ছিৰিয়াৰ পুৰণি ভিডিঅ’ আয়াতুল্লাহ খোমেইনীৰ মৃত্যুৰ পাছত তেওঁৰ নিৰাপত্তাৰক্ষীক আটক কৰাৰ দৃশ্য বুলি ভাইৰেল।

False International

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এজন লোকক এদল অস্ত্ৰধাৰী লোকে চকুত কাপোৰ বান্ধি বন্দী কৰি আনিছে আৰু আৰবী ভাষাত কথা পাতিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইৰাণৰ সর্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ সকলো গোপন তথ্য ইজৰাইল আৰু আমেৰিকাৰ সৈতে আদান-প্রদান কৰিছিল খামেনিৰ দেহৰক্ষীয়ে নিজ মুখে স্বীকাৰ কৰিছে দেহৰক্ষীগৰাকীয়ে ইতিমধ্যে ইৰাণৰ সামৰিক বাহিনী IRGC য়ে আটক কৰিছে খামেনিৰ দেহৰক্ষীক সামাজিক মাধ্যমত পোহৰলৈ আহিছে এই তথ্য”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ফেচবুকত এই ভিডিঅ’টো ২০২৫ চনৰ ২৫ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ আৰবী ভাষাৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “অপৰাধী টাইছিৰৰ নিৰাপত্তা বিষয়া আৰু সদস্যসকলৰ সৈতে সাক্ষাৎ হয় যিসকলক তেওঁ নিৰ্যাতন চলাইছিল আৰু যিসকলৰ পৰিয়ালৰ হত্যা কৰা হৈছিল তেওঁৰদ্বাৰা।”

ইয়াকে সমল হিচাপে লৈ আমি আৰবী ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া একেধৰণৰ কেপশ্বনেৰে  ২০২৫ চনৰ ২৬ এপ্ৰিলত ফেচবুকত আপলোড হোৱা একেটা ভিডিঅ’ আমি পালোঁ।

আমি পুনৰ অনুসন্ধান কৰি ২০২৫ চনৰ ২৪ এপ্ৰিলত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত সংলগ্ন ফটোখন ভাইৰেল ভিডিঅ’টোত থকা “বন্দী” ব্যক্তিগৰাকীৰ সৈতে একেই। 

প্ৰতিবেদনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ছিৰিয়াৰ স্বৰাজ মন্ত্ৰালয়ে টাৰ্টাছ চহৰত এক নিৰ্দিষ্ট নিৰাপত্তা অভিযানৰ সময়ত পূৰ্বৰ ছিৰিয়াৰ শাসন ব্যৱস্থাৰ অন্যতম যুদ্ধাপৰাধী টাইছিৰ মাহফৌজক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে। এই অঞ্চলত তেওঁৰ উপস্থিতিৰ ইংগিত দিয়া চোৰাংচোৱা তথ্যৰ ভিত্তিত এই কথা প্ৰকাশ কৰা হৈছিল।

ডামাস্কাছৰ নিৰাপত্তাৰ সঞ্চালক কেপ্তেইন আব্দুল ৰহমান আল-দিবাগে মন্ত্ৰালয়ে ইয়াৰ “টেলিগ্ৰাম” চেনেলৰ জৰিয়তে প্ৰেৰণ কৰা এক বিবৃতিত কয় যে “মাহফৌজ”ক সাধাৰণ নাগৰিকৰ বিৰুদ্ধে যুদ্ধাপৰাধৰ বাবে বিচৰা হৈছিল, কিয়নো তেওঁ পূৰ্বে সামৰিক নিৰাপত্তা শাখা “২১৫” (ৰেইড ব্ৰিগেড)ত কাম কৰিছিল আৰু গুৰুতৰ নিয়ম উলংঘনৰ সৈতে জড়িত আছিল, বিশেষকৈ দামাস্কাছৰ মেজেহ আৰু কাফ্ৰ ছৌছা অঞ্চলত।”…

এই সম্পৰ্কে এক ভিডিঅ’ প্ৰতিবেদন তলত চাব পাৰিব।

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

আয়াতুল্লাহ খোমেইনীৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ নিৰাপত্তাৰক্ষীক আটক কৰাৰ কোনো বিশ্বাসযোগ্য তথ্য আমি নাপালোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু আয়াতুল্লাহ খোমেইনীৰ মৃত্যুৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত আয়াতুল্লাহ খোমেইনীৰ মৃত্যু সন্দৰ্ভত তেওঁৰ নিৰাপত্তাৰক্ষীক আটক কৰাৰ দৃশ্য দেখুওৱা হোৱা নাই। ভিডিঅ’টোত ছিৰিয়াৰ পূৰ্বৰ শাসন ব্যৱস্থাৰ যুদ্ধাপৰাধী টাইছিৰ মাহফৌজক আটক কৰাৰ দৃশ্যহে দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ছিৰিয়াৰ পুৰণি ভিডিঅ’ আয়াতুল্লাহ খোমেইনীৰ মৃত্যুৰ পাছত তেওঁৰ নিৰাপত্তাৰক্ষীক আটক কৰাৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *