
ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে যোৱা নিশা অৰ্থাৎ ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ পাছতে ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত এখন হস্পিতালৰ বিচনাত ড° মনমোহন সিঙক দেখা গৈছে আৰু ওচৰত এজন চিকিৎসকক থিয় হৈ থকা দেখা গৈছে। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি এক অসমীয়া নিউজ প’ৰ্টেলে লিখিছে এইদৰে, “শেষ শয়নত ড০ মনমোহন সিং”।
কিন্তু সঁচাকৈয়ে এইখন ড° মনমোহন সিঙৰ অন্তিম শয়নৰ ফটো হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Zee News ৱেবছাইটত ২০২১ চনৰ ১৪ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে প্ৰায় একেধৰণৰ। প্ৰতিবেদনত সংলগ্ন ফটোখনত মনমোহন সিঙৰ ওচৰত চিকিৎসকজনৰ উপৰিও তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দৱিয়াক দেখা গৈছে। ভাইৰেল ফটোখন এই ফটোখনৰপৰাই ক্ৰপ (crop) কৰা হৈছে।
প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ১৩ অক্টোবৰত ড° মনমোহন সিঙক জ্বৰ আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে নতুন দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছিল।
একেখন ফটো সংলগ্ন ২০২১ চনৰ ১৪ অক্টোবৰত প্ৰকাশিত আন এক প্ৰতিবেদন আমি পালোঁ য’ত উল্লেখ কৰা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনমোহন সিঙৰ আশু আৰোগ্য কামনা কৰিছে। তদুপৰি তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড° মনসুখ মান্দৱিয়াই তেওঁক এইমছত সাক্ষাৎ কৰিছিল।
উল্লেখযোগ্য যে মনসুখ মান্দৱিয়াই হস্পিতালৰ বিচনাত থকা ড° মনমোহন সিঙৰ ওচৰত ফটো তোলাক কেন্দ্ৰ কৰি সেই সময়ত ড° মনমোহন সিঙৰ কন্যাই আপত্তি দৰ্শাইছিল। এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ড° মনমোহন সিঙৰ অন্তিম শয়নৰ ফটো বুলি ভাইৰেল হোৱা ফটোখন দৰাচলতে ২০২১ চনৰেই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ড° মনমোহন সিঙৰ অন্তিম শয়নৰ ফটো বুলি ভাইৰেল হোৱা এই ফটোখন ২০২১ চনৰেই। সেই সময়ত জ্বৰ আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে ড° মনমোহন সিঙক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২১ চনৰেই ফটো ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
