
যোৱা ৯ জুলাইত ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান এখন ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাত পতিত হয় যাৰ ফলত দুয়োগৰাকী পাইলটৰ মৃত্যু হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত চাৰিখন ফটোৰ এখন ক’লাজ শ্বেয়াৰ কৰা হৈছে। ক’লাজখনৰ তিনিখন ফটোত বিমানৰ অৱশিষ্ট দেখা গৈছে আৰু এখনত এগৰাকী পাইলটক মাটিত পৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে ফটোখন ৰাজস্থানৰ চুৰুত হোৱা ভাৰতীয় বায়ুসেনাৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ সময়ৰ।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড আৰু ৰিভাৰ্চ ইমেজ ছাৰ্চ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া যোৱা ৯ জুলাইত ৰাজস্থানৰ চুৰুত হোৱা ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনা সম্পৰ্কে কেইবাটাও প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদনসমূহত সংলগ্ন ফটোৰ মাজত আমি ভাইৰেল ক’লাজত থকা প্ৰথম ফটো দুখন পালোঁ।
অনুগ্ৰহ কৰি ইয়াত, ইয়াত আৰু ইয়াত পঢ়ক।
গতিকে আমি নিশ্চিত হ’লোঁ যে প্ৰথম ফটো দুখন ৰাজস্থানৰ চুৰুত শেহতীয়াকৈ হোৱা ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাৰ লগত জড়িত।
এইবাৰ আমি ক’লাজত থকা আন দুখন ফটোৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ।
ক’লাজখনত থকা পাইলটৰ ফটোখন ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি ২০২৫ চনৰ ৭ মাৰ্চত দ্য প্ৰিণ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত একেধৰণৰ ফটো এখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ফটোখনত যোৱা ৭ মাৰ্চত হাৰিয়ানাৰ পঞ্চকুলাত হোৱা ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাত জীৱন ৰক্ষা পৰা পাইলটজনক দেখা গৈছে।
আমি ৭ মাৰ্চ ২০২৫ তাৰিখে দ্য ট্ৰিবিউনৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ ৰিপৰ্ট পালোঁ। এই ভিডিঅ’টোত পাইলটজনৰ ভিডিঅ’ ক্লিপটো পালোঁ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল, “হাৰিয়ানাৰ পঞ্চকুলাৰ ৰায়পুৰ ৰাণীৰ সমীপত আই এ এফৰ জাগুয়াৰ যুদ্ধ বিমান দুৰ্ঘটনা; পাইলট নিৰাপদে বাহিৰলৈ ওলাই যায়।”
ভাৰতীয় বায়ুসেনাৰ এখন জাগুয়াৰ বিমান শুকুৰবাৰে হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ ৰায়পুৰ ৰাণীৰ সমীপৰ পাহাৰীয়া বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।
জেট বিমানখনে ৰুটিন ট্ৰেইনিং ছৰ্টীৰ সময়ত “চিষ্টেমৰ বিজুতি”ৰ সন্মুখীন হোৱাৰ পাছত এই দুৰ্ঘটনা সংঘটিত হয়।
আই এ এফে কয় যে পাইলটে বিমানখনৰপৰা নিৰাপদে বাহিৰলৈ ওলাই অহাৰ পূৰ্বে মাটিত থকা জীৱন বা সম্পত্তিৰ কোনো ক্ষতি নোহোৱাটো নিশ্চিত কৰিবলৈ কৌশল ৰচনা কৰিছিল আৰু লগতে কয় যে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।”
গতিকে এই ফটোখন পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।
এইবাৰ ক’লাজৰ অন্তিম ফটোখন ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০১৯ চনৰ ২৮ জানুৱাৰীত হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ফটোখনৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ফটোখনত ২০১৯ চনৰ ২৮ জানুৱাৰীত উত্তৰ প্ৰদেশৰ কুশীনগৰৰ এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা আই এ এফ জাগুয়াৰ যুদ্ধ বিমানখন দেখা গৈছে। হাতিমপুৰ স্থানীয় অঞ্চলৰ গ্ৰাম্য আৱাসিক এলেকাৰ পৰা কেইকিলোমিটাৰমান দূৰৈত নিজৰ জ্বলি থকা বিমানখন ষ্টিয়াৰিং কৰি পাইলট ৰোহিত কাটোচ (৩৬) নিৰাপদে উলিয়ায় আনিছিল।
একেধৰণৰ ফটো সংলগ্ন ২০১৯ চনৰ ২৮ জানুৱাৰীত প্ৰকাশিত আন এক প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশৰ কুশীনগৰত ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাত পতিত হৈছিল কিন্তু পাইলটজন বিমানখনৰ পৰা সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হৈছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে এই ফটোখনৰ ৰাজস্থানৰ চুৰুত হোৱা ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাৰ লগত কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো আংশিকভাৱে মিছা। ক’লাজখনত থকা প্ৰথম দুখন ফটো যদিও ৰাজস্থানৰ চুৰুত শেহতীয়াকৈ হোৱা ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাৰ, আন দুখন ফটো পুৰণি। ক’লাজখনত থকা পাইলটজনৰ ফটোখন যোৱা ৭ মাৰ্চত হাৰিয়ানাৰ পঞ্চকুলাত হোৱা ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাৰ আৰু আনখন ফটো উত্তৰ প্ৰদেশৰ কুশীনগৰত ২০১৯ চনৰ ২৮ জানুৱাৰীত হোৱা ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি ফটো ৰাজস্থানৰ চুৰুত শেহতীয়াকৈ হোৱা ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: Partly False
