দেখা গৈছে যে শেহতীয়াভাবে অসমৰ ফেচবুক বাংলাদেশৰ অন্তঃৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ইণ্টাৰনেছনেল ক্ৰিমিনেল কোৰ্ট)ত গণহত্যাৰ অপৰাধত অভিযোগ দিয়া প্ৰসংগটো আলোচিত হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে যে- #বাংলাদেশৰ_শাসক মহম্মদ ইউনুচৰ বিৰুদ্ধে #হিন্দু_গণহত্যাৰ_অভিযোগত International Criminal Court/ #ICC ত #গোচৰ_ৰুজু_হৈছে। কিন্ত দুৰ্ভাগ্যজনক কথা হৈছে ICC এ এজন #মুছলমান_অধিবক্তা কৰিম খানক পঠিয়াইছে মহম্মদ ইউনুচক জেৰা কৰিবলৈ। কৰিম খানে এতিয়া #মুছলমান_কাৰ্ড খেলি মহম্মদ ইউনুচৰ সপক্ষে #নেপটিজম কৰিব। ফটোৱে কথা কয়
এই আলোচনাত আমি এই বিষয়টো সামৰি ল’ব বিচাৰিছোঁ। ইণ্টাৰনেছনেল ক্ৰিমিনেল কোৰ্ট, তেওঁলোকৰ প্ৰক্ৰিয়া আৰু বাংলাদেশৰ শাসক মহম্মদ ইউনুছৰ বিৰুদ্ধে দিয়া অভিযোগ প্ৰসংগত কিছু কথা এই আলোচনাত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে।
প্ৰথমে জানো আহক আইচিচিত মহম্মদ ইউনুছৰ বিৰুদ্ধে দিয়া অভিযোগ সম্পৰ্কত
২০২৪ৰ ১০ আৰু ১১ নৱেম্বৰ একাধিক বাতৰিৰ প্ৰতিবেদন অনুসৰি চিলেটৰ প্ৰাক্তন মেয়ৰ আৰু আৱামী লীগৰ নেতা আনোৱাৰুজ্জামান চৌধুৰীয়ে আইচিচিত ৰোম ষ্টেট্যুটৰ ১৫ নং অনুচ্ছেদৰ অধীনত ইউনুছ আৰু আন ৬১ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ২০২৪ চনৰ ৯ নৱেম্বৰত ৰাজনৈতিক দলটোৰ অফিচিয়েল ফেচবুক পেজত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত চৌধুৰীয়ে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰা ছাত্ৰ বিদ্ৰোহৰ পিছত ইউনুছ আদিৰ বিৰুদ্ধে “গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ”ৰ অভিযোগ উত্থাপন কৰিছিল।. কিন্তু দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ইউনুছৰ আইনী উপদেষ্টাই এই আবেদনক “গোলকীয় মতামতক বিপথে পৰিচালিত কৰাৰ” প্ৰয়াস বুলি খাৰিজ কৰে। “এয়া কোনো গোচৰ নহয়। ই মাথোঁ এটা আবেদন। যিকোনো ব্যক্তিয়েই তেনেকুৱা কৰিব পাৰে।’- টাইমছ অৱ ইণ্ডিয়াই’ তেওঁৰ উদ্ধৃতিৰে এইদৰে কয়। কিন্তু চৌধুৰীয়ে দাখিল কৰা অভিযোগৰ আপডেট বা আইচিচিয়ে ইউনুছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি বিবৃতিৰ সৈতে কোনো প্ৰতিবেদন ১১ নৱেম্বৰৰ পৰা এই প্ৰতিবেদন লিখাৰ পৰলৈকে পোৱা নাই।
এতিয়া জানো আহক The International Criminal Court (ICC)নো কি
আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে (আইচিচি) আন্তঃৰাষ্ট্ৰীয় সমাজৰ বাবে চিন্তনীয় আটাইতকৈ গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত ব্যক্তিসকলৰ তদন্ত কৰে আৰু য’ত প্ৰয়োজন হয় তাৰ বিচাৰ কৰে। গণহত্যা, যুদ্ধোপৰাধ, মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু আগ্ৰাসনৰ অপৰাধ আদি ইয়াক আওতাত পৰে।
আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে অপৰাধৰ অন্ত পেলোৱাৰ বাবে বিশ্বব্যাপী এক যুঁজত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় অপৰাধমূলক ন্যায়ৰ জৰিয়তে আদালতে দায়ীসকলক তেওঁলোকৰ অপৰাধৰ বাবে জবাবদিহি কৰে আৰু এই অপৰাধসমূহ যাতে পুনৰ সংঘটিত নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখে। কিন্তু এই আদালতে অকলে এই লক্ষ্যত উপনীত হ’ব নোৱাৰে। শেষ পৰ্যায়ৰ আদালত হিচাপে ই ৰাষ্ট্ৰীয় আদালতসমুহৰ ঠাই লোৱাৰ সলনি তাৰ পৰিপূৰকহে হ’ব বিচাৰে। ৰোম ষ্টেট্যুট নামৰ আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ দ্বাৰা পৰিচালিত আইচিচি হৈছে বিশ্বৰ প্ৰথমখন স্থায়ী আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত।
আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতত প্ৰায় ১০০ খন ৰাষ্ট্ৰৰ পৰা ৯০০ জনতকৈ অধিক কৰ্মচাৰী আছে। ইংৰাজী, ফৰাচী, আৰবী, চীনা, ৰাছিয়ান আৰু স্পেনিছ আদি ৬টা চৰকাৰী ভাষা ইয়াৰদ্বাৰা স্বীকৃত ।
আইচিচিৰ মুখ্য কাৰ্যালয় আছে নেদাৰলেণ্ডৰ হেগত। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সৈতে আইচিচি এটা যোগাযোগ কাৰ্যালয় আছে। কিনছাছা আৰু বুনিয়াত ৭টা আইচিচি দেশৰ কাৰ্যালয় আছে। আইচিচি ২টা কৰ্ম ভাষা হৈছে ইংৰাজী আৰু ফৰাচী।
এতিয়ালৈকে আদালতৰ সন্মুখত ৩২টা গোচৰ ৰুজু হৈছে আৰু ইয়াৰে কিছুমান গোচৰত এজনতকৈ অধিক অভিযুক্ত লোকো আছে। আইচিচিৰ ন্যায়াধীশে ৫৯টা গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ৰাষ্ট্ৰসমূহৰ সহযোগিতাৰ ফলত ২১জন লোকক আইচিচিৰ ডিটেনচন চেণ্টাৰত আবদ্ধ কৰি আদালতত হাজিৰ কৰোৱা হৈছে। ৩০ জন লোক পলাতক হৈয়ো আছে। আনহাতে মৃত্যুৰ হোৱাৰ বাবে ৭জন লোকৰ বিৰুদ্ধে অভিযোগ উঠাই লোৱাও হৈছে। আই চি চিৰ ন্যায়াধীশসকলে এতিয়ালৈ হাজিৰ হ’বলৈ ৯টা চমন জাৰি কৰিছে। তদুপৰি ন্যায়াধীশসকলে ১১টা গোচৰত দোষী সাব্যস্ত কৰিছে আৰু ৪টা দোষমুক্ত ঘোষণা কৰিছে।
ন্যায়িক বিভাগ আৰু অভিযুক্তৰ অধিবক্তাৰ কাৰ্যালয়
আইচিচিৰ ন্যায়াধীশসকলে ন্যায়িক কাৰ্য্যবিধি পৰিচালনা কৰে আৰু কাৰ্য্যবিধিৰ ন্যায্যতা নিশ্চিত কৰে। আইচিচিৰ ১৮ জন ন্যায়াধীশক তেওঁলোকৰ অৰ্হতা, নিৰপেক্ষতা আৰু সততাৰ বাবে ৰাষ্ট্ৰ পক্ষৰ বিধানসভাই নিৰ্বাচিত কৰে আৰু ৯ বছৰৰ বাবে এই স্থান নবীকৰণযোগ্য নহয়। তেওঁলোকে ন্যায্য বিচাৰ নিশ্চিত কৰে আৰু সিদ্ধান্ত লোৱাৰ উপৰিও গ্ৰেপ্তাৰৰ পৰোৱানা বা হাজিৰ হ’বলৈ চমন জাৰি কৰা, ভুক্তভোগীক অংশগ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা, সাক্ষী সুৰক্ষা ব্যৱস্থাৰ নিৰ্দেশ দিয়া ইত্যাদি কাৰ্য সম্পাদন কৰে। ইয়াৰ উপৰিও তেওঁলোকে নিজৰ মাজৰ পৰা আইচিচিৰ সভাপতি আৰু দুজন উপ-সভাপতি নিৰ্বাচন কৰে, যিসকলে আদালতৰ নেতৃত্ব দিয়ে।
অভিযুক্তৰ অধিবক্তাক কাৰ্যালয় (OTP) আদালতৰ এটা স্বতন্ত্ৰ অংগ। আদালতৰ অধীনৰ কিছুমান এনেকুৱা পৰিস্থিতি য’ত গণহত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ, যুদ্ধাপৰাধ আৰু আগ্ৰাসন সংঘটিত হোৱা যেন লাগে, আৰু সেই অপৰাধৰ বাবে আটাইতকৈ বেছি দায়ী বুলি অভিযোগ উত্থাপন কৰা ব্যক্তিসকলৰ বিৰুদ্ধে তদন্ত আৰু বিচাৰ চলোৱাৰ দায়িত্ব পৰীক্ষা কৰাৰ বাবে এই বিভাগ দায়বদ্ধ।
অভিযুক্তৰ প্ৰতিৰক্ষা আৰু ভুক্তভোগীৰ অধিকাৰ
এটা শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা ন্যায্য বিচাৰ প্ৰক্ৰিয়া এটাৰ এক গুৰুত্বপূৰ্ণ উপাদান। প্ৰতিৰক্ষা দলসমূহে প্ৰতিবাদী (সন্দেহজনক বা অভিযুক্ত)ৰ অধিকাৰক প্ৰতিনিধিত্ব কৰে আৰু সুৰক্ষিত কৰে। আদালতৰ সন্মুখত যুক্তিসংগত সন্দেহৰ বাহিৰত দোষী সাব্যস্ত নোহোৱালৈকে সকলো প্ৰতিবাদীকে নিৰ্দোষী বুলি ধৰা হয়।
আদালতৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত যিকোনো অপৰাধ সংঘটিত কৰাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকল হৈছে ভুক্তভোগী। আদালতৰ কক্ষত ভুক্তভোগীসকৰৰ কথা শুনা হয়। কিয়নো ৰোম ষ্টেট্যুট বিধিয়ে ভুক্তভোগীক আইচিচিৰ কাৰ্য্যবিধিত অংশগ্ৰহণৰ অধিকাৰ প্ৰদান কৰি থৈছে।
সাক্ষী আৰু সাক্ষ্যদান
কেইবাধৰণৰো সাক্ষীয়ে আদালতৰ সন্মুখত সাক্ষ্য দিব পাৰে। সাক্ষীসকলৰ তথ্যৰ জ্ঞান থাকে আৰু কি হৈছিল সেই বিষয়ে সাক্ষ্য দিয়ে। তেওঁলোকো ভুক্তভোগী হ’লে অপৰাধ ভিত্তিক সাক্ষী হ’ব পাৰে আৰু তেওঁলোকৰ লগত কি হৈছিল সেই বিষয়ে সাক্ষ্য দিব পাৰে। এই সাক্ষীসকলৰ কিছুমানে আদালতৰ সন্মুখত অংশগ্ৰহণকাৰী ভুক্তভোগীৰ মৰ্যাদাও ৰাখিব পাৰে; তেওঁলোকক দ্বৈত মৰ্যাদাৰ সাক্ষী বুলি কোৱা হয়। বিশেষজ্ঞ সাক্ষীয়ে তেওঁলোকৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰখনৰ ভিতৰৰ বিষয়সমূহৰ বিষয়ে সাক্ষ্য দিয়ে, যেনে, বেলিষ্টিক বা ফৰেনছিক বিশেষজ্ঞ ইত্যাদি। অভাৰভিউ সাক্ষীয়ে সংঘাত সংঘটিত হোৱা প্ৰসংগৰ বিষয়ে তথ্য যোগান ধৰাত সহায় কৰে। এই সাক্ষীসকলক অভিযুক্তৰ অধিবক্তাৰ কাৰ্যালয়, প্ৰতিৰক্ষা, ভুক্তভোগীৰ আইনী প্ৰতিনিধি বা ন্যায়াধীশসকলে নিজেই মাতিব পাৰে বা সাক্ষ্য দিবলৈ ক’ব পাৰে।
শেষত জানো আহক আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ এই বিষয়ক শেহতীয় স্থিতি সম্পৰ্কে
আমি আইচিচিৰ ৱেবছাইটটো পৰীক্ষা কলোঁ ৱেবছাইটত থকা লেখাটোত অভিযোগ কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰা হয় সেই বিষয়ে বৰ্ণনা কৰা হৈছে। অভিযোগৰ গুৰুত্ব নিৰ্ধাৰণ কৰে অভিযুক্তৰ অধিবক্তাৰ কাৰ্যালয়ে। তাৰ পাছত যদি এই সিদ্ধান্ত লোৱা হয় যে তদন্ত আগবঢ়াই নিয়াৰ যুক্তিসংগত ভিত্তি আছে, তেন্তে তেওঁলোকে প্ৰি-ট্ৰায়েল চেম্বাৰত তদন্তৰ বাবে অনুৰোধ দাখিল কৰিব লাগিব। যদিহে প্ৰি-ট্ৰায়েল চেম্বাৰে পৰীক্ষাৰ সময়ত তদন্ত আগবঢ়াই নিয়াৰ যুক্তিসংগত ভিত্তি আছে বুলি বিবেচনা কৰে আৰু গোচৰটো আদালতৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত পৰে যেন লাগে, তেন্তে তদন্ত আৰম্ভ কৰাৰ অনুমোদন দিব। একেটা লেখাতে এইটোও উল্লেখ কৰা হৈছে যে কোনো দাবী বা আবেদন নাকচো কৰিব পাৰি। ইয়াত কোৱা হৈছে যে, “নিজৰ মূল্যায়ন সম্পূৰ্ণ কৰাৰ পাছত যদি অভিযুক্তৰ অধিবক্তাৰ কাৰ্যালয়ে এই সিদ্ধান্তত উপনীত হয় যে প্ৰদান কৰা তথ্যসমূহ আদালতৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত নপৰে বা অন্যথা তদন্তৰ বাবে যুক্তিসংগত ভিত্তি প্ৰদান নকৰে, তেন্তে ১৫ নং অনুচ্ছেদৰ যোগাযোগ প্ৰেৰকক লিখিতভাৱে অৱগত কৰিব।” ইয়াৰ উপৰিও অভিযুক্তৰ অধিবক্তাই নিজৰ উদ্যোগত, কোনো ৰাষ্ট্ৰ পক্ষৰ অনুৰোধত বা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) হস্তক্ষেপত তদন্ত আৰম্ভ কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত আৱামী লীগ স্বীকৃত ৰাষ্ট্ৰীয় দল নহয়। সেয়া আই চি চিত অভিযোগ দাখিল কৰা আৰু আই চি চিয়ে গোচৰৰ নিৰ্দেশ দিয়া একে নহয়।
উপসংহাৰ
এইসমুহ তথ্যৰ পৰা আমি নিশ্চত হৈছোঁ যে আৱামী লীগৰ নেতা আনৱাৰুজ্জামান চৌধুৰীয়ে অভিযোগ উত্থাপন কৰাটো সত্য যদিও এইক্ষেত্ৰত কোনো পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ খবৰ এই মুহূৰ্তলৈকে নাই।আই চি চিত অভিযোগ দাখিল কৰা আৰু আদালতে গোচৰৰ নিৰ্দেশ দিয়া একে নহয়। এইক্ষেত্ৰত পৰৱৰ্তী কি পদক্ষেপ আইচিচিয়ে গ্ৰহণ কৰে, সেই কথা সময়ত জানিব পৰা যাব।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:International Criminal Court আৰু মহম্মদ ইউনুছৰ বিৰুদ্ধে হিন্দু গণহত্যাৰ অভিযোগ। এক আলোচনা
Written By: Pranjal SharmaResult: Insight
