
শেহতীয়াকৈ যোৰহাটত তিনিশ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা বুলি এখন জাননী ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। জাননীখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গৌৰৱ গগৈৰ ভুমিকা তথা কাৰ্যত লজ্জিত হৈ আত্মসন্মান আৰু নৈতিক দায়িত্বৰ খাতিৰত কংগ্ৰেছৰ বিভিন্ন পদ আৰু সদস্য হিচাপে থকা ৩০০ কৰ্মীয়ে দলৰ পৰা আজি পদত্যাগ কৰিলে যোৰহাটত ।”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া DA News Plus ত যোৰহাট কংগ্ৰেছৰ এক সংবাদমেল পালোঁ।
সংবাদমেলত যোৰহাট কংগ্ৰেছৰ বিষয়ববীয়াই জনায় যে ভাইৰেল জাননীখন ভুৱা আৰু জাননীখনত চহী কৰা “বিতু বৰুৱা” নামৰ ব্যক্তিজন ভুৱা কংগ্ৰেছী। যোৰহাটত তিনিশ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা বুলি কৰা দাবীটো মিছা।
একেধৰণৰ বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব।
আমি পুনৰ অনুসন্ধান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক কৃষাণু বৰুৱাৰ এক স্পষ্টীকৰণ ভিডিঅ’ পালোঁ। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাইৰেল জাননীখন ভুৱা আৰু যোৰহাটত কোনো কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা নাই।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল জাননীখন ভুৱা।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। যোৰহাটত তিনিশ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা বুলি প্ৰচাৰ হোৱা জাননীখন ভুৱা। কংগ্ৰেছৰ বিষয়ববীয়াসকলে এই বাতৰি খণ্ডন কৰিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:যোৰহাটত তিনিশ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo TeamResult: False


