ভাৰতবিৰোধী শ্লোগান শুনি গৌতম গম্ভীৰে দেখুৱাইছিল নেকি অশ্লীল ইংগিত? জানক সত্যতা।  

Altered Social

শেহতীয়াভাৱে সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে দৰ্শকক উদ্দেশ্যি অশ্লীল ইংগিত দিয়া এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বহুতেও সেই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। 

আমি কিছুমান ফেচবুক ব্যৱহাৰকাৰীয়ে গৌতম গম্ভীৰৰ সেই ইংগিতৰ ভিডিঅ’ আপলোড কৰা দেখিলোঁ।

Facebook Link

আন এজন ব্যৱহাৰকাৰীয়ে গৌতম গম্ভীৰ সম্পৰ্কত এই সম্পৰ্কে লিখি ভিডিঅটো আপলোড কৰিছে। লিখিছে- গৌতম গম্ভীৰৰ এই আজি অভদ্ৰ আচৰণৰ বাবে দেশ লজ্জিত।। গৌতম গম্ভীৰ BJP ৰ সাংসদ হোৱাৰ আগত তেখেতক আমি জানিছিলোঁ এজন ভাল cricketer হিচাপে ground ত যত আমাৰ মাতৃভূমিৰ বাবে প্ৰতিনিধিত্ব কৰিছিল।। এতিয়া তেখেতক মানুহে চিনি পাই এজন অভদ্র আচৰণৰ ব্যক্তি হিচাপে যত প্ৰতিনিধিত্ব কৰি আছে BJP চৰকাৰৰ কাৰণে।।

কিমান এজন BJP প্ৰতিনিধিৰ অহংকাৰ হলে এনেকুৱা আচৰণ কৰিব পাৰে ভাবক…..।।

Facebook Link

এই সম্পৰ্কে সংবাদ প্ৰতিস্থান ANIত গৌতম গম্ভীৰৰ মন্তব্যটো আমি পালোঁ। তেওঁ কৈছে যে তেওঁক উদ্দেশ্য কৰি একাংশ দৰ্শকে দেশ বিৰোধী শ্লোগান দিয়া বাবে তেওঁ সেই ইংগিত দিছিল।

ইয়াৰ পাছত আমি অইন সামাজিক মাধ্যমত এই সম্পৰ্কে আৰু অধিক তথ্য পাওঁ নেকি, তাকেই বিচাৰোতে এক্স(পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট পালোঁ। এগৰাকী ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে যে একাংশ দৰ্শকে গৌতম গম্ভীৰক উদ্দেশ্যি ভাৰতবিৰোধী মন্তব্য কৰিছিল। ভাৰত তেৰে তুকড়ে হোংগে বুলি চিঞৰাত গৌতম গম্ভীৰে ক্ৰোধান্বিত হৈ তেনেকৈ অশ্লীল ইংগিত দিছিল বুলি সূচাই প্ৰকৃত ভিডিঅ’ বুলি দাবী কৰি এটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ।

https://twitter.com/Sidha_memer/status/1698733837612978456

কিন্তু সঁচাকৈয়ে দৰ্শকে ভাৰতবিৰোধী মন্তব্য কৰিছিলনে? সত্যটো কি?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি এক্স হেণ্ডেলৰ ভিডিঅ’টো ভালকৈ চালোঁ। দেখিলোঁ যে ভিডিঅ’টোত এটা ৱাটাৰমাৰ্ক দেখা গৈছে। ৱাটাৰমাৰ্কটো ভিডিঅ’টো সৃষ্টি কৰা ব্যৱহাৰকাৰীৰ X হেণ্ডেল @xTriptiৰ। আমি যেতিয়া এই ব্যৱহাৰকাৰীগৰাকীক বিচাৰিলোঁ, আমি তেওঁৰ একাউণ্টটো পাইছিলোঁ যিটো সম্প্ৰতি ডিলিট হৈ গৈছে।

কিন্তু যেতিয়া ভিডিঅ’টো ভাইৰেল হৈছিল, তেতিয়া তেওঁ এটা পোষ্টত স্পষ্ট কৰি দিছিল যে তেওঁ এই ভিডিঅ’টো আনন্দৰ বাবে বনাইছে। তেওঁৰ পোষ্টটোৰ স্ক্ৰীণশ্বট এতিয়াও ছ’চিয়েল মিডিয়াত উপলব্ধ।

আমি ইউটিউবত ‘ভাৰত তেৰে টুকদে হোগে…’ শ্লোগান বিচাৰি কীৱৰ্ড চাৰ্চ কৰিলোঁ। ইয়াৰ ফলত AajTakএ ১৫ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে পোষ্ট কৰা এটা ভিডিঅ’ পালোঁ।ভিডিঅ’টোৰ বৰ্ণনাত কোৱা হৈছে যে, “এবিভিপিয়ে এটা নতুন ভিডিঅ’ মুকলি কৰিছে য’ত দেখা গৈছে যে জেএনইউৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে ৰাষ্ট্ৰ বিৰোধী শ্লোগান চিঞৰিছে বুলি অভিযোগ উঠিছে।” আপোনালোকে ভিডিঅ’টো তলত চাব পাৰিব৷ ভিডিঅ’টোৰ ৩৩ ছেকেণ্ডৰ পাছত ‘ভাৰত তেৰে টুকড়ে হোংগে…’ এই শ্লোগানটো আমি ভাইৰেল ভিডিঅ’টোতো শুনিবলৈ পাওঁ। এইটো স্পষ্ট যে এই অডিঅ’টো মূল ক্লিপটোৰ অডিঅ’ সলনি কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।

এইদৰে ব্যৱহাৰকাৰীয়ে এই ৭ বছৰীয়া ক্লিপটোৰ পৰা অডিঅ’টো লৈ মূল ভিডিঅ’টো সম্পাদনা কৰিছিল। মূল ভিডিঅ’টোত দৰ্শকে ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ নাম উচ্চাৰণ কৰা শুনা যায়। আমি গম্ভীৰক ষ্টেডিয়ামৰ পৰা ওলাই অহা দেখিবলৈ পাওঁ যেতিয়া দৰ্শকে তেওঁক উদ্দেশ্যি ‘কোহলী,কোহলী’ ধ্বনি দিবলৈ আৰম্ভ কৰে। এই ধ্বনিবোৰৰ প্ৰতি গম্ভীৰে অশ্লীল ইংগিত দি প্ৰতিক্ৰিয়া জনায় আৰু তাৰ পাছত খোজ কাঢ়ি গুছি যায়। সম্পাদিত আৰু মূল ভিডিঅ’টোৰ মাজত তুলনা তলত দেখুওৱা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা সংসদ সদস্য গৌতম গম্ভীৰক উদ্দেশ্য কৰি দৰ্শকে ভাৰত বিৰোধী শ্লোগান দিয়া বুলি দাবী কৰা ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত কোনো ভাৰত বিৰোধী ধ্বনি নাই। এজন এক্স ব্যৱহাৰকাৰীয়ে মূল ক্লিপটোৰ অডিঅ’ সম্পাদনা কৰি ৭ বছৰীয়া ভিডিঅ’ এটাৰ অডিঅ’ৰে সলনি কৰি এই ভিডিঅ’টো তৈয়াৰ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰতবিৰোধী শ্লোগান শুনি গৌতম গম্ভীৰে দেখুৱাইছিল নেকি অশ্লীল ইংগিত? জানক সত্যতা।  

Written By: Pranjal Sharma  

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *