শেহতীয়াভাৱে ইণ্টাৰনেটত, বিশেষকৈ টুইটাৰত ভাইৰেল হৈ আছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত আপুনি এখন ওলমা দলঙৰ ওপৰত বহু লোকে ভিৰ কৰা দেখা পাব। ভিডিঅ’টোত এই দৃশ্যটো ভাৰতৰ বুলি দাবী কৰা হৈছে। এনে ওলমা দলঙত ইমানবোৰ মানুহৰ উপস্থিতিৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ভাৰত চৰকাৰক দোষাৰোপ কৰিছে।

ভাইৰেল হোৱা টুইটটোত ব্যৱহাৰকাৰীয়ে কেপছনত লিখিছে, "আমাৰ দেশৰ এই অৱস্থা, যদি দলংখন ভাঙি যায়, তেন্তে দোষ অভিযন্তা আৰু চৰকাৰৰ।"

https://twitter.com/HinduPolitics/status/1668611881345630209

Archived Link

কিন্তু ওলমা সেই দলংখন সঁচাকৈয়ে ভাৰতৰ হয়নে ? দাবীটো সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধান আৰম্ভ হৈছিল এই ভিডিঅ'টো Invid-V Verify নামৰ ব্যৱস্থাৰ জৰিয়তে ভিডিঅ’টো সৰু সৰু কীফ্ৰেমত কাটি লৈ কৰা পৰীক্ষাৰে। সেই অনুসন্ধানৰ ফলত আমি Info Media নামৰ এটা ইউটিউৱ চেনেলত ১৭ এপ্ৰিল ২০২১ তাৰিখে পোষ্ট কৰা একেটা ভিডিঅ' পাইছিলোঁ। ইয়াত দিয়া তথ্যত এই ভিডিঅ'টো নেপালৰ সাংগাৰ বুলি উল্লেখ কৰা আছে।

সেই কথাটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰাসংগিক কিছুমান কী-ৱৰ্ডৰ সহায়ত অধিক অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু একাধিক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা একেধৰণৰ ভিডিঅ' পালোঁ। তেনেকুৱা এটা ভিডিঅ’ আপোনালোকে তলত চাব পাৰিব।

২০২১ চনৰ ২৩ এপ্ৰিলত ষ্টাফ নামৰ ৱেবছাইটটোতত প্ৰকাশিত এক প্ৰতিবেদনতো একেধৰণৰ ভিডিঅ’ প্ৰকাশ কৰা হৈছে, য’ত কোৱা হৈছে যে এই দৃশ্যটো নেপালী নৱবৰ্ষ দিৱসৰ। সেইদিনা সেই দলঙৰ ওপৰেৰ হাজাৰ হাজাৰ মানুহ পাৰ হৈ মন্দিৰলৈ গৈছিল।

তাৰ পাছত আমি গুগলত অধিক কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু সাংগাত অৱস্থিত এই দলং খনৰ আৰু অধিক ফটো বিচাৰিবলৈ চেষ্টা কৰিলোঁ। এই দলঙৰ এই ছবিখন আমি Shutterstock ৰ ৱেবছাইটত প্ৰকাশিত দেখা পালোঁ।

আমি এই দলং খনৰ এখন ফটো গুগল মেপতো পোষ্ট কৰা দেখা পালোঁ। সেই ফটো আপোনালোকে তলত চাব পাৰিব।

ইয়াৰ পৰাই আমি ক’ব পাৰো যে ভাইৰেল ভিডিঅ’টোত দেখা দলং খন ভাৰতৰ নহয়, নেপালৰ হে হয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী মিছা। এই ভিডিঅ'টো ভাৰতৰ নহয়, নেপালৰ চাংগাত অৱস্থিত এখন ওলমা দলঙৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হাজাৰ হাজাৰ মানুহে একেলগে ভিৰ কৰা এই ওলমা দলংখন সঁচাকৈয়ে ভাৰতৰ নে? সত্যটো কি?

Written By: Pranjal Sharma

Result: False