অসম চৰকাৰৰ এই কাৰ্যকালৰ অন্তিমখন বাজেটঃ কি কি ঘোষণা কৰিছে চৰকাৰে। 

Insight Social

পাতনি

যোৱা ১০ মাৰ্চ ২০২৫.সোমবাৰে অসমৰ বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । আগন্তুক বৰ্ষৰ বাজেটখনত বহুকেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে । বাজেটখনক লৈ বিভিন্ন মহলত বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত আমি বাজেটখনৰ প্ৰধান ঘোষণাসমূহ সামৰি ল’বলৈ যতন কৰিছোঁ। আহকচোন চাওঁ কি কি আছে এই বাজেটত।

অসম চৰকাৰে ঘোষণা কৰা বাজেটত আমি লাভ কৰা তথ্য মতেঃ

চিকিৎসা খণ্ড

ক) চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰ্ণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্রগতি আঁচনিৰ অধীনত সামৰি লোৱা হ’ব । চৰকাৰে বছৰি দুখন ৰাষ্ট্ৰীয় সন্মিলন, এছিয়াৰ দেশসমূহৰ বাবে প্ৰতি দুবছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্ৰতি চাৰি বছৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৃষ্ঠপোষকতা কৰিব । চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টি সকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সূতবিহীন ঋণ প্রদান কৰিব । অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰা হ’ব ।

খ) কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কর্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ’ব । এইটো পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ হ’ব । এই যন্ত্ৰটোৰ মূল্য হৈছে প্ৰায় ৫৫০ কোটি টকা । এই প্ৰকল্পৰ বাবে চৰকাৰে চি এছ আৰ পুঁজিও ব্যৱহাৰ কৰিব ।

উচ্চ,কাৰিকৰী আৰু প্ৰাথমিক শিক্ষা খণ্ড


ক) কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা পুঁজি যোগান সংস্থাৰ আৰ্হিত অসমৰ শৈক্ষিক প্রতিষ্ঠানসমূহক সহায় কৰাৰ উদ্দেশ্যে অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰাৰ বাবে বাজেটত প্ৰস্তাৱ লোৱা হৈছে । ইয়াৰ ফলত উচ্চ শিক্ষাৰ প্রতিষ্ঠানে নিজৰ আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্রপাতি ক্ৰয় কৰাৰ বাবে বেংকৰ পৰা ঋণ ল’ব পাৰিব । মূল ঋণৰ ২৫ শতাংশ ৰাজ্য চৰকাৰে ৰাজ সাহায্য হিচাপে প্রদান কৰিব । এনে ঋণৰ সমুদায় সুদৰ দায়িত্বও ৰাজ্য চৰকাৰে বহন কৰিব । প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনিখন ঐচ্ছিকভিত্তিক হ’ব । এই সুবিধাৰ উপৰি চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক মূলধনী ব্যয়ত সমর্থন আগবঢ়াই যাব ।


খ) লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰা হ’ব। 

গ) ৰাজ্যৰ ২১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ১১৬খন ইতিমধ্যে কার্যক্ষম হৈছে । এই বছৰটোত আৰু ৯৭ খন আদৰ্শ বিদ্যালয় মুকলি কৰা হ’ব । এই বিদ্যালয়সমূহত ২০২৪-২৫ বৰ্ষত নামভৰ্তিৰ সংখ্যা ৮৭ শতাংশ বৃদ্ধি হৈছে । ২৫ খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদর্শ বিদ্যালয়লৈ উন্নীত কৰা হ’ব ।

ঘ) বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা ৬০ বছৰলৈ সম্প্ৰসাৰিত কৰা হৈছে ।

পৰ্যটন, যোগাযোগ আৰু প্ৰশাসনিক খণ্ড

ক) কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পর্যটন কেন্দ্ৰ হিচাপে গঢ়াৰ পৰিকল্পনা :নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব প্রদানেৰে কাৰ্বি আলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক অসমৰ নিৰ্মল শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব ।

খ) এক অর্থনৈতিক পথ হিচাপে বড়োলেণ্ড ক্ষেত্রীয় অঞ্চল :ভাৰত আৰু ভূটানৰ মাজত ব্যৱস্থাপনা যোগাযোগ সম্প্ৰসাৰণৰ বাবে বাজেটত ভূটান-বড়োলেণ্ডৰ আৰু বংগ উপকূলৰ বিকাশৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । যাৰ দ্বাৰা যোগীঘোপা আৰু ফুলবাৰীৰ সৈতে সুচল সংযোগ স্থাপন কৰা হ’ব । ইয়াৰ দ্বাৰা সীমান্তৰ দুয়োপাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এই অঞ্চলত আর্থিক কার্যকলাপক উৎসাহ যোগাই পাৰদৰ্শী বাণিজ্য আৰু পৰিবহণ ব্যৱস্থাক সহজসাধ্য কৰি তুলিব পৰা যাব । যোগীঘোপাত এটা বিশেষ অর্থনৈতিক মণ্ডল গঢ়ি তোলা হ’ব । বড়োলেণ্ড ক্ষেত্রীয় পৰিষদৰ (বিটিচি ) বাবে ১,১৪৩ কোটি টকা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে ৬২১ কোটি টকা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাবে ৩০৬ কোটি টকা আৱণ্টন কৰা হৈছে ।

গ) এই বছৰ অসম চৰকাৰে লক্ষ্যভিত্তিক উন্নয়ন আগুৱাই নিবলৈ দুটা নতুন বিভাগ গঠন কৰিছে। ষ্টার্টআপ, ইনকিউবেচন আৰু উদ্ভাৱন বিভাগৰ বাবে ৬০ কোটি টকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বাবে ১০০ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে।আনহাতে লোক নির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ পৰা লোক নিৰ্মাণ (স্বাস্থ্য আৰু শিক্ষা) নামেৰে এটা নতুন বিভাগ গঠন কৰা হ’ব। এই বিভাগটোৱে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ অন্তৰ্গত আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই বিভাজন সংমণ্ডল স্তৰলৈ হ’ব ।

কৃষি, স্বাৱলম্বিতা আৰু সমবায় খণ্ড

ক) অসমত কণী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অর্জন আৰু হাঁহ-কুকুৰা খণ্ডৰ বাণিজ্যিকীকৰণৰ নীতি ৰূপায়ণৰ বাবে বাজেটত ২৪ কোটি টকা আবণ্টন দিয়া হৈছে । গাহৰিৰ কৃত্ৰিম প্ৰজনন অভিযানৰ লগতে গাহৰিৰ প্ৰজনন কাৰ্যসূচীৰ প্ৰসাৰৰ বাবে কানাডাৰ প্ৰজাতিৰ আমদানি কৰা হ’ব । ইয়াৰ বাবে ১১ কোটি টকা আবণ্টন দিয়া হৈছে । পশু চিকিৎসা সেৱাক শক্তিশালী কৰাৰ অৰ্থে ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত গুৱাহাটী, বোকাখাত আৰু ডিব্ৰুগড়ত তিনিখন পোহনীয়া জীৱৰ হাস্পতাল কর্মক্ষম হৈ উঠিব । ইয়াৰ উপৰি কামৰূপ, গোলাঘাট, লখিমপুৰ আৰু তিনিচুকীয়াত চাৰিখন মাল্টি কেয়াৰ পশু চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে আৰু শিৱসাগৰত পঞ্চমখন এনে চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হৈছে । ইয়াৰ বাবে ২৪ কোটি টকা ধাৰ্য কৰা হৈছে । মাছ, মাছৰ খাদ্য, গাহৰিৰ মাংস আৰু কণীৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতা সুনিশ্চিত কৰিবলৈ ল’বলগীয়া পদক্ষেপ সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰিবলৈ চৰকাৰে এখন সমিতি গঠন কৰিব ।

খ) দুগ্ধ উন্নয়ন খণ্ডত স্বাৱলম্বিতা অর্জন কৰিবলৈ যোৰহাট, ধেমাজি আৰু ডিব্ৰুগড়ত তিনিটা নতুন দুগ্ধ সংসাধন প্ৰকল্পৰ লগতে বজালীত এটা এনে প্রকল্প স্থাপন কৰা হ’ব । আনুষ্ঠানিক দুগ্ধ খণ্ডত প্ৰতিদিনে ১০ লাখ লিটাৰ দুগ্ধ সংসাধনৰ লক্ষ্যৰ দিশত ই এক বৃহৎ পদক্ষেপ । দুগ্ধ পালকসকলক প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব ।

গ) সমবায় সমিতিসমূহৰ পঞ্জীয়ন উৎসাহিত কৰিবলৈ অসম সমবায় সমিতি আইন, ২০০৭ৰ ১৭ নম্বৰ ধাৰাৰ অধীনত প্ৰস্তাৱিত অনুমোদিত শ্বেয়াৰ মূলধনৰ পঞ্জীয়ন মাচুল বৰ্তমানৰ ১ শতাংশৰ পৰা ০.৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ।

ভূমি নীতি সংস্কাৰ 

ক) ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তনৰ বাবে মাচুল পৰিশোধ কৰাৰ সাপেক্ষে কৃষিভূমিৰ পৰা ইটাভাতাৰ বাহিৰে অন্যান্য অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ব্যৱহাৰৰ বাবে ভূমিলৈ শ্রেণী পৰিৱৰ্তনৰ বিষয়ে বাজেটত ঘোষণা কৰা হৈছে । ইয়াৰ অধীনত কৃষি সংসাধন আৰু দুগ্ধ ক্ষেত্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব । কৃষিভূমিৰ পৰা হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে ভূমিলৈ শ্ৰেণী পৰিৱৰ্তনৰ বাবে অইল ইণ্ডিয়া কোম্পানী আদিৰ দৰে বহুতো কোম্পানীৰ প্ৰস্তাৱ নিষ্পত্তি নোহোৱাকৈ পৰি আছে । মাচুল পৰিশোধ সাপেক্ষে ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে অসম চৰকাৰে প্ৰাসংগিক আইনৰ এক ব্যৱস্থা আনিব । শক্তি ক্ষেত্ৰত সেউজ শক্তিৰ বৃদ্ধি ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষিভূমিৰ পৰা সেউজ শক্তিৰ উদ্দেশ্যে ভূমিলৈ শ্ৰেণী পৰিৱৰ্তনৰ বাবে একে ধৰণৰ ব্যৱস্থাপনা কৰা হ’ব ।

খ) মিছন বসুন্ধৰা ৩.০ৰ অধীনত ছয় লাখতকৈও অধিক আৱেদন লাভ কৰা হৈছে । সাংস্কৃতিক আৰু শিক্ষানুষ্ঠান সমূহৰ দৰে অব্যক্তিগত বৈধ সংস্থাসমূহৰ বাবে ভূমি আবণ্টনৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰা হ’ব । বৰ্তমানলৈ ৪৩,২৯০খন আৱেদন লাভ কৰা হৈছে । ৰাজ্যৰ ভূমি হস্তান্তৰ বিষয়ৰ লগত জড়িত সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত হোৱা লেনদেনৰ সকলো গোচৰ চৰকাৰৰ যথাযথ অনুমোদনৰ পিছতহে কাৰ্যকৰী হ’ব । চৰকাৰে খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ অধিক দৃঢ় আৰু সুৰক্ষিত কৰিবলৈ ইতিমধ্যে প্ৰস্তাৱিত ৮৪৬খন গাঁৱৰ ভিতৰত অনুসূচিত জাতি/ জনজাতিৰ জনসংখ্যাপ্রধান গাঁওসমূহ বাছি উলিয়াই সেইসমূহক ‘ক্ষুদ্র জনজাতীয় ব্লক আৰু বেল্ট’ হিচাপে অধিসূচিত কৰিব । গাঁও প্রধানসকলৰ পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ।

সন্ত্ৰাস আৰু সংঘৰ্ষৰ পুনঃসংস্থাপন

ক) বড়োলেৰ জনগোষ্ঠীয় সংঘর্ষত ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল। এই পৰিয়ালসমূহৰ বেছিসংখ্যকে সাহায্য আৰু পুনসংস্থাপন লাভ কৰিছিল যদিও ৪ হাজাৰতকৈ অধিক পৰিয়ালে এতিয়াও সাহায্য নোপোৱাকৈ আছে। নির্যাতিতসকলক ন্যায় আৰু মৰ্যাদা প্ৰদান নিশ্চিত কৰিবলৈ বাজেটত অতিৰিক্ত ৩০ কোটি টকা দিয়া হৈছে।

খ) বিগত ৫ বছৰত মুঠ ১০,৮১৯ গৰাকী উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে আৰু তেওঁলোকে ১,৫৪০ সংখ্যক অস্ত্র, ২৯,৩৯২ গুলী-বাৰুদ আৰু ৩৬ টা গ্ৰেণেড জমা দিছে । এই আত্মসমৰ্পণকাৰী গোটসমূহৰ পুনৰ সংস্থাপন আৰু আৰ্থ-সামাজিক সংহতিৰ বাবে বাজেটত ৯৮ কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰা হৈছে ।

বহিঃৰাজ্য আৰু বিদেশ 

ক) ভাৰতৰ বিভিন্ন চহৰ বা বিদেশত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ মৃতদেহ সন্মানসহকাৰে ৰাজ্যখনলৈ অনাৰ বাবে এটা উৎসর্গীকৃত ব্যৱস্থা গঢ়ি তোলা হ’ব। এনে জটিল সময়ত দুৰ্ভগীয়া পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে মৃতকৰ শৰীৰ পৰিবহণৰ সমুদায় ব্যয় চৰকাৰে বহন কৰিব ।

খ) নতুন দিল্লীৰ দ্বাৰকাত ৪০০০ বর্গমিটাৰ ভূমিত এটা নতুন অসম ভৱন (দিল্লীত চতুৰ্থটো) আৰু মুম্বাইৰ কটন গ্ৰীণত ৫৭৪৪ বর্গমিটাৰ ভূমিত আন এটা অসম ভৱন (মুম্বাই দ্বিতীয়টো) নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰা হৈছে । এই অসম ভৱনকেইটাত এটাকৈ নামঘৰ থাকিব, য’ত অসমৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব ।

গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ 

ক) সত্ৰৰ ভকতসকললৈ প্ৰতিমাহে ১,৫০০ টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ বাজেটত লোৱা হৈছে । বৈচিত্ৰ্যৰ মাজত ঐক্যতা সুদৃঢ় কৰি তুলিবলৈ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”ৰ সমূহীয়া পৰিৱেশনৰ আয়োজন কৰা হ’ব । সমূহীয়া সম্প্ৰীতি প্রতীকী ৰূপত তুলি ধৰিবলৈ অসমৰ এক কোটিতকৈও অধিক নাগৰিকে বিভিন্ন স্থানৰ পৰা সমান্তৰালভাৱে এই সংগীতত অংশগ্ৰহণ কৰিব । পৰম্পৰাগত বড়ো লোকনৃত্য বাগৰুম্বা আৰু বৰদৈচিকলাৰ দৰ্শনীয় প্ৰদৰ্শনৰ আয়োজন কৰা হ’ব । অসমীয়া চলচ্চিত্র, সাহিত্য, লোক সংগীত, সংগীত আৰু তথ্যচিত্রইত্যাদি সংৰক্ষণ কৰিবলৈ চৰকাৰে নিজা OTT মঞ্চ গঠন কৰিব ।

খ) ইউনিটী মল স্থাপনৰ জৰিয়তে অসমৰ ৩৫খন জিলা আৰু দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক সামৰি ‘এক জিলা এক উৎপাদিত সামগ্ৰী’ৰ ধাৰণাটোৰ বাবে এক মঞ্চ প্ৰদান কৰা । ইয়াত ভৌগোলিক সূচক (GI) টেগ থকা অসমৰ উৎপাদিত সামগ্ৰীসমূহো প্ৰদৰ্শন কৰা হ’ব । ২৭৫ কোটি টকাৰ এই ইউনিটী মলটো এই বছৰতে সম্পূৰ্ণ হৈ উঠিব ।

গ) অসমলৈ বিশ্বমানৰ সংগীতানুষ্ঠানক আকৰ্ষণ কৰিবলৈ পদক্ষেপ লোৱা হ’ব । ৰাজ্যৰ জনসাধাৰণক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ ঐতিহ্য ক্ষেত্ৰ আৰু নদীৰ দাঁতি কাষৰীয়া অঞ্চলকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৰ্বাঙ্গীণ বিকাশ সাধনত গুৰুত্ব দিয়া হৈছে । এই বর্ষতে পর্যটন বিভাগে ইয়াৰ বাবে উপযুক্ত নীতি গ্ৰহণ কৰিব । ৰাজ্যখনত উপলব্ধ হোমষ্টে আৰু চাহ পৰ্যটনৰ সা-সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি এটা ডিজিটেল পর্যটন আৱৰ্ত সৃষ্টিৰ বাবে কাম কৰা হ’ব । 

ক্ৰীড়া আৰু দক্ষতা

ক) ভবিষ্যৎ প্রতিভাবান খেলুৱৈসকলৰ বাবে শক্তিশালী বুনিয়াদ গঢ়ি তোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ৫০০ গৰাকী ল’ৰা-ছোৱালীক অলিম্পিককে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় দক্ষতা, সম্পদ আৰু প্ৰশিক্ষণেৰে সাজু কৰি তোলা হ’ব।


খ) অসম দক্ষতা বিশ্ববিদ্যালয়ে এই বছৰতে নিজৰ চৌহদৰ পৰা কাম আৰম্ভ কৰিব পাৰিব । বিজ্ঞান-প্রযুক্তি তথা কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাধ্যমিক বিদ্যালয়সমূহক ৰাজ্যিক বৃত্তিমুখী প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে আমি টাটা-নেলকোৰ সৈতে অংশীদাৰিত্বৰ ভিত্তিত কাম কৰিব । ইয়াৰ বাবে বাজেটত ৫০ কোটি টকা আবণ্টন কৰা হয় ।



ঔদ্যোগিক প্ৰসাৰ ব’ৰ্ড আৰু বানিজ্য

ক) এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ জৰিয়তে ৫ লাখ কোটি টকাতকৈও অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা হৈছে । এই বিনিয়োগসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ আধুনিক লজিষ্টিক শক্তি, পানী আৰু পৰিবহণ আন্তঃগাঁথনিৰ সুবিধাযুক্ত ঔদ্যোগিক মণ্ডল উন্নয়নৰ পৰিকল্পনা কৰা হৈছে । এই পদক্ষেপসমূহৰ লগতে আন উদগনিমূলক ব্যৱস্থাক সমর্থন জনাবলৈ ক্ষেত্রভিত্তিক নির্দিষ্ট নীতি অনুসৰি অসম ঔদ্যোগিক গতিশীল পুঁজি নামৰ এটা উৎসর্গীকৃত পুঁজিৰ বাবে বাজেটত ২,০০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । আইন প্ৰণয়নৰ দ্বাৰা এখন উচ্চ ক্ষমতাসম্পন্ন ঔদ্যোগিক প্ৰসাৰ বোৰ্ড পৰিষদ গঠন কৰা হ’ব ।

খ) বৰ্তমান অসমৰ ৪৬টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ১৭টাই লাভ উপার্জন কৰি আছে । ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মুঠ যৌথ মূল্য ৪০,৩৮০ কোটি টকা । মুখ্যমন্ত্ৰীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত ২,৭০০ কোটি টকাৰ আছুটীয়া পুঁজি জমা কৰা হ’ব । এই বৰ্ষত গ্রীণফিল্ড সাৰ কাৰখানাত ১,২৭২ কোটি টকা বিনিয়োগেৰে কৃষিখণ্ডৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

বিজ্ঞান আৰু প্ৰযুক্তি

ক) কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত জটিল আর্থ-সামাজিক প্রকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমৰ নিজা কৃত্ৰিম উপগ্রহ ASSAMSAT (আছামছাট) স্থাপন কৰিব বিচৰা হৈছে । এই ব্যৱস্থাই অসমৰ কৃষি, দুর্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসর্গীকৃত সেৱা যোগানত সহায় কৰিব । ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলক কৃত্রিম উপগৃহ নির্মাণ কাৰ্যত জড়িত কৰি তেওঁলোকৰ কল্পনা শক্তিক উজ্জীবিত কৰাৰ পৰিকল্পনা কৰা হৈছে ।


খ) ১০০খন নির্বাচিত গাঁৱত উচ্চ প্রযুক্তিসম্পন্ন কৃত্রিম বুদ্ধিমত্তা নিৰ্ভৰ কৃষি কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰে উৎসাহ যোগাব, য’ত কৃত্রিম বুদ্ধিমত্তা আৰু ড্র’নে তথ্য-চালিত সিদ্ধান্ত গ্রহণ, কৃষি উৎপাদন বৃদ্ধি আৰু বহন ক্ষমতা ৰক্ষাৰ বাবে কৃষকক সহায় কৰিব ।

গ) অসম প্রযুক্তি উপত্যকা-কৃত্রিম বুদ্ধিমত্তা আৰু সেউজ উদ্ভাৱন কেন্দ্ৰ অনাগত বছৰবোৰত ভৱিষ্যতৰ বাবে সাজু এখন অসম গঢ়াৰ বাবে চৰকাৰে কৃত্রিম বুদ্ধিমত্তা, শক্তি সুৰক্ষা, নবীকৰণযোগ্য শক্তি, জৈৱ ইন্ধন আৰু সেউজ প্ৰযুক্তিত উদ্ভাৱনৰ কাম কৰিব ।


উদ্ভাৱন আৰু ষ্টার্টআপ


ক) বিশ্বজনীন ষ্টার্টআপ আৰু বিশেষ দক্ষতাৰ চাকৰি সৃষ্টিৰ ক্ষেত্ৰত পূৰ্বোত্তৰৰ প্ৰৱেশদ্বাৰ হিচাপে অসমক প্রতিষ্ঠা কৰাৰ বাবে চৰকাৰে আই আই টি গুৱাহাটীৰ সৈতে সহযোগিতা কৰিব। গৱেষণা আৰু উদ্ভাৱনৰ বাবে উৎসর্গিত বিশেষ অর্থনৈতিক মণ্ডল গঠন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পুঁজি বিচাৰিব ।

খ) ভাৰতৰ প্ৰথম বাঁহ স্মার্ট চিটি বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাৰ প্ৰদৰ্শনেৰেভাৰতৰ প্ৰথমখন বাঁহ স্মাৰ্ট চিটি স্থাপনৰ চিন্তা-চৰ্চা কৰা হৈছে। সেউজ নিৰ্মাণ আৰু উদ্ভাৱনক উৎসাহিত কৰি সকলো ভৱিষ্যতৰ চৰকাৰী গৃহ নিৰ্মাণত বাঁহ-নিৰ্ভৰ সামগ্ৰীৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হ’ব ।


গ)অসমক দেশৰ প্ৰথম সেউজ পেকেজিং ঔদ্যোগিক কেন্দ্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ বাবে চৰকাৰে জৈৱ প্লাষ্টিক ষ্টাৰ্ট আপক উৎসাহিত কৰিব । বহনক্ষম পেকেজিং সমাধানৰ গৱেষণা আৰু বিকাশত সহায় কৰাৰ বাবে এক সেউজ উদ্ভাৱন পুঁজি আৰম্ভ কৰা হৈছে । পৰিৱেশ অনুকূল ঔদ্যোগিক বিকাশত বৰঙণি যোগোৱাৰ বাবে কলৰ আঁহ-ভিত্তিক পেকেজিঙৰ লেখীয়া প্ৰযুক্তিত বিনিয়োগ কৰিব চৰকাৰে ।


ঘ) বহনক্ষম বিকাশ আৰু পাৰিপাৰ্শ্বিকতামূলক দায়বদ্ধতাৰ প্ৰসাৰ সাধন কৰিবলৈ চৰকাৰে এটা শক্তিশালী কার্বন ক্রেডিট ফ্ৰেমৱৰ্ক গঠন কৰি ইয়াৰ উন্নয়নৰ প্ৰচেষ্টা হাতত ল’ব ।

ঙ) দীপফেকৰ ভাবুকি আৰু চাইবাৰ নিৰীক্ষণ বৃদ্ধি কৰি তুলিবলৈ ভাৰতৰ প্রথম কৃত্রিম বুদ্ধিমত্তা (A-I) ভিত্তিক লেব স্থাপনেৰে অসম আৰক্ষীক উৎসাহিত কৰা হ’ব । এই অত্যাধুনিক ব্যৱস্থাই চাইবাৰ সুৰক্ষা, ডিজিটেল ফৰেনছিকচ আৰু অনলাইন ভাবুকি চিনাক্তকৰণৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব । এনে পদক্ষেপে কৃত্রিম বুদ্ধিমত্তা পৰিচালিত আইন বলবৎ আৰু চাইবাৰ অপৰাধ ৰোধত অসমে আগাশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হ’ব ।


চাহ-বিনিময়

ভাৰতৰ প্ৰথমটো কৃত্রিম বুদ্ধিমত্তা আৰু ব্লকচেইন-ভিত্তিক চাহ নিলাম স্বচ্ছতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ প্ৰথমটো কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত, ব্লকচেইন-ভিত্তিক চাহ নিলাম ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ অসমে চাহ উদ্যোগৰ অংশীদাৰ সকলৰ সৈতে কাম কৰিব । এই ডিজিটেল প্লেটফর্মে সুৰক্ষিত লেনদেন আৰু উচিত মূল্য নিৰ্ধাৰণক নিশ্চিত কৰি চাহ ব্যৱসায়ত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব ।

পৰিবহন
ক) ফাঁচী বজাৰৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ এখন জল মেট্ৰ’ চলোৱাৰ বিষয়ে বাজেটত উল্লেখ কৰা হৈছে । যাতে বিমানবন্দৰৰ যাত্ৰীসকলে ফাঁচী বজাৰৰ আই ডব্লিউ টি জেটীত চেক-ইন কৰি নতুন টার্মিনেলত উপস্থিত হ’ব পাৰে ।

খ) অধিক যাত্রী কঢ়িয়াই নিব পৰাকৈ এৰিয়েল ট্রামৱেছ বা কেৱল কাৰ নামৰ গধুৰ কেলিবাৰেৰে ডিজাইন কৰা ৰোপৱেৰে যাত্ৰীসকলক বিমানবন্দৰৰ পৰা খানাপাৰালৈ আৰু খানাপাৰাৰ পৰা বিমানবন্দৰলৈ অনা-নিয়া কৰাৰ কথা বাজেটত উল্লেখ কৰা হৈছে।


আত্মসহায়ক গোট আৰু উদ্যমীৰ সবলীকৰণ


প্রতিশ্রুতিসম্পন্না মহিলা নেতৃত্বাধীন ষ্টার্টআপক উৎসাহিত কৰাৰ বাবে প্রায় ২৫০ কোটি টকাৰে চৰকাৰে ‘লাখপতি বাইদেউ পুঁজি’ গঠনৰ পোষকতা কৰিছে । এই পুঁজি সুদবিহীন ঋণ প্রদান, সূদ ৰেহাই আৰু মহিলাসকলক সবলীকৰণৰ পৰা উদ্যমিতালৈ ৰূপান্তৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰাত ব্যৱহাৰ কৰা হ’ব ।


বাজেটত ঘোষণা কৰা আন কেতবোৰ ঘোষণাঃ

১) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এককালীন সাহায্যৰ পৰিমাণ ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি । বন্য জন্তুৰ উপদ্ৰৱত ফলত শস্য নষ্ট হলে ইয়াৰ ক্ষতিপূৰণ ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি ।

২) কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনা হ’ব । ইয়াৰ বাবে বাজেটত ২০ কোটি টকা ধাৰ্য কৰা হৈছে ।

৩) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বাৰ্ষিক কিস্তিত ১০০কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা ।

৪) ড৹ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত ডিপ্লমা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীতকৰণ সিদ্ধান্ত ।

৫) অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ । ৩৫খন জিলাত ৭০০ কোটি টকাৰ ভিতৰত ১২খন জিলাৰ বাবে ২৪০ কোটি টকা বাজেটত আৱন্টন ।

৬) ৰাজ্যখনৰ জিকিৰ আৰু জাৰীসমূহ থলুৱা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত । আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই এই দায়িত্ব বহন কৰিব ।

৭) জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশীকৰণৰ সিদ্ধান্ত । জ্যোতি চিত্ৰবন সমাজৰ উন্নীত কৰণৰ বাবে ৪ জনীয়া সমিতি গঠন ।

৮) মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ গৱেষণামূলক কাম কাজৰ বাবে ৫০ কোটি টকাৰ আৱন্টনৰ ঘোষণা ।

৯) কোচবিহাৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ কোটি টকীয়া প্ৰকল্প গ্ৰহণ । এই সত্ৰখনক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ।

১০) ২০২৫ বৰ্ষৰ ১৪ এপ্ৰিলৰ পৰা অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া অনুবাদ বাধ্যতামূলক ।


১১) ২০০৬ চনৰ ১জানুৱাৰীৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বাজেটত।

১২) স্নাতক মহলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আচঁনিৰ বাবে ২৫ কোটি টকা ধাৰ্য ।

১৩) মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭৭৩ কোটি টকা ধাৰ্য ।

১৪) ৰাজ্যত এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰাৰ পাছত এক লাখ ৬০ হাজাৰ ৫৯৪ গৰাকীক নিযুক্তি দিয়াৰ দিশে অসম চৰকাৰ । এই সন্দৰ্ভত সবিস্তাৰে বাজেটত উল্লেখ ।

১৫) ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আৱন্টন ।

১৬) চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২ কোটি টকাৰ আৱন্টন ।

১৭) শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা এক হাজাৰ যুৱ লেখকলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা । কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে এক হাজাৰ টকাকৈ এককালীন অনুদান ।

১৮) অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৪২০ কোটি টকা ।

১৯) প্ৰতি মাহত ১২০ ইউনিট বিদ্যুত খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলে প্ৰতি ইউনিটত এক টকাকৈ হ্ৰাস পাব । ইয়াৰ বাবে ৩০০ কোটি টকাৰ ৰাজসাহায্য ঘোষণা ।

২০) মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০ লাখকৈ টকা প্ৰদান কৰা হ’ব । ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০ টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০ টকা চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব ।


২১) এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব । শিলচৰত এখন উৰণ সেতু হ’ব । ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ’ব বিধায়কৰ হোষ্টেল । দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব ডিব্ৰুগড়ক ।

২২) দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ’ব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয় হ’ব ।

২৩) ২০২৫ চনৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক ।

উপসংহাৰ

এইধৰণৰ বিভিন্ন ঘোষণাৰে এই চৰকাৰৰ অন্তিমখন বাজেট যোৱা সোমবাৰে দাখিল কৰা হয়। বাজেটত বহুকেইটা আশাপ্ৰদ দিশ থকা বুলি বিভিন্নজনে মন্তব্য কৰিছে যদিও সেয়া কাৰ্যতঃ ৰূপায়িত হয় নে নহয় সেয়া হ’ব লক্ষনীয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসম চৰকাৰৰ এই কাৰ্যকালৰ অন্তিমখন বাজেটঃ কি কি ঘোষণা কৰিছে চৰকাৰে।

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *