
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মাৰিছিল বুলি ৰাহুল গান্ধীয়ে নিজে স্বীকাৰ কৰিছে। যোৱা ১৯ ডিচেম্বৰত বিজেপি সাংসদ প্ৰতাপ সাৰংগীয়ে অভিযোগ উত্থাপন কৰিছিল যে ৰাহুল গান্ধীয়ে এজন সাংসদক ঠেলা মাৰি দিছিল আৰু সেই সাংসদগৰাকী প্ৰতাপ সাৰংগীৰ ওপৰত পৰি যোৱাৰ ফলত তেৱোঁ পৰি আঘাতপ্ৰাপ্ত হৈছিল। এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি থকা অৱস্থাত ৰাহুল গান্ধীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ৰাহুল গান্ধী নিজেই স্বীকাৰ কৰিছে যে তেওঁ ঠেলি দিছে, আৰু অতি নিৰ্লজ্জভাৱে কৈছে যে ঠেলি দিয়াটো একোৱেই নহয়।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টো লক্ষ্য কৰি দেখিলোঁ যে তাত সংবাদ প্ৰতিষ্ঠান এ এন আই(ANI)ৰ ল’গ’ আছে। ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এ এন আইৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৪ চনৰ ১৯ ডিচেম্বৰত আপলোড হোৱা ৰাহুল গান্ধীৰ ভাইৰেল ভিডিঅ’টোৰ এক স্পষ্ট আৰু দীঘলীয়া সংস্কৰণ পালোঁ। সাংবাদিকে ৰাহুল গান্ধীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়,”সংসদৰ প্ৰৱেশদ্বাৰেৰে মই যাব খুজিছিলোঁ আৰু বিজেপি সাংসদে মোক বাধা দিছিল আৰু ঠেলি দিছিল।” ইয়াৰ পাছতে ভিডিঅ’ টোৰ ০:২৩ টাইষ্টেম্পত সাংবাদিকে তেওঁক সোধে যে মল্লিকাৰ্জুন খৰ্গেক ঠেলা মাৰি দিয়া হৈছিল নেকি? তাৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে, “হৈছিল, কিন্তু, একো নহয়, ঠেলা-ঠেলি কৰিলে আমাৰ একো নহয়” (हां,किया है किया है, मगर ठिक हैं, कोई मतलब धक्का मुक्की से हमें कुछ होता नहीं हैं)।
এই অংশখিনিয়ে ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মাৰি দিছিল বুলি নিজে স্বীকাৰ কৰা বুলি ভাইৰেল হৈছে।
আন এটা দিশৰ পৰা কৰা একেটা ভিডিঅ’ আমি এন ডি টিভিৰ ইউটিউব চেনেলতো পালোঁ। তাতো স্পষ্টভাৱে শুনা যায় যে ৰাহুল গান্ধীয়ে কৈছিল যে মল্লিকাৰ্জুন খৰ্গে আৰু তেওঁৰ সৈতেও ঠেলা-ঠেলিৰ ঘটনা ঘটিছিল কিন্তু ঠেলা-ঠেলি কৰিলেও একো নহয়।
পিটিআই(PTI)ৰ এক্স হেণ্ডলতো ভাইৰেল ভিডিঅ’টোৰ এক স্পষ্ট সংস্কৰণ আমি পালোঁ।
ভাইৰেল ভিডিঅ’টো আৰু মূল ভিডিঅ’টোৰ তুলনা তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মৰাৰ কথা নিজে স্বীকাৰ কৰা নাছিল, বৰং মল্লিকাৰ্জুন খৰ্গেক ঠেলা মৰা হৈছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰহে দিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ মিছা। ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মাৰি দিছিল বুলি তেওঁ নিজে স্বীকাৰ কৰা নাছিল ভিডিঅ’টোত। মল্লিকাৰ্জুন খৰ্গেক ঠেলা মাৰি দিয়া হৈছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰহে তেওঁ কৈছিল যে মল্লিকাৰ্জুন খৰ্গেক ঠেলা মাৰি দিয়া হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বিজেপি সাংসদক ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়া বুলি তেওঁ নিজে স্বীকাৰ কৰিছিল নেকি? জানক সত্যতা।
Written By: Debanjana BaishyaResult: False
