আহত পেলেষ্টাইনী কিশোৰৰ ফটো হামাছ সন্ত্ৰাসবাদী বুলি ভাইৰেল।

Communal False

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত এজন ব্যক্তিক দেখা গৈছে যাৰ দুয়োখন হাত কটা আৰু বেণ্ডেজ লগোৱা। তদুপৰি দেহৰ আন অংশতো বেণ্ডেজ লগোৱা আছে। ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ফটোখনৰ ব্যক্তিজন হামাছ সন্ত্ৰাসবাদী যাৰ দুয়োখন হাত ইজৰাইলী সেনাই কাটি পেলায় আৰু লগতে শৰীৰৰ আন অংগ‌ও কাটি পেলায়। ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইয়াৰ নাম মোহম্মদ মহৰূফ৷

ই হৈছে হামাছ, গাজা, পেলেষ্টাইনৰ জঘন্য ইছলামিক সন্ত্ৰাসবাদী৷

ই যোৱা 7 অক্টোবৰ 2023ত ইজৰাইলত কৰা আক্ৰমণৰ পিছত বন্দী ইজৰাইলী শিশু সকলক জলাই দি তেওঁলোকৰ মাংসবোৰ ভক্ষণ কৰিছিল৷

শেষত ইজৰাইলী সেনাই ইয়াক কৰায়ত্ত কৰে৷ কিন্তু ইয়াক হত্যা নকৰিলে বৰঞ্চ ইয়াৰ দুয়োখন হাত কাটি পেলাই, এটা কিডনী উলিয়াই পেলাই আৰু তাৰ গুপ্তাংগৰ আধা কাটি দি তাক জীয়াইজীয়াই এৰি দিয়ে, যাতে দ্বিতীয় অন্য কোনো সন্ত্ৰাসবাদীয়ে পুনৰ ইজৰাইলৰ লগত তেনে কৰিবলৈ যোৱাৰ মৰসাহ নকৰে৷

এতিয়া এই জিহাদীটো জীয়াই থাকিও ”ওলা হু ওবেৰ’’ বুলি কৈ কোনো নীৰিহৰ ডিঙি কাটিব নোৱাৰিব৷ অৰ্থৎ ই জীয়াই থাকিও মৃতপ্ৰায়৷

”ন্যায়’’ শব্দটোৰ মৰ্যাদা ৰাখি ন্যায় দিয়াৰ ইয়েই হয়তো পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন৷ যাক ইজৰাইলৰ দৰে দেশেহে কৰিব পাৰে৷

বাদবাকী ভাৰতৰ দৰে Pseudo চেকুলাৰিজমৰ দেশত নপুংসক নেতাই এনে ন্যায় দিব নোৱাৰে৷ আৰু ভাৰতত ন্যায়ৰ নামত যি ভয়ানক অন্যায় 20-30 বছৰৰ পিছত দেশৰ চুপ্ৰিম কোঠাই দিয়ে, তাকেই দেশৰ জনতাই ন্যায় বুলি গংগাজলৰ দৰে শিৰত ল’ব লগা হয়”৷

Facebook Link | Archived Link 

একেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ষ্টক ইমেজ ৱেবছাইট Alamyত ভাইৰেল ফটোখন পালোঁ। ফটোখনৰ বিৱৰণ অনুসৰি ফটোখন হৈছে এজন পেলেষ্টাইনী কিশোৰ ডিয়া-আল-আদিনী(Diaa-al-Adini)ৰ। ইজৰাইলী সেনাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা পেলেষ্টাইনী কিশোৰ ডিয়া আল-আদিনীয়ে নিজৰ দুয়োখন হাত হেৰুৱাই পেলায়। চিকিৎসালয়ত চিকিৎসাৰ অভাৱৰ বাবে আহতসকলক জীয়াই ৰাখিবলৈ চিকিৎসকে বহু ৰোগীৰ অংগ কাটি পেলাবলৈ বাধ্য হয়।

Archived Link

এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ৰয়টাৰচত ২০২৪ চনৰ ২৮ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত একেজন কিশোৰৰ বেলেগ তিনিখন ফটো সংলগ্ন কৰা হৈছিল 

ফটোখনত থকা বিৱৰণ অনুসৰি পেলেষ্টাইনী কিশোৰ ডিয়া-আল-আদিনী যোৱা ১৩ আগষ্টত হোৱা ইজৰাইলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল আৰু তাৰ ফলত তেওঁৰ দুয়োখন হাত কাটি পেলাবলগীয়া হৈছিল। 

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

একেধৰণৰ প্ৰতিবেদন আমি “আৰব নিউজ‘তো পালোঁ।

Archived Link

আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল যে ফটোখন কোনো হামাছ সন্ত্ৰাসবাদী মোহম্মদ মহৰুফৰ নহয় বৰং পেলেষ্টাইনী কিশোৰ ডিয়া-আল-আদিনীৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ফটোখন কোনো হামাছ সন্ত্ৰাসবাদী মোহম্মদ মহৰুফৰ নহয় বৰং পেলেষ্টাইনী কিশোৰ ডিয়া-আল-আদিনীৰহে। যোৱা ১৩ আগষ্টত হোৱা ইজৰাইলৰ আক্ৰমণত পেলেষ্টাইনৰ এই কিশোৰজন গুৰুতৰভাৱে আহত হৈছিল আৰু তাৰ ফলত তেওঁৰ দুয়োখন হাত কাটি পেলাবলগীয়া হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আহত পেলেষ্টাইনী কিশোৰৰ ফটো হামাছ সন্ত্ৰাসবাদী বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *