আকাশত যুদ্ধ বিমানেৰে গঠন কৰা ত্ৰিশূল আকৃতিৰ এই ফটোখনৰ মহাকুম্ভ মেলাৰ‌ সৈতে কোনো সম্পৰ্ক নাই।

False Social

যুদ্ধ বিমানেৰে আকাশত ত্ৰিশূলৰ আকৃতি গঠন কৰা এখন ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ‌ অন্তিম দিনা ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰা ‘এয়াৰ শ্বো’ৰ দৃশ্য সেয়া। 

ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “যোৱা শিৱৰাত্ৰীৰ দিনা প্ৰয়াগৰাজ মহাকুম্ভত তিনিখন ছুখয় বিমানে আকাশমাৰ্গত ত্ৰিশূলৰ সৃষ্টি কৰে ।‌ ইতিমধ্যে মহাকুম্ভমেলাৰ সামৰণি পৰিছে”।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

মহাকুম্ভ মেলাত বায়ু সেনাই সঁচাকৈয়ে ‘এয়াৰ শ্বো’ প্ৰদৰ্শন কৰিছে নে নাই সেয়া জানিবলৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছুমান প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে মহাকুম্ভ মেলাৰ‌ অন্তিম দিনা প্ৰয়াগৰাজত ভাৰতীয় বায়ু সেনাই এক দৃষ্টিনন্দন ‘এয়াৰ শ্বো’ প্ৰদৰ্শন কৰিছিল।

কিন্তু এই দৃশ্যসমূহৰ ভাইৰেল ফটোখনৰ সৈতে আমি কোনো মিল দেখা নাপালোঁ।

এইবাৰ আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৯ চনৰ ৬ মাৰ্চত এজন টুইটাৰ (বৰ্তমান এক্স) ব্যৱহাৰকাৰীয়ে কৰা এটা টুইট পালোঁ য’ত ভাইৰেল ফটোখন আপলোড কৰা হৈছিল। যদিও ফটোখন সম্পৰ্কে কোনো ধৰণৰ তথ্য তাত উল্লেখ কৰা হোৱা নাছিল, তথাপি আমি নিশ্চিত হ’লোঁ যে ভাইৰেল ফটোখনৰ ২০২৫ চনৰ মহাকুম্ভ মেলাৰ‌ সৈতে কোনো সম্পৰ্ক নাই।

ভাইৰেল ফটোখনৰ এক স্পষ্ট সংস্কৰণ থকা আন এটা ছ’চিয়েল মিডিয়া পোষ্ট আমি পালোঁ। এই ফটোখন ভাৰতীয় বায়ু সেনাৰ প্ৰতি সন্মান জনাই শিৱৰাত্ৰি উপলক্ষে ২০১৯ চনৰ ৪ মাৰ্চত আপলোড কৰা হৈছিল।

একেখন ফটো সন্নিৱিষ্ট ২০১৯ আৰু ২০২০ চনৰ আন ছ’চিয়েল মিডিয়া পোষ্টো আমি পালোঁ।

ভাৰতীয় বায়ু সেনাই বিভিন্ন উপলক্ষত ‘এয়াৰ শ্বো’ প্ৰদৰ্শন কৰি আহিছে। বিভিন্ন ভিডিঅ’ চাই আমি জানিব পাৰিলোঁ যে ভাৰতীয় বায়ু সেনাই আকাশত গঠন কৰা ত্ৰিশূল আকৃতি ভাইৰেল ফটোখনৰ নিচিনা নহয়।

ভালদৰে বুজিবলৈ তলৰ ভিডিঅ’টো চাব পাৰে।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন পুৰণি আৰু কুম্ভমেলাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। দাবী কৰা ধৰণে ফটোখন ভাৰতীয় বায়ু সেনাই শেহতীয়াকৈ প্ৰয়াগৰাজত কুম্ভমেলাৰ অন্তিম দিনা প্ৰদৰ্শন কৰা এয়াৰ শ্বোৰ নহয়। ফটোখন কমেও ২০১৯ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আকাশত যুদ্ধ বিমানেৰে গঠন কৰা ত্ৰিশূল আকৃতিৰ এই ফটোখনৰ মহাকুম্ভ মেলাৰ‌ সৈতে কোনো সম্পৰ্ক নাই।

Written By: Debanjana Baishya  

Result: False