰু পুলিচে এইদৰে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিছে। তদুপৰি ভিডিঅ’টোৰ ০:৩৫ টাইমষ্টেম্পৰ আশে-পাশে আমি এখন ছাইনবোৰ্ড দেখিলোঁ য’ত লিখা আছিল, “গৰ্ডনীবাগ থানা” বুলি।
আমি জানিব পাৰিলোঁ যে গৰ্ডনীবাগ থানা আছে বিহাৰৰ পাটনাত। ইয়াকে সমল হিচাপে লৈ আমি বিভিন্ন ধৰণৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইণ্ডিয়া ডট কমত ২০১৫ চনৰ ২৮ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি বিহাৰৰ পাটনাত মাদ্ৰাছা শিক্ষকসকলে দুবছৰ ধৰি তেওঁলোকৰ দৰমহা নোপোৱাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একগোট হৈছিল আৰু তেতিয়া পুলিচে এইদৰে তেওঁলোকক বাধা দিছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
আমি পুনৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰি ইণ্ডিয়া টিভিৰ অফিচিয়েল ইউটিউবত ২০১৫ চনৰ ২৭ আগষ্টত আপলোড হোৱা এক বাতৰি পালোঁ য’ত ভাইৰেল দৃশ্যাংশ সংলগ্ন কৰা হৈছিল। বাতৰি অনুসৰি ২০১৫ চনৰ ২৭ আগষ্টত পাটনাৰ গৰ্ডনীবাগত পুলিচে মাদ্ৰাছা শিক্ষকৰ প্ৰতিবাদ ৰোধ কৰিবলৈ চেষ্টা কৰোঁতে দুয়োপক্ষৰ মাজত হতাহতি লাগিছিল আৰু তেতিয়া প্ৰতিবাদকাৰী মাদ্ৰাছা শিক্ষকসকলৰ ওপৰত পুলিচে লাঠীচালনা কৰিছিল।
ভাইৰেল দৃশ্যাংশৰ সৈতে মিল থকা ফটো সংলগ্ন এক টুইট আমি এ এন আইৰ এক্স হেণ্ডলতো পালোঁ। ২০১৫ চনৰ ২৭ আগষ্টৰ সেই টুইট অনুসৰি বিহাৰ চৰকাৰৰ বিৰুদ্ধে মাদ্ৰাছা শিক্ষকৰ প্ৰতিবাদৰ সময়ত পুলিচে লাঠীচালনা কৰিছিল।
এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ৰাম নৱমীৰ সমদলৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত ৰাম নৱমীৰ সমদলৰ সময়ত শিলগুটি নিক্ষেপ কৰা লোকৰ ওপৰত পুলিচে লাঠীচালনা কৰা নাই। ভিডিঅ’টো ২০১৫ চনৰ ২৭ আগষ্টৰ, সেই সময়ত বিহাৰৰ পাটনাৰ গৰ্ডনীবাগত মাদ্ৰাছা শিক্ষকসকলে বিহাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একগোট হৈছিল। প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ পুলিচে লাঠীচালনা কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বিহাৰৰ পুৰণি ভিডিঅ’ ৰাম নৱমীৰ সমদলৰ সময়ত শিলগুটি নিক্ষেপ কৰা লোকৰ ওপৰত পুলিচে লাঠীচালনা কৰা বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
