পাতনি
শেহতীয়াভাৱে অসম চৰকাৰে আধাৰ প্ৰদানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰাকৈয়ে এই ব্যৱস্থা কৰি তুলিছে। এতিয়া জিলা উপায়ুক্তসকলেহে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে দায়বদ্ধ হ”ব। এই সিদ্ধান্তৰ লক্ষ্য হৈছে নিৰাপত্তা বৃদ্ধি আৰু ৰাজ্যৰ জনগাঁথনিগত স্থিতিক সুৰক্ষিত কৰা। এই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
কিহৰ বাবে এই ব্যৱস্থা
কোনো অবৈধ বিদেশীয়ে যাতে ভাৰতীয় নাগৰিক হিচাপে সুবিধা লাভ কৰিব নোৱাৰে, তাৰবাবেই এই ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৭ জুন ২০২৫, শুকুৰবাৰে কয় যে বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্তকৰণৰ বাবে চৰকাৰৰ এক পৰিকল্পনাৰ অংশ হিচাপে প্ৰাপ্তবয়স্কৰ আধাৰ পঞ্জীয়ন প্ৰক্ৰিয়াকৰণৰ একমাত্ৰ কৰ্তৃত্ব জিলা আযুক্তক প্ৰদান কৰা হ’ব। ভাৰতৰ অন্যান্য অঞ্চলত প্ৰচলিত হৈ থকা ধৰণে আধাৰ কাৰ্ডৰ বাবে সেৱা কেন্দ্ৰ বা বাহ্যিক সংস্থা ব্যৱহাৰ কৰাৰ সাধাৰণ প্ৰথাটোৰ এতিয়াৰ পৰা বিচ্যুতি ঘটিব। ইতিপূৰ্বে অসমতো আধাৰ প্ৰদানৰ বাবে সেৱা কেন্দ্ৰ তথা অন্য তৃতীয় পক্ষক দায়িত্ব প্ৰদান কৰা হৈছিল। কিন্তু এতিয়াৰে পৰা প্ৰাপ্তবয়স্ক লোকে আধাৰ লাভ কৰিবলৈ হ”লে পোনপটীয়াভাৱে জিলা আয়ুক্তৰ সহায় ল’ব লাগিব।
এই ব্যৱস্থাৰ সুফল
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে অবৈধ বাংলাদেশী বিদেশী, যিসকল অধিকাংশই প্ৰাপ্তবয়স্ক, তেওঁলোকে জটিল পৰীক্ষণ পদ্ধতিৰ অধীনত আধাৰ কাৰ্ড লাভ কৰাত অসুবিধা পাব আৰু এই কাৰ্ড অবিহনে চৰকাৰে তেওঁলোকক ধৰি খেদি পঠিওৱাটো সহজ হ’ব।
বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকল সাধাৰণতে প্ৰাপ্তবয়স্ক হয় আৰু নতুন প্ৰাপ্তবয়স্কই যদি এতিয়াই আধাৰ বিচাৰে তেন্তে চৰকাৰে এক পুংখানুপুংখ তদন্ত কৰিব পাৰিব আৰু কেৱল জিলা আয়ুক্তৰহে আধাৰ জাৰি কৰাৰ ক্ষমতা থাকিব লাগিব। প্ৰাপ্তবয়স্কক আধাৰ প্ৰদানৰ বাবে নিয়ম কটকটীয়া কৰাৰ বিষয়ে মন্ত্ৰীসভাত আলোচনা কৰা আৰু কাৰ্যকৰী হোৱাৰ পাছত অবৈধ বাংলাদেশী বিদেশীসকলে আধাৰ কাৰ্ড লাভ কৰাত অসুবিধা পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।মুখ্যমন্ত্ৰী শর্মাই লগতে কয় যে অবৈধ বাংলাদেশীক চিনাক্ত কৰি বিতাড়িত কৰাটো চৰকাৰৰ বাবে সহজ হ’ব৷
শেহতীয়া স্থিতি
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমে ইতিমধ্যে ১০০ শতাংশ আধাৰ কভাৰেজ লাভ কৰিছে আৰু কেৱল নৱজাতককহে আধাৰ নামভৰ্তিৰ প্ৰয়োজন হৈ আছে। যিটো সেৱা কেন্দ্ৰৰ মাজেৰে স্বাভাৱিক প্ৰক্ৰিয়াৰে চলি থাকিব। তেওঁ লগতে ইয়াকো কয় যে যোৱা বৃহস্পতিবাৰে নিশা ২০ জন বাংলাদেশীক বিতাড়িত কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা আৰু খেদি দিয়া চলন্ত এক প্ৰচেষ্টাৰ ই এক অংশ। মুখ্যমন্ত্ৰীৰ মতে আধাৰ জাৰি কৰাৰ নিয়ম কঠোৰ কৰাৰ সিদ্ধান্তই এই প্ৰচেষ্টাত সহায়হে কৰিব।
বিতংকৈ আধাৰ
ৰাজ্যৰ সকলো নাগৰিকে তেওঁলোকৰ আধাৰ কাৰ্ডখন বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সেৱাৰ সৈতে লিংক কৰিব লাগে। ইয়াৰ ভিতৰত আছে:
– বেংক একাউণ্ট
– মোবাইল নম্বৰ
– পেঞ্চন আৰু অন্যান্য সুবিধা
এই লিংকিং প্ৰক্ৰিয়াৰ জৰিয়তে দুৰ্নীতি আৰু ভুৱা পৰিচয় ৰোধ কৰাত সহায় হ’ব বুলি চৰকাৰে আশা কৰিছে। অসম চৰকাৰে এখন ডিজিটেল পৰিচয় প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ডক গুৰুত্ব দিছে। ইয়াৰ দ্বাৰা প্ৰভিডেণ্ট ফাণ্ড (PF),ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (আয়ুষ্মান ভাৰত),বিভিন্ন শৈক্ষিক সুবিধা আদি লাভ কৰিব পৰা যায়।
শিশুৰ বাবে আধাৰ নিবন্ধন
নীতি অনুসৰি, ৫ বছৰৰ অনুৰ্ধৰ শিশুৰ বাবে শিশু আধাৰ কৰাটো উৎসাহিত কৰা হৈছে। ইয়াৰ বাবে পিতৃ-মাতৃৰ আধাৰৰ সৈতে লিংক কৰিব লাগিব।
আধাৰ শুদ্ধতাৰ পৰীক্ষা
চৰকাৰে আধাৰৰ তথ্য শুদ্ধ আৰু আপডেটেড কৰি ৰখাৰ বাবে নাগৰিকসকলক নিয়মীয়াকৈ তেওঁলোকৰ আধাৰৰ তথ্য পৰীক্ষা কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ বাবে UIDAIৰ অফিচিয়েল ৱেবছাইট ([https://uidai.gov.in](https://uidai.gov.in)) বা নিকটৱৰ্তী আধাৰ কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰি।
যদি আধাৰত কোনো ভুল তথ্য থাকে বা পৰিবৰ্তনৰ প্ৰয়োজন হয় (যেনে ঠিকনা, নাম, জন্ম তাৰিখ), তেন্তে অসমৰ যিকোনো আধাৰ সেৱা কেন্দ্ৰত সংশোধন কৰিব পাৰি।
উপসংহাৰ
বৰ্তমান সময়ত আমাৰ দেশত আধাৰ কাৰ্ড হৈছে এক অপৰিহাৰ্য্য চৰকাৰী নথি। এই নথি অবিহনে ভাৰতীয় নাগৰিক এজনে নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰাথমিকভাৱে পৰিচয় প্ৰদান কৰিব নোৱাৰে। যিহেতু এতিয়াও অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ অব্যাহত আছে, এইক্ষেত্ৰত অসম চৰকাৰৰ এই সিদ্ধান্তই নতুন অবৈধ বিদেশীক চিনাক্ত কৰাত সহয় কৰিব। কিন্তু এইক্ষেত্ৰত মূল ভাৰতীয় নাগৰিকৰ বাবেও নতুনকৈ আধাৰ কাৰ্ড লাভ কৰাত পূৰ্বতকৈ কিছু জটিলতা আহিব। যিহেতু অসমৰ প্ৰায় প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক লোকৰে আধাৰ কাৰ্ড লাভৰ প্ৰক্ৰিয়া ইতিমধ্যেই সমাপন ঘটিছে। গতিকে ই জটিলতাই প্ৰকৃত অসমীয়া বা ভাৰতীয়ক বৰ বিশেষ সমস্যাত নেপেলায়। সদৌ শেষত এয়া চৰকাৰৰ এক উচিত ব্যৱস্থা বুলিব পাৰি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: এতিয়াৰ পৰা প্ৰাপ্তবয়স্কৰ আধাৰ কেৱল জিলা আয়ুক্তই হে দিব পাৰিবঃ এক আলোচনা।
Fact Check By: Pranjal SharmaResult: Insight
