শেহতীয়াকৈ আমাৰ দেশৰ ৰাজধানী দিল্লীৰ প্ৰদূষণৰ কথাটোৱে সমগ্ৰ দেশৰ লগতে অসমতো বিপুলৰূপত আলোচিত হৈছে। সমান্তৰালকৈ অসমৰ ৰাজধানী চহৰ গুৱাহাটীতো প্ৰদূষণে সাধাৰণ ৰাইজক সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে। আনকি বায়ুমণ্ডলৰ গুণাগুণৰ কথাও মাজে সময়ে আলোচিত হৈছে।
তেনে পৰিপ্ৰেক্ষিতত অনাগত ভৱিষ্যতত দিল্লী অথবা গুৱাহাটীৰ মানুহে অক্সিজেনৰ অভাৱত জ্বলকলা দেখিব বুলিও ধাৰণা কৰা হৈছে। সেইবাবেই অক্সিজেন বাৰৰ প্ৰসংগটোও উত্থাপিত হৈছে। বিদেশৰ একাধিক প্ৰান্তত অক্সিজেন বাৰ আছে। কিন্তু আমাৰ দেশত অক্সিজেন বাৰৰ বিষয়টো তুলনামূলকভাৱে নতুন। কিন্তু দেশৰ ৰাজধানী দিল্লীত অক্সিজেন বাৰ মুকলি হৈছে।
দিল্লীৰ অক্সিজেন বাৰ সম্পৰ্কতঃ
প্ৰদূষণৰ কৱলত বৰ বেয়াকৈ পৰিছে দিল্লী-এনচিআৰ। এনেকুৱা দিনো আহিছে যে প্ৰদূষণে তীব্ৰ মাত্ৰা স্পৰ্শ কৰিছিল। মুঠতে বিশুদ্ধ বতাহ উশাহ ল’বলৈ বিচাৰি হতাশ হৈ পৰিছে দিল্লীবাসী। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ দিল্লীৰ চিলেক্ট চিটি ৱাক মলত প্ৰথমবাৰৰ বাবে অক্সিজেন বাৰ মুকলি কৰা হৈছিল ২০১৯চনক, যাৰ নাম অক্সি পিউৰ। আৰ্যবীৰ কুমাৰ আৰু মাৰ্গাৰিটা কুৰিটছিয়ানাই প্ৰতিষ্ঠা কৰা এই অক্সিজেন বাৰখনে প্ৰায় ১৫ মিনিটৰ বাবে ৮০ৰ পৰা ৯০ শতাংশ বিশুদ্ধ অক্সিজেন উশাহ ল’ব পৰা ব্যৱস্থা কৰি দিছে, যাৰ মূল্য ২৯৯ টকাৰ পৰা আৰম্ভ হয়। এই বাৰত উপলব্ধ সুগন্ধিসমূহৰ ভিতৰত লেভেণ্ডাৰ, ইউকেলিপ্টাছ, লেমনগ্ৰাছ, চেৰী, আৰু বহুতো আছে। দিল্লীত এনে বাৰ খোলাৰ আঁৰৰ ধাৰণাটোৰ কথা উল্লেখ কৰি ইয়াৰ প্ৰতিষ্ঠাপকে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে ২০১৫ চনত লছ এঞ্জেলছত এনে বাৰ দেখিছিল আৰু ভাৰততো একেধৰণৰ কিবা এটা খুলিবলৈ মন মেলিছিল।
অক্সিজেন বাৰনো কি?ঃ
অক্সিজেন বাৰ হৈছে এনে এটা প্ৰতিষ্ঠান বা ইয়াৰ অংশ যিয়ে বিনোদনৰ বাবে অক্সিজেন বিক্ৰী কৰে। সেৱনৰ সুখ বৃদ্ধি কৰিবলৈ ব্যক্তিগতভৱে সুগন্ধিও যোগ কৰিব পাৰি ইয়াত। অক্সিজেন বাৰত থকা সুগন্ধবোৰ নাকৰ ফুটাত পোৱাৰ আগতে সুগন্ধিযুক্ত দ্ৰৱ থকা বটলৰ মাজেৰে অক্সিজেন বুদবুদ কৰি দিয়াৰ ব্যৱস্থা থাকে। বেছিভাগ বাৰে গোন্ধ উৎপন্ন কৰিবলৈ বিশেষ সুগন্ধি গ্ৰেডৰ কণা ব্যৱহাৰ কৰে, কিন্তু কিছুমান বাৰত সুগন্ধি তেল ব্যৱহাৰ কৰা হয়।
অক্সিজেন বাৰৰ ইতিহাসঃ
১৭৭৬ চনত ইংলেণ্ডৰ ৰয়েল ছ’চাইটিৰ এজন ফেল’ তথা এপ’থেকেৰী থমাছ হেনৰীয়ে অনুমান কৰিছিল যে জোচেফ প্ৰিষ্টলীয়ে নতুনকৈ আৱিষ্কাৰ কৰা ডিফ্ল’জিষ্টিকেটেড বায়ু(dephlogisticated air) (যাক আমি অক্সিজেন বুলি কও) এদিন ফেশ্বনেবল টেভাৰ্ণসমুহত ফৰাচী ৱাইনৰ দৰে এক ফেশ্বনেবল উপাদান হৈ পৰিব পাৰে। তেওঁ অৱশ্যে আশা কৰা নাছিল যে টেভাৰ্ণলৈ যোৱা লোকসকলে ক্লেৰেটৰ পৰিৱৰ্তে ‘এবটল বায়ু’ গ্ৰহণ কৰিবলৈ হে ভাল পাব। অক্সিজেনৰ বিনোদনমূলক ব্যৱহাৰৰ আন এক প্ৰাৰম্ভিক উল্লেখ ১৮৭০ চনৰ জুলে ভাৰ্নেৰ উপন্যাস আৰউণ্ড দ্য মুনত পোৱা যায়। এই গ্ৰন্থখনত ভাৰ্নে কৈছে:”জানেনে বন্ধুসকল, অক্সিজেনৰ কোঠাৰে এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা হ’ব পাৰে, য’ত যিসকল লোকৰ শৰীৰৰ অৱস্থা দুৰ্বল হৈ পৰিছে তেওঁলোকে কেইঘণ্টামানৰ বাবে অধিক সক্ৰিয় জীৱন কটাব পাৰিব।”
অতিকৈ প্ৰদূষিত টকিঅ’ আৰু বেইজিঙৰ “এয়াৰ ষ্টেচন”ৰ আৰ্হিত ১৯৯৬ চনত কানাডাৰ টৰন্টোত প্ৰথম অক্সিজেন বাৰ (O2 Spa Bar) মুকলি কৰা হয়। উত্তৰ আমেৰিকাত এই ধাৰা অব্যাহত থাকে আৰু ১৯৯০ চনৰ শেষৰ ফালে বাৰ মুকলি কৰা হয় নিউয়ৰ্ক, কেলিফৰ্ণিয়া, ফ্ল’ৰিডা, লাছ ভেগাছ আৰু ৰকি মাউণ্টেন অঞ্চলত। এই বাৰসমূহত গ্ৰাহকসকলে নাকৰ ফুটাত সুমুৱাই দিয়া প্লাষ্টিকৰ কেনুলাৰ জৰিয়তে অক্সিজেনৰ উশাহ লয়। নাইটক্লাব, চেলুন, স্পা, হেল্থ ক্লাব, ৰিজৰ্ট, টেনিং চেলুন, ৰেষ্টুৰেণ্ট, কফি হাউচ, বাৰ, বিমানবন্দৰ, স্কি চেলেট, যোগাসন ষ্টুডিঅ’, কাইৰোপ্ৰেক্টৰ, কেচিনো আদি বহু স্থানত এতিয়া অক্সিজেন বাৰ পোৱা যায়। ট্ৰেড শ্ব’, কনভেনচন আৰু কৰ্পৰেট মিটিংৰ লগতে ব্যক্তিগত পাৰ্টি আৰু প্ৰচাৰমূলক অনুষ্ঠানতো ইয়াক পোৱা যায়।
অক্সিজেন প্ৰদানৰ ব্যৱস্থা
অক্সিজেন বাৰৰ অতিথিসকলে বায়ুমণ্ডলৰ স্বাভাৱিক ২০.৯% অক্সিজেনতকৈ অধিক শতাংশ অক্সিজেন উশাহত ল’বলৈ প্ৰতি মিনিটত প্ৰায় এক মাৰ্কিন ডলাৰ খৰচ কৰে। এই অক্সিজেন পৰিৱেশৰ বায়ুৰ পৰা ঔদ্যোগিক (চিকিৎসাজনিত নহয়) অক্সিজেন ঘনীভূতকাৰীৰ দ্বাৰা সংগ্ৰহ কৰা হয় আৰু নাকৰ কেনুলাৰ জৰিয়তে প্ৰায় ২০ মিনিটলৈকে উশাহ লোৱা হয়। অক্সিজেন বাৰ বা অক্সিজেন বিক্ৰেতাই ব্যৱহাৰ কৰা যন্ত্ৰসমূহ সাধাৰণ চিকিৎসাজনিত যন্ত্ৰতকৈ পৃথক যদিও গ্ৰাহকে অক্সিজেন উশাহ ল’বলৈ কাণৰ চাৰিওফালে স্থিৰ হৈ নাকৰ ফুটাত সোমাই যোৱা ৰবৰৰ নলীৰ কেনুলা যন্ত্ৰটো ব্যৱহাৰ কৰে। গ্ৰাহকে অক্সিজেনত যোগ কৰিবলগীয়া এৰোমাথেৰাপিৰ সুগন্ধি যেনে লেভেণ্ডাৰ বা পদিনা ব্যৱহাৰ কৰি নিজৰ সেৱন অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে।
সুবিধাৰ লগতে স্বাস্থ্যজনিত বিপদ সম্পৰ্কে কি দাবী আছেঃ
বিকল্প চিকিৎসা বিজ্ঞানে দাবী কৰিছে যে মানৱ শৰীৰ সাধাৰণতে অক্সিজেনৰ অভাৱত থাকে, আৰু এইধৰণৰ অক্সিজেনে “বিষাক্ত পদাৰ্থ” আঁতৰাই আনকি কেন্সাৰকো নিৰাময় কৰিব পাৰে। সমৰ্থকসকলে দাবী কৰে যে এই প্ৰথা কেৱল নিৰাপদেই নহয়, ই স্বাস্থ্য আৰু সুস্থতাও বৃদ্ধি কৰে, য’ত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা, একাগ্ৰতা বৃদ্ধি কৰা, মানসিক চাপ হ্ৰাস কৰা, শক্তি আৰু সজাগতা বৃদ্ধি কৰা, হেংগঅভাৰ, মূৰৰ বিষ, আৰু চাইনাছৰ সমস্যাৰ প্ৰভাৱ কম কৰা আদি উপকাৰ শৰীৰে লাভ কৰে। কিন্তু কোনো দীৰ্ঘম্যাদী, সুনিয়ন্ত্ৰিত বৈজ্ঞানিক অধ্যয়নে এই কথাৰ সমৰ্থকসকলৰ কোনো দাবীকে নিশ্চিত কৰা নাই। তদুপৰি মানুহৰ শৰীৰত ২১ শতাংশ অক্সিজেন মিলিত হৈ থাকে আৰু হাওঁফাওঁৰ পৰা ওলাই অহা তেজত ইতিমধ্যে হিম’গ্লবিনৰ সৈতে বান্ধ খাই কঢ়িয়াই নিব পৰা প্ৰায় ৯৭ শতাংশ অক্সিজেন থাকেই। হাওঁফাওঁত অক্সিজেনৰ অংশ বেছি হোৱাটোৱে কোনো উদ্দেশ্য সাধন নকৰে আৰু প্ৰকৃততে ই ক্ষতিকাৰকো হ’ব পাৰে। চিকিৎসা বৃত্তিত জৰিতসকলে সতৰ্ক কৰি দিয়ে যে হাঁপানী আৰু এম্ফিচিমাৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ব্যক্তিয়ে উশাহত অত্যধিক অক্সিজেন ল’ব নালাগে। স্বাভাৱিকতকৈ অধিক অক্সিজেনৰ আংশিক চাপে ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ(chronic obstructive pulmonary disease চমূকৈ COPD) হৈ থকা ৰোগীৰ ক্ষেত্ৰতো পৰোক্ষভাৱে কাৰ্বন ডাই অক্সাইড নাৰ্ক’ছিছৰ সৃষ্টি কৰিব পাৰে। এফ ডি এয়ে সকীয়াই দিছে যে কিছুমান পৰিস্থিতিত ফ্লেভাৰিং অইলৰ টোপাল উশাহেৰে সোমাব পাৰে, যিয়ে হাওঁফাওঁৰ প্ৰদাহত অৰিহণা যোগাব পাৰে। কিছুমান অক্সিজেন বাৰ কোম্পানীয়ে নিয়ম মানি চলিবলৈ আৰু এফ ডি এৰ নিৰ্দেশনাৰ ভিতৰত থাকিবলৈ সোৱাদ দিয়াৰ বাবে নিৰাপদ জলভিত্তিক সুগন্ধি আগবঢ়ায়। অত্যধিক মাত্ৰাত Oxygen গ্ৰহণ কৰিলেও গম্ভীৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হ’ব পাৰে। যদিও বায়ুমণ্ডলৰ অক্সিজেন বিষক্ৰিয়াৰ প্ৰভাৱে হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে,অক্সিজেনৰ অংশৰ পৰিমান (৩০–৪০%) হ্ৰাস কৰিব পাৰে আৰু তুলনামূলকভাৱে কমকৈ সংস্পৰ্শলৈ অহাৰ ফলতো হাওঁফাওঁৰ বিষক্ৰিয়াৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। তথাপিও অক্সিজেন সেৱনৰ সময়ত যথাযথ সাৱধানতা অৱলম্বন কৰিব লাগে। ব্ৰিটেইনত স্বাস্থ্য আৰু সুৰক্ষা কাৰ্যবাহীসকলে টিউবিঙকে ধৰি আন সঁজুলি আৰু কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰতো নিৰ্দেশনা প্ৰকাশ কৰে। লগতে সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্কবাণী প্ৰকাশ কৰে আৰু নিৰাপদ অনুশীলন নিশ্চিত কৰিবলৈ কেইবাটাও পৰামৰ্শ দিয়ে। এয়া মূলতঃ জুইৰ আশংকা কম কৰিবলৈ কৰা হয়।
আন এটা চিন্তাৰ বিষয় হ’ল অক্সিজেনৰ সঁজুলিৰ ৰক্ষণাবেক্ষণৰ অনুচিত ধৰণ। কিছুমান অক্সিজেন ঘনীভূতকাৰীয়ে মাটিৰ ফিল্টাৰ ব্যৱহাৰ কৰে যিয়ে অণুজীৱৰ বৃদ্ধি কৰে, যাৰ ফলত হাওঁফাওঁৰ সংক্ৰমণৰ সৃষ্টি হ’ব পৰা অতিৰিক্ত বিপদৰ সম্ভাৱনা সৃষ্টি হয়।
সুৰক্ষাৰ ক্ষেত্ৰত সাম্ভাব্য সমস্যাঃ
অক্সিজেনৰ ঘনত্ব বৃদ্ধি হ’লে জ্বলি যোৱাৰ আশংকা বৃদ্ধি পায়। দহনৰ হাৰ আৰু তাপ বৃদ্ধি পায় আৰু সেই জুই নিৰ্বাপন কৰাত অসুবিধা হয়। সাধাৰণ বতাহত জ্বলিব নোৱাৰা বহুতো পদাৰ্থও অক্সিজেনৰ যথেষ্ট উচ্চ আংশিক চাপত জ্বলি যাব পাৰে ।
ইয়াৰ নিয়মাৱলীঃ
আমেৰিকাত ফেডাৰেল ফুড, ড্ৰাগ এণ্ড কচমেটিক এক্টে(Federal Food, Drug, and Cosmetic Act) উশাহ-নিশাহৰ বাবে ব্যৱহাৰ কৰা আৰু আন এজন ব্যক্তিয়ে প্ৰদান কৰা যিকোনো পদাৰ্থক প্ৰেছক্ৰিপচন ঔষধ বুলি সংজ্ঞায়িত কৰে। খাদ্য আৰু ঔষধ প্ৰশাসনৰ (এফ ডি এ) চেণ্টাৰ ফৰ ড্ৰাগ ইভেলুৱেশ্যন এণ্ড ৰিচাৰ্চৰ গ্ৰাহক সুৰক্ষা বিষয়া মেলভিন শ্বিমানস্কিয়ে উল্লেখ কৰিছে যে নলীৰ এটা মূৰত অক্সিজেনৰ উৎসটো থাকে। গতিকে নলীডাল প্ৰদান কৰা আৰু অক্সিজেনৰ যোগান ধৰা ব্যক্তিজনেই অক্সিজেনৰ উৎস প্ৰেছক্ৰিপচন ঔষধ প্ৰদান কৰা বুজায়। তেওঁ মন্তব্য কৰে যে “যদিও প্ৰেছক্ৰিপচন অবিহনে অক্সিজেন বিতৰণ কৰা অক্সিজেন বাৰে এফ ডি এৰ নিয়ম উলংঘা কৰে, তথাপিও ব্যক্তিগত ৰাজ্যিক অনুজ্ঞাপত্ৰ ব’ৰ্ডসমূহক অক্সিজেন বিতৰণৰ সৈতে জড়িত প্ৰয়োজনীয়তাসমূহ বলবৎ কৰাৰ অনুমতি দিবলৈ নিয়ন্ত্ৰণমূলক সংস্থা হিচাপে বিবেচনা কৰে।” উল্লেখযোগ্য যে মেছাচুচেটছ ৰাজ্যত অক্সিজেন বাৰ অবৈধ।
উপসংহাৰঃ
এই আলোচনাৰ পৰা আমি ইয়াকেই জানিব পাৰিলোঁ প্ৰদূষণৰ বাবে অক্সিজেন বাৰৰ প্ৰয়োজনীয়তাৰ প্ৰসংগ উত্থাপন হৈছে যদিও, এইক্ষেত্ৰত যথেষ্ট নীতি নিৰ্দেশনাৰ কথা আছে। বিদেশৰ অক্সিজেন বাৰসমুহ মূলতঃ এক অন্য ধৰণৰ বিনোদন বা সতেজতা অনুভৱ কৰা এক প্ৰতিস্থানহে। এইক্ষেত্ৰত স্বাস্থ্যজনিত দিশসমূহ জৰিত হৈ আছে। সেইবাবে এইধৰণৰ সেৱা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গ্ৰাহকে নিজৰ শৰীৰ কথা চিন্তা কৰি লোৱা উচিত। আমাৰ দেশতো যদিও এই ব্যৱস্থাৰ সূচনা হৈছে, কিন্তু এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সঠিক দিগদৰ্শন আৰু দেশৰ চৰকাৰৰ সমুচিত নীতি নিৰ্দেশনাৰ প্ৰসংগটো আহিব। এই মুহূৰ্ততে অক্সিজেন বাৰ প্ৰদূষণৰ পৰা মুক্তি লাভৰ স্বাস্থ্যসন্মত উপায় বুলি অভিহিত কৰিব পৰা হোৱা পৰ্যায় পোৱাগৈ নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰদূষণ আৰু অক্সিজেন বাৰঃ অক্সিজেন বাৰৰ বিষয়ে সবিশেষ জানো আহক।
Written By: Pranjal SharmaResult: Insight
