

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লী উত্তাল হৈ পৰিছিল আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল । দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।
এই সময়তে আম আদমী পাৰ্টি (আপ) কাউন্সিলৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে দিল্লীৰ হিংসাত্মক পৰিস্থিতিত তেওঁৰ হাত আছে । ইয়াৰ পাছতেই তেওঁক আপৰ পৰা বহিস্কাৰ কৰা হৈছিল ।
ছচিয়েল মিডিয়াত এই সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে য’ত আমি বহুতো বিভিন্ন ধৰণৰ চুৰি একেলগে গোটাই থোৱা দেখিছোঁ । উক্ত ফটোখন অসমতো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত হাথিয়াৰ বোৰ তাহিৰ হুছেইনৰ উত্তৰঃ পূব দিল্লীস্থ ঘৰৰ পৰা বাজেয়াপ্ত কৰা হৈছে ।
উক্ত ভাইৰেল ফটোখন দেৱজ্যোতি বৰুৱা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা ৬ মাৰ্চ তাৰিখে “দিল্লী আৰক্ষীয়ে AAP ৰ সদস্য #তাহিৰ_হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ বোৰ আচলতে কাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে মজুত কৰা হৈছিল??” বুলি শিৰোনামা দি আপলোড কৰা হৈছে ।
সঁচাকৈ দিল্লী আৰক্ষীয়ে আপৰ সদস্য তাহিৰ হুছেইনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন আচলতে ২০১৬ চনৰে হয় যেতিয়া গুজৰাট আৰক্ষীয়ে এখন হোটেলৰ পৰা চলি থকা এক অবৈধ অস্ত্ৰৰ ব্যৱসায় ধৰা পেলাইছিল ।

এই বিষয়ে আৰু ভালকৈ অনুসন্ধান কৰি আমি পালোঁ যে ৰাজকোট ডিটেক্সন অফ ক্ৰাইম ব্ৰান্স আৰু কুভাদাভা আৰক্ষীৰ সহযোগত এই অবৈধ অস্ত্ৰৰ ভাণ্ডাৰটো ৰাজকোট আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত চটিলাৰ ওচৰত এখন হোটেলৰ পৰা উদ্ধাৰ হৈছিল । ভাইৰেল ফটোত দেখা চুৰি আৰু তৰোৱালবোৰ আন এটা দিশৰ পৰা তোলা কিছু ফটোত গুজৰাট হেডলাইন নিউজৰ ২০১৬ চনৰ এক টুইটত দেখা গৈছে ।

এই বিষয়ে এক বাতৰি আমি টাইমছ অফ ইণ্ডিয়াৰ ৱেবছাইটত দেখা পালোঁ । সবিশেষৰ বাবে ইয়াত পঢ়ক ।

ফলাফল
ভাইৰেল ফটোখনৰ দিল্লীৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এইখন কেইবাবছৰো পুৰণি গুজৰাটৰ এক আৰক্ষীৰ অভিযানৰ সময়ত উদ্ধাৰ কৰা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো ।

Title:এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি?
Fact Check By: Manjori BorkotokyResult: False