অসমৰ কাজিৰঙাৰ ভূ-প্ৰকৃতিলৈ উভতিছে এছিয়াটিক বনৰীয়া কুকুৰঃ এক আলোচনা

Insight Social

প্ৰস্তাৱনা

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ বিজ্ঞানীসকলৰ এক নতুন গৱেষণা মতে, স্থানীয়ভাৱে নিঃশেষ হোৱা বুলি ধাৰণা কৰা এছিয়াটিক বনৰীয়া কুকুৰ (Cuon alpinus) বা ধোলে অসমৰ কাজিৰঙা-কাৰ্বি আংলং অঞ্চললৈ(Kaziranga-Karbi Anglong Landscape (KKAL) নিশ্চিতভাৱে উভতি আহিছে। জাৰ্নেল অৱ থ্ৰেটেড টেক্সাৰ(Journal of Threatened Taxa) শেহতীয়া সংখ্যাত প্ৰকাশিত এই তথ্যই ইংগিত দিয়ে যে সততে লুকাই থকা আৰু কম চমৎকাৰী এই মাংসভোজী প্ৰাণীবিধৰ পৰিৱেশগত তাৎপৰ্য্য থকাৰ পাছতো হয়তো দীৰ্ঘদিন ধৰি অলক্ষিত হৈ আছে।

 পৰিচয়  

এছিয়াটিক বনৰীয়া কুকুৰক স্থানীয়ভাৱে ধোলে বা জংলী কুকুৰ বুলিও জনা যায়। ই এটা সামূহিকভাৱে চিকাৰ কৰা বিৰল কিন্তু সুন্দৰ প্ৰজাতিৰ জীৱ। ইহঁতক ভাৰতৰ উত্তৰ-পূব অঞ্চল, বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ জংঘলত কেতিয়াবা দেখা পোৱা যায়। ধোলেৰ দলবান্ধি জীয়াই থকাৰ স্বভাৱ আৰু ৰঙা-মটীয়া নোমৰ বাবে সহজে চিনিব পাৰি। 

ধোলেৰ চিনাক্তকৰণ 

ৰং- মটীয়া-ৰঙা নোম, বুকু আৰু ভৰি ক’লা।  

দেহৰ গঠন- পাতল, দীঘল ভৰি, ডাঙৰ গোলাকাৰ কাণ।  

দল- সাধাৰণতে ৫–১২ টা কুকুৰ দলত ফুৰে।  

মাত- চিঞৰি বা কেঁকাই যোগাযোগ কৰে (ইংৰাজীত “whistling dogs” বুলিও কোৱা হয়)।  

অসমৰ ক’ত দেখা পাব পাৰি   

অসমৰ কেইখনমান সংৰক্ষিত বনাঞ্চলত ধোলেৰ উপস্থিতিৰ কথা জনা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা জাতীয় উদ্যান আদিত ধোলে আছে বুলি ধাৰণা কৰা হয় যদিও ইয়াৰ প্ৰকৃতি লুকাই থকা বিধৰ বাবে সততে নজৰত নপৰে। কিন্তু শেহতীয়া গৱেষণাই কাজিৰাঙা আৰু কাৰ্বি-আংলঙৰ অঞ্চলত ইয়াৰ উপস্থিত ধৰা পেলাইছে। সেই বিৱৰণ ইয়াৰ পাছতেই পঢ়িবলৈ পাব।

শেহতীয়া গৱেষণাৰ বিৱৰণ

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ বিজ্ঞানীসকলৰ শেহতীয়া অধ্যয়নটোত উল্লেখ কৰা হৈছে যে, ভাৰতত বাসস্থানৰ ক্ষতি, বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তনৰ বাবে বন্যপ্ৰাণীৰ প্ৰজাতি হ্ৰাস পাইছে। এসময়ত কিছুমান বিশেষ অঞ্চলৰ পৰা নিঃশেষ হোৱা বুলি ভবা প্ৰজাতিসমূহ পুনৰ আৱিষ্কাৰ কৰা হৈছে, যিয়ে সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে আশাৰ সঞ্চাৰ কৰিছে।”

মুজাহিদ আহমদ, জ্যোতিষ ৰঞ্জন ডেকা, প্ৰিয়ংকা বৰা, উমৰ ছয়িড, ৰুচি বদোলা, আৰু চৈয়দ আইনুল হুছেইন হৈছে এই অধ্যয়নটোৰ লেখক; যিটো লেখাত প্ৰথমটো কেমেৰা ফান্দৰ প্ৰমাণৰ ভিত্তিত আমগুৰি কৰিডৰত বিলুপ্তপ্ৰায় এই জীৱৰ উপস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে।

WIIৰ Faculty of Wildlife Sciences ৰ ডীন ড° ৰুচি বাডোলাই দ্য হিন্দুৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে “এই তথ্য তাৎপৰ্যপূৰ্ণ। কাৰণ ই বিপন্ন প্ৰজাতিসমূহক সহায় কৰাত কৰিডৰসমুহৰ পৰিৱেশগত মূল্যৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে। ধোলেৰ দৰে জীৱৰ বাবে এক বৃহৎ, অবিক্ষিপ্ত বনাঞ্চলৰ বাসস্থানৰ প্ৰয়োজন হয় আৰু ইয়াত ইহঁতৰ উপস্থিতিয়ে এই গতিশীল বন্যপ্ৰাণী কৰিড’ৰটো সংৰক্ষণৰ প্ৰয়োজনীয়তা নিশ্চিত কৰে, যিয়ে বাঘ, নাহৰফুটুক, হাতী আৰু অন্যান্য প্ৰজাতিৰ প্ৰাণীকো সহায় কৰিব। বাসস্থান হেৰুওৱা আৰু দলৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ ভাবুকি বৃদ্ধি পোৱাৰ লগে লগে ভাৰতত কম পৰিচিত মাংসভোজী প্ৰাণীসমূহৰ দীৰ্ঘম্যাদী অস্তিত্বৰ বাবে এই বন সংযোগসমূহ কিয় সুৰক্ষিত আৰু পুনৰুদ্ধাৰ কৰিব লাগিব, তাৰ এক সময়োপযোগী সোঁৱৰণ হৈছে এইধৰণৰ আৱিষ্কাৰসমূহ।”

২০২২ চনত কৰা এই অধ্যয়নত ভাৰত-বাৰ্মা জৈৱ বৈচিত্ৰ্য হটস্পটৰ ভিতৰত অৱস্থিত ২৫ হাজাৰ বৰ্গ কিলোমিটাৰৰ কাজিৰঙা-কাৰ্বি-আংলঙ লেণ্ডস্কেপ(KKAL)ৰ ভিতৰৰ চাৰিটা মূল বন্যপ্ৰাণী কৰিডৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই কৰিডৰসমূহৰ ভিতৰত আছে পানবাৰী, হালধিবাৰী, কাঞ্চনজুৰি, আৰু আমগুৰি।

আমগুৰি কৰিড’ৰত ছবাৰকৈ ধোলেটোৰ ফটো কেমেৰাত বন্দী কৰা হৈছিল। সকলোবোৰ ফটো আছিল একেটা ধোলেৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩৭৫ মিটাৰ আৰু নিকটতম মানৱ বসতিস্থলৰ পৰা প্ৰায় ২৭০ মিটাৰ দূৰত্বত এই ফটো বন্দী কৰা হৈছিল। ধোলে হৈছে ৩০ টালৈকে গোট গঠন কৰা প্ৰাণী। কিন্তু চিকাৰৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতে অকলে বা যোৰাকৈও চিকাৰ কৰিব পাৰে।

বৰ্তমান এই ধোলেৰ বিচৰণ ভাৰত, নেপাল, ভূটান, বাংলাদেশ, চীন, ম্যানমাৰ, ইণ্ডোনেছিয়া, থাইলেণ্ড, মালয়েছিয়াকে ধৰি মধ্য আৰু পূব এছিয়াৰ কিছু অংশত সীমাবদ্ধ। ইয়াৰ বিশ্বব্যাপী পৰিসৰ অৱশ্যে এতিয়া ইয়াৰ ঐতিহাসিক পৰিসৰৰ এক চতুৰ্থাংশতকৈও কম। বাসস্থানৰ অৱক্ষয়, চিকাৰৰ অভাৱ, প্ৰতিশোধমূলক হত্যাৰ দৰে ভাবুকিৰ বাবে ইয়াৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। উত্তৰ-পূব ভাৰতত শেষবাৰৰ বাবে ২০১১ চনত নাগালেণ্ডত ধোলে দেখা পোৱাৰ কথা নিশ্চিত হৈছিল।

 বিচৰণৰ সঠিক সময়   

ধোলে সাধাৰণতে সূৰ্যোদয় বা গধূলি সক্ৰিয় হয়। শীতকাল (নৱেম্বৰ–ফেব্ৰুৱাৰী)ত বনাঞ্চলৰ আলৰণ কিছু পাতল হোৱা বাবে দেখা পোৱাৰ সম্ভাৱনা বেছি।  

সাৱধানতা

ধোলেৰ দলবান্ধি চিকাৰ কৰা প্ৰকৃতি আছে। সেয়েহে ইহঁতক দূৰৈৰ পৰা নিৰীক্ষণ কৰিব লাগে।  হঠাৎ ওচৰ চাপিবলৈ বা খুৱাবলৈ চেষ্টা কৰিব নালাগে। এইধৰণৰ বনৰীয়া জীৱৰ ফটো ল’বলৈ হলে শব্দ নকৰাকৈ ল’ব লাগে।  

ই কিয় গুৰুত্বপূৰ্ণ  

ধোলে হৈছে বনৰ পৰিবেশতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ চিকাৰী জন্তু। ই নিয়ন্ত্ৰিত ভাবে খাদ্য শৃংখল ৰক্ষা কৰে। ইয়াৰ সংখ্যা কমি অহাৰ বাবে IUCNৰ তালিকাত ই সংকটাপন্ন (Endangered) জীৱ হিচাপে তালিকাভুক্ত হৈছে।  

আপুনি ধোলে দেখিলে কি কৰিব  

লগে লগে স্থানীয় বন বিভাগক জনাওক। ফটো ল’ব পাৰিলে GPS location ৰেকৰ্ড কৰক।  সিহঁতৰ স্বাভাৱিক আচৰণত বাধা নিদিব। 

সামৰণি

ধোলেৰ সন্ধান পোৱাটো এটা সৌভাগ্যৰ কথা, কিয়নো ই অসমৰ জৈৱবৈচিত্ৰৰ এক অনন্য সম্পদ। সিহঁতক সুৰক্ষিত কৰিবলৈ সচেতন হোৱাটো আমাৰ সকলোৰে দায়িত্ব। সাম্প্ৰতিক সময়ত আমাৰ দেশৰ তথা ৰাজ্যৰ বন সুৰক্ষাৰ কথাটো গুৰুত্বপূৰ্ণ হোৱাৰ লগতে বন্য জীৱৰ সুৰক্ষাৰ কথাটোও অতীৱ গুৰুত্বপূৰ্ণ। সেই দিশৰ পৰা অসমত ধোলেৰ উপস্থিতিৰ উমান পোৱাটো ইতিবাচক। পৰৱৰ্তী সময়ত বন বিভাগে এইক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসমৰ কাজিৰঙাৰ ভূ-প্ৰকৃতিলৈ উভতিছে এছিয়াটিক বনৰীয়া কুকুৰঃ এক আলোচনা

Fact Check By: Pranjal Sharma 

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *