
ছিংগাপুৰত প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰ জেনেৰেল হস্পিতালত কৰা হয়। কিন্তু জনসাধাৰণৰ দাবী আৰু প্ৰাৰম্ভিক ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সঠিকতা আৰু আইনী বৈধতাক লৈ হোৱা উদ্বেগৰ বাবে গুৱাহাটীত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ গতানুগতিক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই পটভূমিত ছিংগাপুৰত হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো য’ত দেখা গৈছে যে এজন ব্যক্তি ষ্ট্ৰেচাৰত শুই আছে আৰু তেওঁৰ চাৰিওফালে আছে চিকিৎসাকৰ্মীৰ দল এটা।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ছিংগাপুৰ জেনেৰেল হস্পিতালৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলত ২০২৪ চনৰ ১৯ ছেপ্টেম্বৰৰ এটা পোষ্ট পালোঁ য’ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল।

ফটোখনৰ কেপশ্বন অনুসৰি সেই সময়ত ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া ফৰ্মূলা ৱান ৰেচিঙত সেৱা আগবঢ়াবলৈ ছিংগাপুৰ জেনেৰেল হস্পিতাল সাজু হৈছিল (Revving up for the F1 weekend! 🏎️ 🏁
As the city gets ready for the excitement on track, our dedicated doctors and nurses are also preparing to ensure safety off the track. Today, they completed a simulation exercise, getting hands-on with race-specific equipment like the vacuum mattress—vital for immobilising and safely transporting patients. Our team is always ready to provide swift, life-saving care during the high-speed action.
The SGH team is ready to serve at the Singapore GP this weekend!)
একেধৰণৰ পোষ্ট আমি ছিংগাপুৰ জেনেৰেল হস্পিতালৰ ফেচবুক পেজতো পালোঁ।
উল্লেখযোগ্য যে ২০২৪ চনৰ ছিংগাপুৰ গ্ৰেণ্ড প্ৰিক্স (আনুষ্ঠানিকভাৱে ফৰ্মুলা ১ ছিংগাপুৰ এয়াৰলাইন্স ছিংগাপুৰ গ্ৰেণ্ড প্ৰিক্স ২০২৪ নামেৰে জনাজাত) ২০২৪ চনৰ ২২ ছেপ্টেম্বৰত ছিংগাপুৰৰ মেৰিনা বে’ৰ মেৰিনা বে ষ্ট্ৰীট চাৰ্কিটত অনুষ্ঠিত হোৱা ফৰ্মুলা ৱান মটৰ ৰেচ আছিল। ২০২৪ চনৰ ফৰ্মুলা ৱান বিশ্ব চেম্পিয়নশ্বিপৰ সেয়া অষ্টাদশ ৰাউণ্ড আছিল।
ফৰ্মূলা ৱান ৰেচিঙৰ সময়ত ট্ৰেকৰ বাহিৰত সুৰক্ষা নিশ্চিত কৰিবলৈ এছ জি এইচৰ (ছিংগাপুৰ জেনেৰেল হস্পিতাল) চিকিৎসক আৰু নাৰ্ছৰ দল উপস্থিত আছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন পুৰণি আৰু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰো যে দাবীটো প্ৰসংগ সংগতিহীন। ভাইৰেল ফটোখন পুৰণি আৰু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ফটোখনত ছিংগাপুৰ জেনেৰেল হাস্পতালৰ কৰ্মচাৰীসকলে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া ফৰ্মুলা ১ গ্ৰেণ্ড প্ৰিক্সৰ বাবে প্ৰস্তুতি চলাই থকা দেখা গৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ফটো জুবিন গাৰ্গৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে।
Fact Check By: Fact Crescendo AssameseResult:Missing Context
