অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Social

অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পোষ্টত লিখা আছে এইদৰে,”চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ শাসনে সৃষ্টি কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰে।”

Facebook Link | Archived Link 

একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ১ ডিচেম্বৰত ডেক্কান হেৰাল্ডত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি অন্ধ্ৰপ্ৰদেশ চৰকাৰে সুশাসনৰ প্ৰসাৰৰ বাবে, ৱাকফ সম্পত্তি সুৰক্ষিত কৰিবলৈ আৰু ব’ৰ্ডখনে দক্ষতাৰে কাম কৰাটো নিশ্চিত কৰিবলৈ অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰে। চৰকাৰী আদেশ (GO)ৰ মতে অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই চৰকাৰক জনাইছিল যে ব’ৰ্ডখন “বৰ্ধিত সময়ৰ বাবে অকাৰ্যকৰী হৈ আছে”, আৰু ব’ৰ্ড গঠন কৰা “আদেশৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰা” ৰিট আবেদন আছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এইবাৰ আমি ২০২৪ চনৰ ১ ডিচেম্বৰত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত অন্ধ্ৰ প্ৰদেশৰ চৰকাৰী আদেশৰ ফটো সংলগ্ন কৰা হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

একেধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সচিব কে হৰ্ষবৰ্ধনৰ অধিসূচনা ইয়াত পঢ়িব পাৰিব।

আমি এক্সত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ফেক্ট চেক হেণ্ডলৰপৰা টুইট কৰা এক স্পষ্টীকৰণ পালোঁ। টুইটটোত লিখা আছিল এইদৰে, “অন্ধ্ৰ প্ৰদেশ ৱাকফ ব’ৰ্ড ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা অকাৰ্যকৰী হৈ থকাৰ বাবে প্ৰশাসনিক স্থবিৰতা দেখা গৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ চিন্তাৰ বাবে G.O. Ms. No. 47 ৰ প্ৰত্যাহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল। ইয়াৰ ভিতৰত ইয়াৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা ১৩খন ৰিট আবেদন, চুন্নী আৰু ছিয়া পণ্ডিতসকলৰ পৰা পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অনুপস্থিতি, প্ৰাক্তন সাংসদসকলক অন্তৰ্ভুক্ত নকৰা, স্বচ্ছ মাপকাঠী অবিহনে কনিষ্ঠ অধিবক্তা নিযুক্তি, কিছুমান সদস্যৰ যোগ্যতাক কেন্দ্ৰ কৰি প্ৰশ্ন কৰা, চলি থকা গোচৰৰ বাবে এজন অধ্যক্ষ নিৰ্বাচন কৰিব নোৱাৰা আদি। এই দোষসমূহ দূৰ কৰাৰ বাবে জি অ’ এ পিয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু অতি সোনকালে নতুন ৱাকফ ব’ৰ্ড গঠন কৰিব (he Andhra Pradesh Waqf Board has remained non-functional since March 2023, leading to a period of administrative stagnation. The withdrawal of G.O. Ms. No. 47 became imperative due to several substantive concerns. These include 13 writ petitions challenging its validity, the absence of adequate representation from Sunni and Shia scholars, the non-inclusion of former MPs, the appointment of junior advocates without transparent criteria, questions surrounding the eligibility of certain members, and the inability to elect a chairman owing to ongoing litigation. The GoAP will take appropriate measures to address these defects and constitute a new Waqf Board at the earliest.)।

অধিক স্পষ্টীকৰণৰ বাবে আমি উত্তৰ-পূব হজ সমিতিৰ অধ্যক্ষ তথা অসম ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অধিবক্তা নেকিবুৰ জামানৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ কয়, “ৱাকফ আইন এক কেন্দ্ৰীয় আইন; এখন ৰাজ্য চৰকাৰে ইয়াক বিলুপ্ত কৰিব নোৱাৰে। ইয়াৰ কাৰ্যকাল ৫ বছৰ, আৰু কাৰ্যকালৰ পিছত নতুন ব’ৰ্ড গঠন হয়। নতুন ব’ৰ্ড গঠন কৰিবলৈ প্ৰতিনিধি থাকে। ৱাকফ ব’ৰ্ড হৈছে এক স্বায়ত্বশাসিত ব’ৰ্ড।” কাৰ্যকাল শেষ হোৱাৰ পাছত বা নিষ্ক্ৰিয় ব’ৰ্ডৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইয়াক ভংগ কৰি নতুন ৱাকফ ব’ৰ্ড পুনৰ গঠন কৰিব পাৰে, কিন্তু ইয়াক বিলুপ্ত কৰিব নোৱাৰে”।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো মিছা। অন্ধ্ৰ প্ৰদেশ চৰকাৰে পুৰণি নিষ্ক্ৰিয় ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰিছে নতুন ৱাকফ ব’ৰ্ড গঠন কৰিবলৈহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰা নাই। অন্ধ্ৰ প্ৰদেশ চৰকাৰে পুৰণি নিষ্ক্ৰিয় ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰিছে নতুন ৱাকফ ব’ৰ্ড গঠন কৰিবলৈহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Written By: Debanjana Baishya  

Result: False