
২০২৫ চনৰ ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই ১৭১ৰ কেবিন ক্ৰুৰ শেষৰটো ৰীল বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ ৯ জুনত আপলোড কৰা হৈছিল।
ইনষ্টাগ্ৰাম হেণ্ডেলটো চাই আমি গম পালোঁ যে ইনষ্টাগ্ৰাম হেণ্ডেলৰ ব্যৱহাৰকাৰী যশস্বী শৰ্মা, এগৰাকী বিমান পৰিচাৰিকা যাক ভাইৰেল ভিডিঅ’ ৰেকৰ্ডিং কৰি থকা দেখা গৈছিল। ২০২৫ চনৰ ১৩ জুন তাৰিখে মন্তব্যৰ শিতানত যশস্বীয়ে লিখিছিল, “Hi everyone,
Thank you so much for reaching out – I’m safe and currently in Mumbai. I’m deeply shaken and heartbroken by what’s happened. It’s a very difficult time for us”
আমি ২০২৫ চনৰ ১৪ জুনত আৰু এটা ইনষ্টাগ্ৰাম পোষ্ট পাইছিলোঁ য’ত যশস্বীয়ে ভাইৰেল দাবীটো খণ্ডন কৰিছিল আৰু ভুৱা দাবীৰ সৈতে থকা ভিডিঅ’টো ৰিপ’ৰ্ট কৰিবলৈ মানুহক অনুৰোধ কৰিছিল।
পুনৰ অনুসন্ধান কৰি আমি এক প্ৰতিবেদন পালোঁ য’ত এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ ১২ জন ক্ৰুৰ নাম আছিল। প্ৰথম বিষয়া ক্লাইভ কুণ্ডাৰৰ সৈতে কেপ্তেইন সুমিত সভাৰৱালৰ কমাণ্ডত আছিল বিমানখন। কেবিন ক্ৰুৰ দুজন জ্যেষ্ঠ সদস্য শ্ৰদ্ধা ধৱন আৰু অপৰ্ণা মহাদিক বুলি চিনাক্ত কৰা হৈছে। আন কেবিন ক্ৰু সদস্যসকল আছিল ছানীতা চক্ৰৱৰ্তী, ঙানথোই কংব্ৰাইলতপম শৰ্মা, দীপক পাঠক, মৈথিলী পাটিল, ইৰফান শ্বেইখ, লামনুনথেম চিংছন, ৰোশনী সোংহাৰে ৰাজেন্দ্ৰ, আৰু মনীষা থাপা। যশস্বী শৰ্মা নামটো আমি তালিকাত বিচাৰি নাপালোঁ৷
আমি “দ্য ফ্ৰী প্ৰেছ জাৰ্নেল” ইউটিউব চেনেলত এটা ভিডিঅ’ পাইছিলোঁ, য’ত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এয়াৰ ইণ্ডিয়া এআই ১৭১ বিমানৰ ক্ৰু সদস্যসকলৰ সবিশেষ উল্লেখ কৰা হৈছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ ক্ৰুৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ পূৰ্বৰ। তদুপৰি এই ভিডিঅ’টো ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ ক্ৰুৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ৰ ক্ৰুৰ বুলি ভাইৰেল।
Fact Check By: Debanjana baishya