
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক কোনো অনুষ্ঠানত ভাষণ প্ৰদান কৰা দেখা গৈছে। ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নিজকে প্ৰশংসা কৰি থকা অৱস্থাত কেজৰিৱাল৷
ইফালে দিল্লীত নিৰ্বাচন সমাগত৷ 😂”
কিন্তু সঁচাকৈয়ে অৰবিন্দ কেজৰিৱালে নিজৰ সম্পৰ্কে এইদৰে কৈছিলনে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া অৰবিন্দ কেজৰিৱালৰ অফিচিয়েল ফেচবুকত ২০২৫ চনৰ ২০ জানুৱাৰীত নিশা ৭ বাজি ২৪ মিনিটত লাইভ ষ্ট্ৰিমিং হোৱা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি সেয়া দিল্লীৰ কৃষ্ণ নগৰত অনুষ্ঠিত এক সভাৰ। ভিডিঅ’টোৰ টাইমষ্টেম্প ১৪: ৪০ৰ পৰা অৰবিন্দ কেজৰিৱালে বিজেপিক সমালোচনা কৰা দেখা গৈছে। সেই প্ৰসংগত কেজৰিৱালে কৈছিল যে তেওঁ যোৱা দহ বছৰত কৰা কামৰ খতিয়ান দাঙি ধৰিছে। কিন্তু বিজেপিক তেওঁলোকে কৰা কাম সম্পৰ্কে প্ৰশ্ন কৰিলে অথবা অহা পাঁচ বছৰৰ পৰিকল্পনা সম্পৰ্কে প্ৰশ্ন কৰিলে বিজেপিয়ে অৰবিন্দ কেজৰিৱালকহে সমালোচনা কৰে। ভিডিঅ’টোৰ ১৫:২৫ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ আমি দেখিবলৈ পালোঁ। তাত অৰবিন্দ কেজৰিৱালে কৈছিল, “তেওঁলোকে(বিজেপিয়ে) মোক ইমান গালি পাৰিছে যে মই লিখি আনিছোঁ।” তাৰ পাছতে ভিডিঅ’টোত আমি ভাইৰেল দৃশ্যাংশত কেজৰিৱালে কোৱা কথাখিনি শুনিবলৈ পালোঁ।
একেটা ভিডিঅ’ আমি অৰবিন্দ কেজৰিৱালৰ অফিচিয়েল ইউটিউবত চেনেলতো পালোঁ। ভিডিঅ’টোৰ ১৫:০০ টাইমষ্টেম্পৰপৰা ভাইৰেল দৃশ্যাংশ দেখিবলৈ পোৱা যায়।
ভাইৰেল দৃশ্যাংশ আৰু মূল ভিডিঅ’টোৰ মাজত তুলনা তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো অসম্পূৰ্ণ। মূল ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে বিজেপিয়ে তেওঁক সমালোচনা কৰাৰ কথাহে উল্লেখ কৰিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰা নাছিল বৰং বিজেপিয়ে তেওঁক সমালোচনা কৰাৰ কথাহে উল্লেখ কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰিছিল নেকি? অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল।
Written By: Debanjana BaishyaResult: Misleading
