তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কত অভিযুক্ত ঘিঁউ যোগানকাৰীৰ সৈতে মিছাকৈ জড়িত পাক কোম্পানীৰ কৰ্মচাৰীৰ প্ৰফাইলৰ স্ক্ৰীণশ্বট।

Communal False

তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কৰ সৈতে জড়িত কোম্পানী এটাৰ কৰ্মচাৰীৰ নামৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই কোম্পানীয়েই তিৰুপতি মন্দিৰৰ প্ৰসাদৰ বাবে ঘিঁউ যোগান ধৰিছিল। ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল এই কেপশ্বনেৰে,”তিৰুপতি মন্দিৰত ঘিঁ যোগান ধৰা কোম্পানী এ আৰ ফুডছৰ বিষয়ববীয়াৰ নাম এয়া”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ২০ চেপ্তেম্বৰত নিউজ১৮ (News18)ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ তিৰুপতি মন্দিৰলৈ ঘিঁউ যোগান ধৰা কোম্পানীসমূহৰ এটাৰ নাম তামিলনাডুৰ ডিণ্ডিগুলৰ “ৰাজ মিল্ক- এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেড(Raaj Milk- AR Dairy Food Private Limited)” বুলি উল্লেখ কৰা হৈছিল, লগতে পৰিচালন সঞ্চালকৰ নাম “ৰাজশেকৰন ৰাজু” বুলি উল্লেখ কৰা হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link 

ইয়াকে সমল হিচাপে লৈ আমি কোম্পানীটোৰ বিতং তথ্য বিচাৰিলোঁ আৰু তেতিয়া ৰাজ মিল্ক(এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেড)ৰ ৱেবছাইটটো পালোঁ। ৱেবছাইটটোৰ মতে ১৯৯৫ চনত প্ৰতিষ্ঠা হোৱা কোম্পানীটোৰ পৰিচালকসকলৰ নাম হ’ল- ৰাজশেকৰণ ৰাজু, সূৰিয়া প্ৰভা আৰ আৰু শ্ৰীনিবাসন এছ আৰ।

২০২৪ চনৰ ২৩ চেপ্টেম্বৰত এ এন আইত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই (FSSAI) “তিৰুপতি প্ৰসাদম” প্ৰস্তুত কৰাৰ বাবে ঘিঁউৰ অন্যতম যোগানকাৰী এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেডক কাৰণ দেখুওৱাৰ জাননী জাৰি কৰিছে। জাননীখনত কোৱা হৈছে যে এ আৰ ডেইৰীৰ পৰীক্ষাৰ বাবে পঠোৱা নমুনাটোৱে পৰিমাপসমূহ পূৰণ কৰিব নোৱাৰিলে…”

এইবাৰ আমি ভাইৰেল স্ক্ৰীণশ্বটত লিখা থকা নামটো, অৰ্থাৎ A.R.Foods (Pvt) Limited, গুগলত বিচাৰিলোঁ। তেতিয়া আমি এটা লিংকড‌ইন(LinkedIn) প্ৰ’ফাইল পালোঁ য’ত উল্লেখ কৰা হৈছিল যে এই কোম্পানীটো পাকিস্তানৰ ইছলামাবাদত অৱস্থিত আৰু ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। 

এইবাৰ আমি কোম্পানীটোৰ কৰ্মচাৰীৰ নাম বিচাৰিলোঁ আৰু তেতিয়া “ৰকেট ছাৰ্চ” নামৰ এটা ৱেবছাইট পালোঁ, য’ত কোম্পানীটোৰ সবিশেষ আৰু কৰ্মচাৰীৰ প্ৰ’ফাইল সন্নিৱিষ্ট কৰা হৈছিল।ৱেবছাইটটোৰ মতে কোম্পানীটো পাকিস্তানৰ ইছলামবাদত অৱস্থিত।

এই ৱেবছাইটটোৰ পৰা কৰ্মচাৰীৰ প্ৰফাইলৰ ভাইৰেল স্ক্ৰীণশ্বটখন লোৱা হৈছিল যদিও ভাইৰেল স্ক্ৰীণশ্বটত কৰ্মচাৰীৰ লোকেশ্বন অংশ মচি পেলোৱা হৈছিল। দুয়োখন ফটোৰ তুলনা তলত চাব পাৰিব।

কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটটো ইয়াত চাব পাৰিব।কোম্পানীটোৱে  “ফুল” ব্ৰেণ্ড নামেৰে মূলতঃ মছলাৰ সৈতে ব্যৱসায় কৰে। 

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে এ.আৰ. ফুডছ (প্ৰাইভেট) লিমিটেড আৰু এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেড দুটা বেলেগ বেলেগ কোম্পানী। সন্দেহৰ আৱৰ্তত থকা কোম্পানীটো হৈছে তামিলনাডুৰ এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেড, পাকিস্তানৰ কোম্পানী এ.আৰ.ফুডছ (প্ৰাইভেট) লিমিটেড নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো মিছা। কৰ্মচাৰীৰ নামৰ ভাইৰেল স্ক্ৰীণশ্বটত  থকা এ আৰ ফুডছ (প্ৰাইভেট) লিমিটেড কোম্পানীটো পাকিস্তানৰ ইছলামাবাদত অৱস্থিত। আনহাতে, তিৰুপতি মন্দিৰৰ প্ৰসাদৰ বাবে ঘিঁউৰ যোগানকাৰীসমূহৰ ভিতৰত সন্দেহৰ আৱৰ্তত থকা কোম্পানীটো হৈছে  এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেড যিটো তামিলনাডুৰ ডিণ্ডিগুলত অৱস্থিত। ভাইৰেল স্ক্ৰীণশ্বটত লোকেশ্বনৰ অংশটো মচি পেলোৱা হৈছে আৰু এ আৰ ডেইৰী ফুড প্ৰাইভেট লিমিটেডৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কত অভিযুক্ত ঘিঁউ যোগানকাৰীৰ সৈতে মিছাকৈ জড়িত পাক কোম্পানীৰ কৰ্মচাৰীৰ প্ৰফাইলৰ স্ক্ৰীণশ্বট।

Fact Check By: Harish Nair 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *