ইউনাইটেড আৰৱ এমিৰেটছৰ মহাকাশচাৰী চুলতান-আল-নিয়াদীয়ে বৰ্তমান মহাকাশত ৰোজা পালন কৰিছে নেকি?

International Misleading

যোৱা ১ মাৰ্চৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ ৰমজান মাহ আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিতত এটা ছ’চিয়েল মিডিয়া পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দাবী কৰা হৈছে যে এগৰাকী মুছলমান ধৰ্মাৱলম্বী বিজ্ঞানীয়ে বৰ্তমান মহাকাশত “ৰোজা” পালন কৰি আছে। ইউনাইটেড আৰৱ এমিৰেটছৰ চুলতান-আল-নিয়াদী নামৰ এই মহাকাশচাৰীগৰাকীয়ে বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহাকাশত ৰোজা পালন কৰা বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত মহাকাশৰ আন দৃশ্যৰ লগতে মহাকাশচাৰীগৰাকীৰ কিছুমান দৃশ্যাংশ সংলগ্ন কৰা হৈছে আৰু দাবী কৰা হৈছে যে ১৬ বছৰ আগেয়ে তেওঁ খ্ৰীষ্টান ধৰ্মাৱলম্বী বিজ্ঞানী কেইগৰাকীমানৰ সমুখত মহাকাশত ৰোজা পালন কৰাৰ তেওঁৰ ইচ্ছাৰ বিষয়ে জনাইছিল। 

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে চুলতান-আল-নিয়াদী নামৰ মহাকাশচাৰীগৰাকীৰ বিষয়ে জানিবলৈ প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছুমান প্ৰতিবেদন পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ছমাহ মহাকাশত থকাৰ পাছত ২০২৩ চনৰ চেপ্তেম্বৰ মাহত পৃথিৱীলৈ ঘূৰি আহে।

গাল্ফ নিউজৰ অফিচিয়েল ইউটিউবত ২০২৩ চনৰ ১৮ চেপ্তেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ছমাহ মহাকাশত থকাৰ পাছত তেওঁ ২০২৩ চনৰ চেপ্তেম্বৰত পৃথিৱীলৈ ঘূৰি আহে। প্ৰতিবেদনত সংলগ্ন চুলতান-আল-নিয়াদীৰ দৃশ্যাংশসমূহৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল আছিল।

উল্লেখযোগ্য যে চুলতান-আল-নিয়াদী হ’ল ইউনাইটেড আৰৱ এমিৰেটছৰ পৰা “স্পেচৱাক” কৰা প্ৰথমগৰাকী ব্যক্তি।

আল আৰাবীয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “…কক্ষপথত থকা ছমাহৰ সময়ছোৱাত – আৰব মহাকাশচাৰীৰ এয়া অভিলেখ সময় – আল-নেয়াদীয়ে কয় যে তেওঁ পবিত্ৰ ৰমজান মাহ পালন কৰিব বিচাৰে, যেতিয়া মুছলমানসকলে সাধাৰণতে ব্ৰহ্মপুৱাৰপৰা সূৰ্যাস্তলৈকে উপবাসে থাকে।

কিন্তু মহাকাশ ভ্ৰমণে অনন্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।

ডুবাইত সাংবাদিকৰ আগত তেওঁ কয়, ‘আই এছ এছ (ইণ্টাৰনেচনেল স্পেচ ষ্টেচন) দ্ৰুতগতিত যাত্ৰা কৰে… অৰ্থাৎ ই ৯০ মিনিটত পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰে।

“গড়ে দৈনিক ১৬টা সূৰ্য্য উদয় আৰু সূৰ্যাস্ত হয়… আপুনি কেতিয়া উপবাস আৰম্ভ কৰিব আৰু ভাঙিব?”

আল-নেয়াদীয়ে কয় যে পৰিস্থিতিয়ে অনুমতি দিলে তেওঁ আই এছ এছত ব্যৱহাৰ কৰা জি এম টি সময় অনুসৰি উপবাস কৰিব পাৰে।

ভ্ৰমণকাৰী বা অসুস্থ লোককে ধৰি কিছুমান বিশেষ গোটৰ লোকৰ বাবে উপবাস বাধ্যতামূলক নহয়।

আল-নেয়াদীয়ে কয়, ‘ৰোজা ৰখাৰ উদ্দেশ্যেৰে ৰমজান মাহৰ বাবে প্ৰস্তুতি চলাম।”

চি এন এনৰ এক প্ৰতিবেদন অনুসৰি আল নিয়াদীয়ে কৈছিল যে মহাকাশচাৰী হিচাপে তেওঁক এগৰাকী “যাত্ৰী” হিচাপে গণ্য কৰা হ’ব আৰু সেয়ে ৰোজা পালন কৰাত তেওঁৰ বাধ্যবাধকতা নাই। যিকোনো ক্ষেত্ৰত “মিছন”ত বাধাৰ সৃষ্টি কৰিব পৰা কাম তেওঁ নকৰে।

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

এই প্ৰতিবেদন সমূহৰ ক’তো স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই যে চুলতান-আল-নিয়াদীয়ে মহাকাশত ৰোজা পালন কৰিছিল নে নাই, যদিও তেওঁ ৰমজান মাহৰ সময়চোৱাত মহাকাশতেই আছিল। প্ৰতিবেদন সমূহত প্ৰকাশিত তথ্য অনুসৰি চুলতান-আল-নিয়াদীয়ে এগৰাকী “যাত্ৰী” হিচাপে ৰোজা পালনৰ পৰা ৰেহাই পায় বুলিহে উল্লেখ কৰা হৈছিল।

২০২৩ চনৰ মহাকাশ অভিযানৰ মহাকাশচাৰীসকলে অভিযানলৈ যোৱাৰ আগেয়ে ২০২৩ চনৰ জানুৱাৰী মাহত এক সাংবাদিক মেলত অংশ লৈছিল। ৪৭:২১ টাইমষ্টেম্পত চুলতান-আল-নিয়াদীয়ে ৰমজান মাহৰ উপবাস সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে অভিযানক বিপদত পেলাবপৰা কাম কৰাৰপৰা তেওঁলোক বিৰত থাকিব।

উল্লেখযোগ্য যে ইয়াৰ আগতেও মুছলমান ধৰ্মাৱলম্বী মহাকাশচাৰী মহাকাশলৈ গৈছিল। উপবাসে থকা মহাকাশচাৰীৰ বাবে বিপদজনক। কোনেও মহাকাশত ৰোজা পালন কৰা নাছিল। 

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। চুলতান-আল-নিয়াদী বৰ্তমান মহাকাশত নাই। চুলতান-আল-নিয়াদী ২০২৩ চনৰ মাৰ্চ মাহত মহাকাশলৈ গৈছিল আৰু চেপ্তেম্বৰ মাহত উভতি আহিছিল। সেই সময়চোৱাত ৰমজান মাহ আছিল ২২ মাৰ্চৰ পৰা। কিন্তু মহাকাশচাৰী হিচাপে ৰোজা পালন কৰাত তেওঁৰ বাধ্যবাধকতা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইউনাইটেড আৰৱ এমিৰেটছৰ মহাকাশচাৰী চুলতান-আল-নিয়াদীয়ে বৰ্তমান মহাকাশত ৰোজা পালন কৰিছে নেকি?

Written By: Debanjana Baishya  

Result: Misleading