পাতনি
অলপতে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে প্ৰথমে আটক আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত গুৱাহাটীৰ সাংবাদিক সমাজকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ সাংবাদিক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ অধীন এপেক্স বেংকলৈ গৈ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সৈতে বাতৰি সংক্ৰান্তত কথা পতাৰ পাছতেই তেওঁক আৰক্ষীয়ে আটক কৰি নি কেইবাঘণ্টাও পানবজাৰ থানাত ৰাখি থৈছিল আৰু নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰিছিল। তাৰ পাছতেই সৰ্বত্ৰ প্ৰতিবাদ দেখা গৈছিল। গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদক তথা ক্ৰছ কাৰেণ্ট নামৰ ডিজিটেল সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিক হিচাপে কৰ্মৰত আইনৰ ডিগ্ৰীধাৰী দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে প্ৰথমে বেংকটোৰ জনৈক বড়ো উপাধিৰ এগৰাকী কৰ্মচাৰীক অশালীন ভাষা প্ৰয়োগ কৰি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই গোচৰত তেওঁ জামিন লাভ কৰাৰ পাছত পুনৰ বেংকৰ নথি-পত্ৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত আন এটা গোচৰত তেওঁক প্ৰেপ্তাৰ কৰা হৈছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত সেইটো গোচৰতো তেওঁ জামিন লাভ কৰি জেলৰ পৰা মুকলি হৈ আহিবলৈ সক্ষম হয়।
বিৱৰণ
২০২৫ চনৰ ২৫ মাৰ্চৰ বাতৰিৰ প্ৰতিবেদন অনুসৰি একাংশ প্ৰতিবাদকাৰীয়ে এপেক্স বেংকৰ পৰিচালনাত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বেংকৰ সমুখত প্ৰতিবাদ কৰিছিল। ডিজিটেল সংবাদ প্ৰতিষ্ঠান ‘দ্য ক্ৰছকাৰেণ্ট’ৰ মুখ্য প্ৰতিবেদক দিলোৱাৰ হুছেইন মজুমদাৰক বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সৈতে এই অনিয়ম সম্পৰ্কে কথা পাতি তেখেতৰ ভাষ্য সংগ্ৰহ কৰিবলৈ যোৱাৰ কিছুসময় পাছত আৰক্ষীয়ে আটক কৰে। খবৰ অনুসৰি, সাংবাদিকগৰাকীয়ে বেংকটোৰ পৰিচালন সঞ্চালকক অভিযোগ কৰা আৰ্থিক অনিয়মৰ সন্দৰ্ভত জেৰা কৰিছিল যদিও পাছত তেওঁক আটক কৰাৰ কোনো কাৰণ উল্লেখ কৰা হোৱা নাছিল। ২৫ মাৰ্চৰ মাজনিশালৈ কেইবাঘণ্টা ধৰি আৰক্ষী থানাত বন্দী কৰি ৰখাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় যদিও পাছ দিনা তেওঁ জামিন লাভ কৰে। অৱশ্যে বেংকৰ পৰিচালন সঞ্চালকে দাখিল কৰা আন এটা গোচৰৰ মৰ্মে বেংকৰ নথি-পত্ৰ চুৰি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটীৰ আদালতে ২৮ মাৰ্চত দ্বিতীয়টো গোচৰতো জামিন মঞ্জুৰ কৰি পাছদিনা তেওঁক মুকলি কৰি দিয়ে। ইয়াৰ পাছত শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এটা নিজাববীয়া গোচৰ গ্ৰহণ কৰি এই সম্পৰ্কত চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এক জাননী জাৰি কৰিছে।
প্ৰতিবাদ
ইয়াৰ পাছতেই আৰম্ভ হয় প্ৰতিবাদ। দিলোৱাৰ হুছেইন মজুমদাৰৰ প্ৰতিষ্ঠানৰ সহকৰ্মীকে ধৰি গুৱাহাটীৰ পৰা পৰিচালিত বিভিন্ন ছপা, বৈদ্যুতিন তথা ডিডিটেল সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলে পানবজাৰ থানাৰ সমুখত প্ৰতিবাদ কৰে আৰু দিলোৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে। কিন্তু সেই প্ৰতিবাদ তথা দাবীৰ প্ৰতি সঁহাৰি নজনায় পানবজাৰ থানাই। পাছত মধ্যৰাতি তেওঁক গ্ৰেপ্তাৰ কৰা বুলি ঘোষণা কৰে। ইয়াৰ পাছদিনা গুৱাহাটী প্ৰেছ ক্লাৱত কেইবাশ সাংবাদিক একত্ৰিত হৈ এক প্ৰতিবাদী সভাৰ আয়োজন কৰি মানৱ শৃংখল গঠন কৰি আমবাৰীৰ পৰা চিজেএম আদালতলৈ প্ৰতিবাদী মিছিল উলিয়ায়। এই প্ৰতিবাদ সন্ধিয়ালৈ অব্যাহত থাকে। ক’লা বেজ পৰিধান কৰি কৰ্মৰত সাংবাদিকসকলে নিজৰ কৰ্তব্য কৰে। অৱশেষত সন্ধিয়াৰ পৰত তেওঁ জামিন লাভ কৰে যদিও আদালতত ব’ণ্ড জমা দিয়াৰ সময় উকলি যোৱাৰ বাবে তেওঁ ৰাতিটো ন্যায়িক জিম্মাতেই থাকিবলগীয়া হয় আৰু পাছদিনা পুৱাৰ ভাগত তেওঁক মুকলি কৰি দিয়া হয়। কিন্তু লগে লগে তেওঁক আন এটা গোচৰ অৰ্থাত বেংকৰ নথি হৰলুকি কৰাৰ চেষ্টাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে সেইটো গোচৰতো তেওঁ জামিন লাভ কৰি মুকলি হৈ আহে।
অসমৰ মুখ্যমন্ত্ৰীৰ ভাষ্য
ইয়াৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত কয় যে ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি ৱেবছাইটৰ বাবে কাম কৰা লোকসকলক সাংবাদিক হিচাপে স্বীকৃতি দিয়া নহয়। “তেওঁ এটা পৰ্টেলৰ বাবে কাম কৰে, আৰু আমি পৰ্টেলৰ বাবে কাম কৰা লোকসকলক সাংবাদিক হিচাপে স্বীকৃতি নিদিওঁ… মই বিশ্বাস কৰোঁ যে তেওঁ কেৱল সাধাৰণ এজন ব্যক্তি আৰু জল্পনা-কল্পনা চলি আছে যে তেওঁ এজন ব্যৱসায়ীয়ো। তেওঁ ডাম্পাৰৰ মালিক আৰু এটা পৰ্টেলৰ বাবে অংশকালীন সাংবাদিক হিচাপে কাম কৰে। প্ৰশ্ন কৰা পৰ্টেলটো এজন ৰাজনীতিবিদক প্ৰচাৰ কৰাৰ বাবে ব্যৱহৃত,” শৰ্মাই এইদৰে কয়।
তদুপৰি এক্সত তেখেতে এটা পোষ্টত লিখে যে, “মোৰ দৃষ্টিগোচৰ হৈছে যে কিছুমান মিডিয়া হাউছে অসম আৰক্ষীয়ে এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ খবৰ দিছে। মই স্পষ্ট কৰিব বিচাৰিছোঁ যে শেহতীয়াকৈ অসম আৰক্ষীয়ে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই।”
এইদৰে দিলোৱাৰ হুছেইন মজুমদাৰক এগৰাকী সাংবাদিক হিচাপে গণ্য কৰিবলৈ অস্বীকাৰ কৰি তেওঁক কেৱল এগৰাকী ব্যৱসায়ী হিচাপে লৈ তেওঁ ঋণ দাবী কৰিবলৈ গৈ বেংকটোত হেঁচা প্ৰয়োগ কৰিছিল বুলি কয়।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ স্থিতি
যোৱা বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিযোগে ঘোষণা কৰা হৈছে যে ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক বেংকৰ সন্মুখত ধৰ্ণাৰ অন্তত আটক কৰি ৰখাৰ পাছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে চাৰি সপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদনৰ দাখিলৰ বাবে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক জাননী জাৰি কৰিছে। আয়োগে লক্ষ্য কৰিছিল যে প্ৰকাশিত বিভিন্ন বাতৰিৰ প্ৰতিবেদনৰ বিষয়বস্তু যদি সঁচা হয়, তেন্তে সাংবাদিকগৰাকীৰ মানৱ অধিকাৰ উলংঘা কৰা হৈছে। সেয়েহে অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙলৈ জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত বিষয়টোৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ এই বিষয়টো লৈছিল। ২৫ মাৰ্চত সংবাদ ৱেবছাইট দ্য ক্ৰছ কাৰেণ্টৰ মুখ্য প্ৰতিবেদক দিলোৱাৰ হুছেইন মজুমদাৰক আৰ্থিক অনিয়মৰ অভিযোগ সন্দৰ্ভত অসম সমবায় এপেক্স বেংকৰ পৰিচালন সঞ্চালকক জেৰা কৰাৰ পাছত আৰক্ষীয়ে আটক কৰি ৰাখিছিল।
সেই সময়ত তেওঁক আটক কৰাৰ কোনো কাৰণ উল্লেখ কৰা হোৱা নাছিল। বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰতীয় প্ৰেছ ক্লাব, গুৱাহাটী প্ৰেছ ক্লাব আৰু অন্যান্য সংবাদ মাধ্যমে আটক কৰা এই কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছিল।
তাৰ পাছত মজুমদাৰৰ বিৰুদ্ধে যদিও একাধিক গোচৰ ৰুজু কৰা হৈছিল, কিন্তু আটাইকেইটা গোচৰতে তেওঁক জামিন মঞ্জুৰ কৰা হৈছিল। বেংকৰ চকীদাৰ জনৈক বড়োক নিৰ্যাতন চলোৱাৰ অভিযোগত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকী। আৰক্ষীৰ মতে, অভিযোগকাৰীয়ে অভিযোগ কৰে যে সাংবাদিকগৰাকীয়ে “অবৈধভাৱে অসম সমবায় এপেক্স বেংক লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ প্ৰথম মহলাত প্ৰৱেশ কৰি বেংকৰ মূল্যৱান নথি-পত্ৰও চুৰি কৰাৰ চেষ্টা চলাইছিল। বেংকৰ কৰ্মচাৰীয়ে অভিযুক্তক লক্ষ্য কৰি এলাৰ্ম বজাইছিল, যাৰ ফলত অভিযুক্তই পলায়ন কৰিছিল। ঘটনাৰ সময়ত অভিযুক্তই বেংকৰ কাম-কাজত অশান্তি দিছিল, ভাবুকি দিছিল আৰু বড়ো সম্প্ৰদায়ৰ নিৰাপত্তাৰক্ষীজনৰ প্ৰতি জাতিভিত্তিক অপমানজনক মন্তব্য কৰিছিল।”
দিলোৱাৰ হুছেইন মজুমাদাৰৰ ভাষ্য
কাৰাগাৰৰ পৰা মুকলি হৈ আহি বিভিন্ন সংবাদ মাধ্যমৰ আগত দিলোৱাৰ হুছেইন মজুমদাৰে মন্তব্য দিয়ে যে তেওঁৰ ব্যৱসায়িক ভিত্তিত দুখনকৈ ডাম্পাৰ থকাটো সঁচা। নিজৰ দুই কন্যাৰ ভৱিষ্যতৰ বাবে তেওঁ বেংকৰ ঋণ লৈ সম্পূৰ্ণ কৰ আদায় দি আইনীভাৱেই সেই সম্পত্তি ক্ৰয় কৰিছে। সেয়া সম্পূৰ্ণ নথি-পত্ৰত উল্লেখ আছে। তদুপৰি তেওঁ কয় যে তেওঁ যিহেতু এগৰাকী সাংবাদিক আৰু সাংবাদিকৰ ধৰ্ময়ে হৈছে প্ৰশ্ন কৰা, তেওঁ আগলৈয়ো প্ৰশ্ন কৰি যাব।
উপসংহাৰ
দিলোৱাৰ হুছেইন মজুমদাৰৰ আটক আৰু গ্ৰেপ্তাৰৰ এই ঘটনাটোৱে সমগ্ৰ অসমতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। একাংশ লোকে সাংবাদিকগৰাকী তথা সংবাদ মাধ্যম আৰু সাংবাদিক সমাজক কটু কথা কৈছিল সামাজিক মাধ্যমত। সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো একাংশ লোকে ধিক্বাৰ দিছিল তেওঁৰ মন্তব্য আৰু স্থিতিৰ বাবে। ইয়াৰ মাজতে মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া এই স্থিতিয়ে গুৰুত্ব বহন কৰিছে। এগৰাকী সাধাৰণ নাগৰিক হিচাপে ব্যক্তি এগৰাকীয়ে এইদৰে হাৰাশাস্তিৰ সমুখিন হোৱা বিষয়টোৱে মানৱ অধিকাৰ উলংঘা কৰা বুলি দৃষ্টিগোচৰ কৰি আয়োগে যি জাননী অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰিছে, তাৰ উত্তৰত অসম চৰকাৰৰ আৰক্ষীয়ে কি প্ৰতিবেদন দাখিল কৰে,সেয়া হ’ব লক্ষনীয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী। এক প্ৰতিবেদন।
Fact Check By: Pranjal SharmaResult: Insight
